--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি তেওঁৰৰ ৪৯ তম জন্মদিন৷ মাজৰাতি প্ৰেমিকে আৱেগভৰা প’ষ্টৰে বিশেষ কৰি তুলিলে তেওঁৰ দিনটো৷অনুৰাগীয়ে শুভেচ্ছাৰে জীপাল হ’ল ছ’চিয়েল মিডিয়া৷ 

 আজি মোহময়ী অভিনেত্ৰী মালাইকা অৰোৰাৰ জন্মদিন৷ অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকে মডেল হিচাপেও মালাইকাৰ বিশেষ পৰিচয় আছে৷ 
প্ৰত্যেক ব্যক্তিৰ বাবে নিজৰ জন্মদিনটো বিশেষ৷ কিন্তু মালাইকাৰ জন্মদিনটো তেওঁৰ উপৰিও বিশেষ হৈ উঠিল অৰ্জুন কাপুৰৰ বাবে৷ প্ৰেমিকাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ অৰ্জুনে ছ’চিয়েল মিডিয়াত আপলোড কৰিলে দুয়োৰে এক অন্তৰংগ ফটো৷ আৱেগভৰা ভাষাৰে লিখিলে, “দ্য য়িন টু মাই য়াং হেপ্পী বাৰ্থডে বেবী জাষ্ট বি ইউ, সুখী হোৱা ,  মোৰ হৈ থাকা...।" 

প্ৰেমিক অৰ্জুন কাপুৰৰ এই শুভেচ্ছাৰ পিছতে মালাইকাৰ জন্মদিনৰ সমান্তৰালভাৱে চৰ্চালৈ আহিছে তেওঁৰ সম্পৰ্কৰ কথাও৷ কেৱল আলোচনাই নহয়, অনুৰাগীসকলে প্ৰশংসাৰে ভৰাই পেলাইছে মালাইকা-অৰ্জুন কাপুৰক৷ উল্লেখযোগ্য যে , মালাইকা আৰু অৰ্জুন কাপুৰৰ মাজত বয়সৰ এক বৃহৎ ব্যৱধান আছে৷ মালাইকাৰ বয়স ৪৯ বছৰ হোৱাৰ বিপৰীতে অৰ্জুন কাপুৰৰ বয়স ৩৭৷ বয়সৰ এই পাৰ্থক্যৰ বাবে প্ৰায়েই এই দুই তাৰকা সমালোচনাৰ সন্মুখীন হৈছিল৷ কিন্তু সমালোচনাই আজিলৈকে স্পৰ্শ কৰিব পৰা নাই দুয়োৰে নিবিড় সম্পৰ্কক৷ সমালোচনাৰ বিপৰীতে দিনে দিনে গাঢ় হৈ পৰিছে মালাইকা -অৰ্জুনৰ সম্পৰ্কৰ টান৷ 

 অৰ্জুন কাপুৰৰ সৈতে মালাইকাৰ সম্পৰ্ক কিছু পুৰণি৷ ২০১৯ চনত এই প্ৰেমিক যুটিয়ে তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল৷ তেতিয়াৰে পৰা কোনো কথা বা কামেই আঁচোৰ পেলাব পৰা নাই তেওঁলোকৰ সম্পৰ্কত৷ প্ৰেমৰ ক্ষেত্ৰত  বয়স যে বাধা নহয় সেইয়া প্ৰমাণ কৰি দিলে মালাইকা -অৰ্জুনে৷ 
 
শেহতীয়াকৈ মালাইকাক অভিনয় জগতত দেখিবলৈ পোৱা নাই যদিও  অৰ্জুন কাপুৰক  পৰৱৰ্তী সময়ত ৰাধিকা মদন, টাবু আৰু কোঙ্কনা সেন শৰ্মাৰ সৈতে আসমান ভৰদ্বাজৰ ডাৰ্ক কমেডি ছবি কুট্টেত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ অভিনেতা ভূমি পেডনেকাৰৰ সৈতে এখন একচন থ্ৰিলাৰ ছবি দ্য লেডী কিলাৰ, আৰু ৰকুল প্ৰীত আৰু ভূমি পেডনেকাৰৰ সৈতে মুদাছাৰ আজিজৰ মেৰী পতনি কাৰ সৈতেও জড়িত হৈ আছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক