--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন আয়োগে ইলেক্ট’ৰেল বণ্ডৰ তথ্য প্ৰকাশ কৰাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ দাতাৰ তালিকাৰ শীৰ্ষত আছে কেইবাটাও প্ৰতিষ্ঠান৷ তালিকাত আছে পিৰামল, লক্ষ্মী মিট্টাল, এপল’ টায়াৰ্ছৰ নাম৷ PVR, ভাৰতী এয়াৰটেল, DLF আদিৰো নাম আছে দাতাৰ তালিকাত৷ 

ফিউচাৰ গেমিং নামৰ প্ৰতিষ্ঠানে ক্ৰয় কৰিছিল সৰ্বাধিক বণ্ড৷ ১,৩৬৮ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰিছিল প্ৰতিষ্ঠানটোৱে৷ মেঘা ইঞ্জিনিয়াৰিঙে ক্ৰয় কৰিছিল ৯৮০ কোটিৰ বণ্ড৷ ইলেক্ট’ৰেল বণ্ডৰ পুঁজি লাভৰ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টী৷ আৰু সেইবাবেই দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছে বিজেপি৷ তদন্তকাৰী সংস্থাসমূহে বিভিন্ন সময়ত তালাচী চলোৱা প্ৰতিষ্ঠানসমূহেও বিজেপিক অনুদান দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বিজেপিৰ প্ৰতি উত্থাপন কৰা অভিযোগৰ আজি প্ৰত্যুত্তৰ দিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ সীতাৰমণে শুকুৰবাৰে কয়, এইটো মাত্ৰ এটা ধাৰণাহে যে ইডিৰ অভিযানৰ পাছত টকা দিয়া হৈছিল৷ 

আৰু সীতাৰমণৰ এই মন্তব্যক উভতি ধৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ শুকুৰবাৰে এক্সত জয়ৰাম ৰমেশে সীতাৰমণক দাতা আৰু হিতাধিকাৰী ৰাজনৈতিক দলসমূহক প্ৰকাশ কৰিবলৈ ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য মুকলি কৰাটো নিশ্চিত কৰিবলৈ কৈছিল।
 
জয়ৰাম ৰমেশে কয়, বিত্তমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানসমূহৰ ওপৰত ইডি/চিবিআই/আইটি অভিযান আৰু বিজেপিলৈ তেওঁলোকৰ পৰৱৰ্তী অনুদানৰ মাজৰ সম্পৰ্ক অনুমানৰ ওপৰত আধাৰিত। যদি এই ধাৰণাবোৰ অসত্য হয়, তেন্তে আমি তেওঁক কোনে কোনটো ৰাজনৈতিক দলক কিমান দান কৰিছিল তাৰ সম্পূৰ্ণ তথ্য মুকলি কৰিবলৈ আহ্বান জনাইছোঁ।

কংগ্ৰেছ নেতাজনে ইলেক্ট’ৰেল বণ্ডক লৈ হোৱা বিতৰ্কক কেলেংকাৰী বুলি অভিহিত কৰে আৰু সংগঠন, ৰাজনৈতিক নেতা আদিৰ ওপৰত ইডিৰ অভিযানক সমালোচনা কৰে।

উল্লেখযোগ্য যে ‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক বাৰ্তালাপত সীতাৰমণে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ দ্বাৰা প্ৰতিষ্ঠানসমূহৰ ওপৰত চলোৱা অভিযান আৰু নিৰ্বাচনী বণ্ডলৈ তেওঁলোকৰ পৰৱৰ্তী অনুদানৰ মাজৰ সম্পৰ্কক লৈ হোৱা জল্পনা-কল্পনাক ‘অনুমান’ বুলি অভিহিত কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement