--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অভিনেতা বিনোদ খান্নাই খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ছবিত কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু অতি সোনকালেই তেওঁ বলীউডৰ সুদৰ্শন নায়কৰ তালিকাত অন্তৰ্ভুক্ত হ’ল। কেৰিয়াৰত ডেৰশৰো অধিক ছবিত কাম কৰা বিনোদ খান্নাৰ প্ৰেমত পৰিছিল হাজাৰ হাজাৰ ছোৱালী। বলীউডৰ বহু অভিনেত্ৰীয়েও তেওঁৰ প্ৰেমত পৰিছিল,  ইয়াৰ ভিতৰত অমৃতা সিং আছিল অন্যতম। ১৯৮৭ চনত বিনোদ খান্নাই ওশোৰ আশ্ৰমৰ পৰা সন্ন্যাসী হিচাপে জীৱন অতিবাহিত কৰি পুনৰ প্ৰত্যাৱৰ্তন ঘটায়। ১৯৯০ চনত বিনোদ খান্নাই অমৃতা সিঙৰ সৈতে এখন চিনেমাত চুক্তিবদ্ধ কৰে। এইখিনিতে দুয়োৰে মাজত মিলা-মিছা বৃদ্ধি পায়।

 অমৃতা সিঙে সেই সময়ত ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল আৰু তাৰ পাছত এবাৰ অমৃতাই ধেমালিতে ক’লে যে অতি সোনকালে বিনোদ খান্নাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব। এই কথা শুনি ৰবি শাস্ত্ৰীয়ে ক্ষুব্ধ হৈ ক’লে যে ‘তুমি যিমানেই চেষ্টা নকৰা কিয় কেতিয়াও বিনোদৰ লগত তোমাৰ প্ৰেমৰ সম্পৰ্ক হ’ব নোৱাৰে। ৰবি শাস্ত্ৰীৰ এই কথাই অমৃতা সিঙৰ হৃদয়ত প্ৰভাৱ পেলায়। তাৰ পাছত অমৃতাই তাক প্ৰত্যাহ্বান হিচাপে লৈছিল। অমৃতাই যেতিয়াই সুযোগ পায় তেতিয়াই বিনোদ খান্নাৰ লগ কৰিবলৈ আৰম্ভ কৰে।

প্ৰথম অৱস্থাত বিনোদ খান্নাই অমৃতাক লক্ষ্য কৰা নাছিল। কিন্তু লাহে লাহে দুয়োৰে মাজত প্ৰেম বাঢ়িবলৈ ধৰিলে। শ্বুটিঙৰ পাছতো দুয়োজনে ইজনে-সিজনক লগ কৰিবলৈ ধৰিলে আৰু এই বন্ধুত্ব গভীৰ হৈ পৰিল। কিন্তু এই খবৰ পালেগৈ অমৃতা সিঙৰ মাতৃ ৰুখছানা চুলতানলৈ। তেওঁ দুয়োৰে সম্পৰ্কত কঠোৰ হৈ পৰে, বিনোদ খান্নাৰ অমৃতা সিঙৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। বিনোদ খান্নাই ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ব্যস্ত হৈ পৰাৰ বিপৰীতে অমৃতা সিঙে ছাইফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী