--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহি:ৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ সঘন মৃত্যুৱে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। সপোনৰ সোপান বগাই বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থীসকলৰ সঘনাই অহা মৃত্যুৰ খবৰে অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে৷

ভাৰতীয় শিক্ষাৰ্থীসকলৰ একাংশই শেহতীয়াকৈ বিদেশত হত্যাৰ বলি হৈছে৷ আনহাতে, একাংশৰ মৃত্যুৰ কাৰণ এতিয়াও অজ্ঞাত৷ ভাৰত চৰকাৰে ২০১৮ চনৰ পৰা বিদেশত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰি আহিছে। কাৰণ যিয়েই নহওক, মুঠৰ ওপৰত যোৱা পাঁচ বছৰত প্ৰায় ৪০৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশত মৃত্যু হৈছে বুলি সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সদৰী কৰে৷

জয়শংকৰে কয় যে বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কল্যাণ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। ২০১৮ চনৰ পৰা বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ মুঠ ৪০৩টা ঘটনা প্ৰাকৃতিক কাৰণ, দুৰ্ঘটনা আৰু চিকিৎসাজনিত পৰিস্থিতিকে ধৰি বিভিন্ন কাৰণত প্ৰতিবেদিত হৈছে, যাৰ ভিতৰত কানাডা ৯১টা ঘটনাৰ সৈতে তালিকাৰ শীৰ্ষত আছে বুলি চৰকাৰে শুকুৰবাৰে লোকসভাত তথ্য প্ৰকাশ কৰে৷ কানাডাৰ পাছত ব্ৰিটেইনত ৪৮গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে৷ 

জয়শংকৰে বিদেশত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি লগতে কয়, বিদেশত থকা ভাৰতীয় মিছন/পদসমূহে ভাৰতীয় শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা যিকোনো সমস্যাৰ প্ৰতি সঁহাৰি দিয়ে।
 
২০১৮ চনৰ পৰা বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ দেশ অনুসৰি বিৱৰণৰ তথ্যই দেখুৱাইছে যে ৯১টা ঘটনাৰ সৈতে কানাডা তালিকাৰ শীৰ্ষত আছে৷ ইয়াৰ পাছত ব্ৰিটেইনত ৪৮, ৰাছিয়াত ৪০, আমেৰিকা যুক্তৰাষ্ট্ৰত ৩৬, অষ্ট্ৰেলিয়াত ৩৫, ইউক্ৰেইনত ২১ আৰু জাৰ্মানীত ২০ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। তথ্য অনুসৰি চাইপ্ৰাছত ১৪ গৰাকী, ফিলিপাইনছ আৰু ইটালীত ১০গৰাকীকৈ আৰু কাটাৰ, চীন আৰু কিৰগিজস্তানত ৯গৰাকীকৈ ভাৰতীয় শিক্ষাৰ্থী নিহত হৈছিল। প্ৰতিখন দেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ বিভিন্ন কাৰণ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু