--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সম্প্ৰতি আলিয়া ভট্টই বলীউডত ১০ বছৰ সম্পূৰ্ণ কৰিছে। মহেশ ভট্টৰ কন্যাই এই উদ্যোগত প্ৰৱেশ কৰে কৰণ জোহৰৰ ‘বছৰৰ ছাত্ৰ’ ছবিখনেৰে। সকলোৱে জানে যে বলীউডত আলিয়াক সুযোগ দিছিল কৰ্ণেই, কিন্তু সেই সুযোগ নাপালে আলিয়াৰ ভাগ্য কোন দিশলৈ গতি কৰিলেহেঁতেন৷ কাৰণ তেওঁক লৈ পৰিয়ালত অন্য পৰিকল্পনাহে আছিল।

 শেহতীয়াকৈ ইনষ্টাগ্ৰামত মাতৃ ছোনী ৰাজদানে এটা পোষ্ট কৰি কন্যাই বলীউডত ১০ বছৰ সম্পূৰ্ণ কৰাৰ কথা সদৰী কৰে আৰু তেওঁলোকে আলিয়াৰ বাবে কি পৰিকল্পনা কৰিছিল সেই কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে। মাতৃয়ে লিখিছে, ‘তেতিয়া আলিয়াই বিদেশত পঢ়িবলৈ যোৱাৰ প্ৰস্তুতি চলাই আছিল। আমি কেতিয়াও সপোনতো ভবা নাছিলো যে তেওঁ চিনেমাত অভিনয় কৰিব। প্ৰথমতে আমি ভাবিছিলো যে তেওঁক প্ৰথমে অভিনয়ৰ বাবে অধ্যয়ন কৰিবলৈ বিদেশলৈ পঠিয়াওৱা কথা। পাছতহে আলিয়াই ঘূৰি আহি অভিনয়ৰ সুযোগ লাভ কৰিব।

 পোষ্টটোত ছোনীয়ে লগতে উল্লেখ কৰিছে যে ‘কৰণে সুযোগ নিদিলে আলিয়াৰ কেৰিয়াৰে আজি বেলেগ পথে গতি কৰিলেহেঁতেন। ছোনীয়ে লিখিছে, ‘আমাৰ কণমানি আলিয়াক অডিচন লৈ সুবিধা দিয়াৰ বাবে কৰ্ণক অশেষ ধন্যবাদ। আলিয়াৰ বাবে মই ইমানেই সুখী যে তাই আপোনাক গুৰু, বেষ্ট ফ্ৰেণ্ড আৰু অভিভাৱক হিচাপে লৈছে।’

 আলিয়া এতিয়া গৰ্ভৱতী। কাপুৰ আৰু ভট্ট পৰিয়ালৰ দৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও আগ্ৰহেৰে অপেক্ষা কৰি আছে এই সুখবৰটোৰ বাবে। অহা বছৰ মুক্তি পাব ৰণবীৰ সিঙৰ সৈতে ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’। আলিয়াই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ছবি ‘হাৰ্ট অব ষ্টোন’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু