--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মৃত্যুক লৈও লীলাখেলা মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ৷ মূলতঃ জৰায়ু কৰ্কটৰ সজাগতা সৃষ্টিৰ বাবে এদিন পূৰ্বে মৃত্যুবৰণ কৰি এদিন পাছতেই পুনৰ্জন্ম পালে পুনমে! 


পুনম পাণ্ডেৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গভীৰ হৈ পৰিছিল তেওঁৰ মৃত্যু-ৰহস্য৷ এয়া কৰ্কট ৰোগ নহয়, এয়া অন্য কিবা। শেহতীয়াকৈ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া পুনমৰ নিৰাপত্তাৰক্ষীৰ এটা সাক্ষাৎকাৰে নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷


পুনমৰ নিৰাপত্তাৰক্ষী আমিন খানে কয় যে তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে ১০বছৰ ধৰি কাম কৰি আছে। কিন্তু পুনমে তেওঁক কেতিয়াও অসুস্থতাৰ বিষয়ে একো কোৱা নাছিল। আমিনে আনকি অভিনেত্ৰীগৰাকীক তেওঁৰ মৃত্যুৰ খবৰ ওলোৱাৰ তিনি-চাৰি দিন পূৰ্বে লগো পাইছিল। 

পুনম পাণ্ডেৰ নিৰাপত্তাৰক্ষী আমিনে কয়, মই তেওঁক শেষবাৰৰ বাবে ২৯ জানুৱাৰীত লগ পাইছিলো। তেওঁ ৰোহিত বাৰ্মাৰ সৈতে ফটোশ্বুটৰ বাবে মুম্বাইলৈ গৈছিল। উভতি যাওঁতে, ময়েই মেডামক ঘৰলৈ লৈ গৈছিলো। কিন্তু যেতিয়া আমি আহি পালোঁ, গৃহৰক্ষীজনে আমাক কাকোৱেই ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে। 

আমিনে লগতে কয় যে পুনমৰ ভগ্নীকে ধৰি পৰিয়ালৰ কোনো সদস্যৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল, তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পাছতো। আমিনে দাবী কৰিছিল যে পুনমৰ পৰিয়ালৰ কোনেও ফোনটো তুলি লোৱা নাই। তেওঁ কৈছিল যে পুনমৰ মৃত্যুৰ বিষয়ে শুনি তেওঁ প্ৰথমে হতবাক হৈছিল। আমিনে এই বাতৰিটোৰ সত্যতা সম্পৰ্কে পিছলৈ সন্দেহ প্ৰকাশ কৰে।

পুনমৰ মৃত্যুৰ খবৰৰ আঁৰৰ ৰহস্য বাঢ়ি গৈ আছে। শুকুৰবাৰে সন্ধিয়া, ‘জুম টিভি’য়ে অন্য এটা দাবী কৰিছিল। পুনম জৰায়ু কৰ্কটৰ বাবে নহয়, কিন্তু অত্যধিক ঔষধ সেৱনৰ বাবেহে মৃত্যুবৰণ কৰিছিল। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে কেনে ধৰণৰ ঔষধ সেৱন কৰিছিল সেয়া এতিয়াও জনা হোৱা নাই।

আনহাতে, টীম পুনমৰ সদস্যসকলে কয় যে তেওঁলোকে অভিনেত্ৰীগৰাকীৰ ভগ্নীৰ জৰিয়তে পুনমৰ মৃত্যুৰ খবৰ লাভ কৰিছিল। তেতিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল পুনমৰ মৃত্যুৰ ভুৱা খবৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক