--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহি:ৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ সঘন মৃত্যুৱে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। সপোনৰ সোপান বগাই বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থীসকলৰ সঘনাই অহা মৃত্যুৰ খবৰে অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে৷

ভাৰতীয় শিক্ষাৰ্থীসকলৰ একাংশই শেহতীয়াকৈ বিদেশত হত্যাৰ বলি হৈছে৷ আনহাতে, একাংশৰ মৃত্যুৰ কাৰণ এতিয়াও অজ্ঞাত৷ ভাৰত চৰকাৰে ২০১৮ চনৰ পৰা বিদেশত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰি আহিছে। কাৰণ যিয়েই নহওক, মুঠৰ ওপৰত যোৱা পাঁচ বছৰত প্ৰায় ৪০৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশত মৃত্যু হৈছে বুলি সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সদৰী কৰে৷

জয়শংকৰে কয় যে বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কল্যাণ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। ২০১৮ চনৰ পৰা বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ মুঠ ৪০৩টা ঘটনা প্ৰাকৃতিক কাৰণ, দুৰ্ঘটনা আৰু চিকিৎসাজনিত পৰিস্থিতিকে ধৰি বিভিন্ন কাৰণত প্ৰতিবেদিত হৈছে, যাৰ ভিতৰত কানাডা ৯১টা ঘটনাৰ সৈতে তালিকাৰ শীৰ্ষত আছে বুলি চৰকাৰে শুকুৰবাৰে লোকসভাত তথ্য প্ৰকাশ কৰে৷ কানাডাৰ পাছত ব্ৰিটেইনত ৪৮গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে৷ 

জয়শংকৰে বিদেশত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি লগতে কয়, বিদেশত থকা ভাৰতীয় মিছন/পদসমূহে ভাৰতীয় শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা যিকোনো সমস্যাৰ প্ৰতি সঁহাৰি দিয়ে।
 
২০১৮ চনৰ পৰা বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ দেশ অনুসৰি বিৱৰণৰ তথ্যই দেখুৱাইছে যে ৯১টা ঘটনাৰ সৈতে কানাডা তালিকাৰ শীৰ্ষত আছে৷ ইয়াৰ পাছত ব্ৰিটেইনত ৪৮, ৰাছিয়াত ৪০, আমেৰিকা যুক্তৰাষ্ট্ৰত ৩৬, অষ্ট্ৰেলিয়াত ৩৫, ইউক্ৰেইনত ২১ আৰু জাৰ্মানীত ২০ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। তথ্য অনুসৰি চাইপ্ৰাছত ১৪ গৰাকী, ফিলিপাইনছ আৰু ইটালীত ১০গৰাকীকৈ আৰু কাটাৰ, চীন আৰু কিৰগিজস্তানত ৯গৰাকীকৈ ভাৰতীয় শিক্ষাৰ্থী নিহত হৈছিল। প্ৰতিখন দেশত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ বিভিন্ন কাৰণ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক