--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অভিনেতা বিনোদ খান্নাই খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ছবিত কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু অতি সোনকালেই তেওঁ বলীউডৰ সুদৰ্শন নায়কৰ তালিকাত অন্তৰ্ভুক্ত হ’ল। কেৰিয়াৰত ডেৰশৰো অধিক ছবিত কাম কৰা বিনোদ খান্নাৰ প্ৰেমত পৰিছিল হাজাৰ হাজাৰ ছোৱালী। বলীউডৰ বহু অভিনেত্ৰীয়েও তেওঁৰ প্ৰেমত পৰিছিল,  ইয়াৰ ভিতৰত অমৃতা সিং আছিল অন্যতম। ১৯৮৭ চনত বিনোদ খান্নাই ওশোৰ আশ্ৰমৰ পৰা সন্ন্যাসী হিচাপে জীৱন অতিবাহিত কৰি পুনৰ প্ৰত্যাৱৰ্তন ঘটায়। ১৯৯০ চনত বিনোদ খান্নাই অমৃতা সিঙৰ সৈতে এখন চিনেমাত চুক্তিবদ্ধ কৰে। এইখিনিতে দুয়োৰে মাজত মিলা-মিছা বৃদ্ধি পায়।

 অমৃতা সিঙে সেই সময়ত ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল আৰু তাৰ পাছত এবাৰ অমৃতাই ধেমালিতে ক’লে যে অতি সোনকালে বিনোদ খান্নাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব। এই কথা শুনি ৰবি শাস্ত্ৰীয়ে ক্ষুব্ধ হৈ ক’লে যে ‘তুমি যিমানেই চেষ্টা নকৰা কিয় কেতিয়াও বিনোদৰ লগত তোমাৰ প্ৰেমৰ সম্পৰ্ক হ’ব নোৱাৰে। ৰবি শাস্ত্ৰীৰ এই কথাই অমৃতা সিঙৰ হৃদয়ত প্ৰভাৱ পেলায়। তাৰ পাছত অমৃতাই তাক প্ৰত্যাহ্বান হিচাপে লৈছিল। অমৃতাই যেতিয়াই সুযোগ পায় তেতিয়াই বিনোদ খান্নাৰ লগ কৰিবলৈ আৰম্ভ কৰে।

প্ৰথম অৱস্থাত বিনোদ খান্নাই অমৃতাক লক্ষ্য কৰা নাছিল। কিন্তু লাহে লাহে দুয়োৰে মাজত প্ৰেম বাঢ়িবলৈ ধৰিলে। শ্বুটিঙৰ পাছতো দুয়োজনে ইজনে-সিজনক লগ কৰিবলৈ ধৰিলে আৰু এই বন্ধুত্ব গভীৰ হৈ পৰিল। কিন্তু এই খবৰ পালেগৈ অমৃতা সিঙৰ মাতৃ ৰুখছানা চুলতানলৈ। তেওঁ দুয়োৰে সম্পৰ্কত কঠোৰ হৈ পৰে, বিনোদ খান্নাৰ অমৃতা সিঙৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। বিনোদ খান্নাই ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ব্যস্ত হৈ পৰাৰ বিপৰীতে অমৃতা সিঙে ছাইফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক