--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৃত্যুক লৈও লীলাখেলা মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ৷ মূলতঃ জৰায়ু কৰ্কটৰ সজাগতা সৃষ্টিৰ বাবে এদিন পূৰ্বে মৃত্যুবৰণ কৰি এদিন পাছতেই পুনৰ্জন্ম পালে পুনমে! 


পুনম পাণ্ডেৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গভীৰ হৈ পৰিছিল তেওঁৰ মৃত্যু-ৰহস্য৷ এয়া কৰ্কট ৰোগ নহয়, এয়া অন্য কিবা। শেহতীয়াকৈ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া পুনমৰ নিৰাপত্তাৰক্ষীৰ এটা সাক্ষাৎকাৰে নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷


পুনমৰ নিৰাপত্তাৰক্ষী আমিন খানে কয় যে তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে ১০বছৰ ধৰি কাম কৰি আছে। কিন্তু পুনমে তেওঁক কেতিয়াও অসুস্থতাৰ বিষয়ে একো কোৱা নাছিল। আমিনে আনকি অভিনেত্ৰীগৰাকীক তেওঁৰ মৃত্যুৰ খবৰ ওলোৱাৰ তিনি-চাৰি দিন পূৰ্বে লগো পাইছিল। 

পুনম পাণ্ডেৰ নিৰাপত্তাৰক্ষী আমিনে কয়, মই তেওঁক শেষবাৰৰ বাবে ২৯ জানুৱাৰীত লগ পাইছিলো। তেওঁ ৰোহিত বাৰ্মাৰ সৈতে ফটোশ্বুটৰ বাবে মুম্বাইলৈ গৈছিল। উভতি যাওঁতে, ময়েই মেডামক ঘৰলৈ লৈ গৈছিলো। কিন্তু যেতিয়া আমি আহি পালোঁ, গৃহৰক্ষীজনে আমাক কাকোৱেই ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে। 

আমিনে লগতে কয় যে পুনমৰ ভগ্নীকে ধৰি পৰিয়ালৰ কোনো সদস্যৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল, তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পাছতো। আমিনে দাবী কৰিছিল যে পুনমৰ পৰিয়ালৰ কোনেও ফোনটো তুলি লোৱা নাই। তেওঁ কৈছিল যে পুনমৰ মৃত্যুৰ বিষয়ে শুনি তেওঁ প্ৰথমে হতবাক হৈছিল। আমিনে এই বাতৰিটোৰ সত্যতা সম্পৰ্কে পিছলৈ সন্দেহ প্ৰকাশ কৰে।

পুনমৰ মৃত্যুৰ খবৰৰ আঁৰৰ ৰহস্য বাঢ়ি গৈ আছে। শুকুৰবাৰে সন্ধিয়া, ‘জুম টিভি’য়ে অন্য এটা দাবী কৰিছিল। পুনম জৰায়ু কৰ্কটৰ বাবে নহয়, কিন্তু অত্যধিক ঔষধ সেৱনৰ বাবেহে মৃত্যুবৰণ কৰিছিল। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে কেনে ধৰণৰ ঔষধ সেৱন কৰিছিল সেয়া এতিয়াও জনা হোৱা নাই।

আনহাতে, টীম পুনমৰ সদস্যসকলে কয় যে তেওঁলোকে অভিনেত্ৰীগৰাকীৰ ভগ্নীৰ জৰিয়তে পুনমৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। তেতিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল পুনমৰ মৃত্যুৰ ভুৱা খবৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু