--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সম্প্ৰতি আলিয়া ভট্টই বলীউডত ১০ বছৰ সম্পূৰ্ণ কৰিছে। মহেশ ভট্টৰ কন্যাই এই উদ্যোগত প্ৰৱেশ কৰে কৰণ জোহৰৰ ‘বছৰৰ ছাত্ৰ’ ছবিখনেৰে। সকলোৱে জানে যে বলীউডত আলিয়াক সুযোগ দিছিল কৰ্ণেই, কিন্তু সেই সুযোগ নাপালে আলিয়াৰ ভাগ্য কোন দিশলৈ গতি কৰিলেহেঁতেন৷ কাৰণ তেওঁক লৈ পৰিয়ালত অন্য পৰিকল্পনাহে আছিল।

 শেহতীয়াকৈ ইনষ্টাগ্ৰামত মাতৃ ছোনী ৰাজদানে এটা পোষ্ট কৰি কন্যাই বলীউডত ১০ বছৰ সম্পূৰ্ণ কৰাৰ কথা সদৰী কৰে আৰু তেওঁলোকে আলিয়াৰ বাবে কি পৰিকল্পনা কৰিছিল সেই কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে। মাতৃয়ে লিখিছে, ‘তেতিয়া আলিয়াই বিদেশত পঢ়িবলৈ যোৱাৰ প্ৰস্তুতি চলাই আছিল। আমি কেতিয়াও সপোনতো ভবা নাছিলো যে তেওঁ চিনেমাত অভিনয় কৰিব। প্ৰথমতে আমি ভাবিছিলো যে তেওঁক প্ৰথমে অভিনয়ৰ বাবে অধ্যয়ন কৰিবলৈ বিদেশলৈ পঠিয়াওৱা কথা। পাছতহে আলিয়াই ঘূৰি আহি অভিনয়ৰ সুযোগ লাভ কৰিব।

 পোষ্টটোত ছোনীয়ে লগতে উল্লেখ কৰিছে যে ‘কৰণে সুযোগ নিদিলে আলিয়াৰ কেৰিয়াৰে আজি বেলেগ পথে গতি কৰিলেহেঁতেন। ছোনীয়ে লিখিছে, ‘আমাৰ কণমানি আলিয়াক অডিচন লৈ সুবিধা দিয়াৰ বাবে কৰ্ণক অশেষ ধন্যবাদ। আলিয়াৰ বাবে মই ইমানেই সুখী যে তাই আপোনাক গুৰু, বেষ্ট ফ্ৰেণ্ড আৰু অভিভাৱক হিচাপে লৈছে।’

 আলিয়া এতিয়া গৰ্ভৱতী। কাপুৰ আৰু ভট্ট পৰিয়ালৰ দৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও আগ্ৰহেৰে অপেক্ষা কৰি আছে এই সুখবৰটোৰ বাবে। অহা বছৰ মুক্তি পাব ৰণবীৰ সিঙৰ সৈতে ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’। আলিয়াই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ছবি ‘হাৰ্ট অব ষ্টোন’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement