--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন আয়োগে ইলেক্ট’ৰেল বণ্ডৰ তথ্য প্ৰকাশ কৰাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ দাতাৰ তালিকাৰ শীৰ্ষত আছে কেইবাটাও প্ৰতিষ্ঠান৷ তালিকাত আছে পিৰামল, লক্ষ্মী মিট্টাল, এপল’ টায়াৰ্ছৰ নাম৷ PVR, ভাৰতী এয়াৰটেল, DLF আদিৰো নাম আছে দাতাৰ তালিকাত৷ 

ফিউচাৰ গেমিং নামৰ প্ৰতিষ্ঠানে ক্ৰয় কৰিছিল সৰ্বাধিক বণ্ড৷ ১,৩৬৮ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰিছিল প্ৰতিষ্ঠানটোৱে৷ মেঘা ইঞ্জিনিয়াৰিঙে ক্ৰয় কৰিছিল ৯৮০ কোটিৰ বণ্ড৷ ইলেক্ট’ৰেল বণ্ডৰ পুঁজি লাভৰ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টী৷ আৰু সেইবাবেই দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছে বিজেপি৷ তদন্তকাৰী সংস্থাসমূহে বিভিন্ন সময়ত তালাচী চলোৱা প্ৰতিষ্ঠানসমূহেও বিজেপিক অনুদান দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বিজেপিৰ প্ৰতি উত্থাপন কৰা অভিযোগৰ আজি প্ৰত্যুত্তৰ দিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ সীতাৰমণে শুকুৰবাৰে কয়, এইটো মাত্ৰ এটা ধাৰণাহে যে ইডিৰ অভিযানৰ পাছত টকা দিয়া হৈছিল৷ 

আৰু সীতাৰমণৰ এই মন্তব্যক উভতি ধৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ শুকুৰবাৰে এক্সত জয়ৰাম ৰমেশে সীতাৰমণক দাতা আৰু হিতাধিকাৰী ৰাজনৈতিক দলসমূহক প্ৰকাশ কৰিবলৈ ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য মুকলি কৰাটো নিশ্চিত কৰিবলৈ কৈছিল।
 
জয়ৰাম ৰমেশে কয়, বিত্তমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠানসমূহৰ ওপৰত ইডি/চিবিআই/আইটি অভিযান আৰু বিজেপিলৈ তেওঁলোকৰ পৰৱৰ্তী অনুদানৰ মাজৰ সম্পৰ্ক অনুমানৰ ওপৰত আধাৰিত। যদি এই ধাৰণাবোৰ অসত্য হয়, তেন্তে আমি তেওঁক কোনে কোনটো ৰাজনৈতিক দলক কিমান দান কৰিছিল তাৰ সম্পূৰ্ণ তথ্য মুকলি কৰিবলৈ আহ্বান জনাইছোঁ।

কংগ্ৰেছ নেতাজনে ইলেক্ট’ৰেল বণ্ডক লৈ হোৱা বিতৰ্কক কেলেংকাৰী বুলি অভিহিত কৰে আৰু সংগঠন, ৰাজনৈতিক নেতা আদিৰ ওপৰত ইডিৰ অভিযানক সমালোচনা কৰে।

উল্লেখযোগ্য যে ‘ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এক বাৰ্তালাপত সীতাৰমণে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ দ্বাৰা প্ৰতিষ্ঠানসমূহৰ ওপৰত চলোৱা অভিযান আৰু নিৰ্বাচনী বণ্ডলৈ তেওঁলোকৰ পৰৱৰ্তী অনুদানৰ মাজৰ সম্পৰ্কক লৈ হোৱা জল্পনা-কল্পনাক ‘অনুমান’ বুলি অভিহিত কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু