--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি তেওঁৰৰ ৪৯ তম জন্মদিন৷ মাজৰাতি প্ৰেমিকে আৱেগভৰা প’ষ্টৰে বিশেষ কৰি তুলিলে তেওঁৰ দিনটো৷অনুৰাগীয়ে শুভেচ্ছাৰে জীপাল হ’ল ছ’চিয়েল মিডিয়া৷ 

 আজি মোহময়ী অভিনেত্ৰী মালাইকা অৰোৰাৰ জন্মদিন৷ অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকে মডেল হিচাপেও মালাইকাৰ বিশেষ পৰিচয় আছে৷ 
প্ৰত্যেক ব্যক্তিৰ বাবে নিজৰ জন্মদিনটো বিশেষ৷ কিন্তু মালাইকাৰ জন্মদিনটো তেওঁৰ উপৰিও বিশেষ হৈ উঠিল অৰ্জুন কাপুৰৰ বাবে৷ প্ৰেমিকাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ অৰ্জুনে ছ’চিয়েল মিডিয়াত আপলোড কৰিলে দুয়োৰে এক অন্তৰংগ ফটো৷ আৱেগভৰা ভাষাৰে লিখিলে, “দ্য য়িন টু মাই য়াং হেপ্পী বাৰ্থডে বেবী জাষ্ট বি ইউ, সুখী হোৱা ,  মোৰ হৈ থাকা...।" 

প্ৰেমিক অৰ্জুন কাপুৰৰ এই শুভেচ্ছাৰ পিছতে মালাইকাৰ জন্মদিনৰ সমান্তৰালভাৱে চৰ্চালৈ আহিছে তেওঁৰ সম্পৰ্কৰ কথাও৷ কেৱল আলোচনাই নহয়, অনুৰাগীসকলে প্ৰশংসাৰে ভৰাই পেলাইছে মালাইকা-অৰ্জুন কাপুৰক৷ উল্লেখযোগ্য যে , মালাইকা আৰু অৰ্জুন কাপুৰৰ মাজত বয়সৰ এক বৃহৎ ব্যৱধান আছে৷ মালাইকাৰ বয়স ৪৯ বছৰ হোৱাৰ বিপৰীতে অৰ্জুন কাপুৰৰ বয়স ৩৭৷ বয়সৰ এই পাৰ্থক্যৰ বাবে প্ৰায়েই এই দুই তাৰকা সমালোচনাৰ সন্মুখীন হৈছিল৷ কিন্তু সমালোচনাই আজিলৈকে স্পৰ্শ কৰিব পৰা নাই দুয়োৰে নিবিড় সম্পৰ্কক৷ সমালোচনাৰ বিপৰীতে দিনে দিনে গাঢ় হৈ পৰিছে মালাইকা -অৰ্জুনৰ সম্পৰ্কৰ টান৷ 

 অৰ্জুন কাপুৰৰ সৈতে মালাইকাৰ সম্পৰ্ক কিছু পুৰণি৷ ২০১৯ চনত এই প্ৰেমিক যুটিয়ে তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল৷ তেতিয়াৰে পৰা কোনো কথা বা কামেই আঁচোৰ পেলাব পৰা নাই তেওঁলোকৰ সম্পৰ্কত৷ প্ৰেমৰ ক্ষেত্ৰত  বয়স যে বাধা নহয় সেইয়া প্ৰমাণ কৰি দিলে মালাইকা -অৰ্জুনে৷ 
 
শেহতীয়াকৈ মালাইকাক অভিনয় জগতত দেখিবলৈ পোৱা নাই যদিও  অৰ্জুন কাপুৰক  পৰৱৰ্তী সময়ত ৰাধিকা মদন, টাবু আৰু কোঙ্কনা সেন শৰ্মাৰ সৈতে আসমান ভৰদ্বাজৰ ডাৰ্ক কমেডি ছবি কুট্টেত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ অভিনেতা ভূমি পেডনেকাৰৰ সৈতে এখন একচন থ্ৰিলাৰ ছবি দ্য লেডী কিলাৰ, আৰু ৰকুল প্ৰীত আৰু ভূমি পেডনেকাৰৰ সৈতে মুদাছাৰ আজিজৰ মেৰী পতনি কাৰ সৈতেও জড়িত হৈ আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু