--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পানীত তিয়াই থোৱা আখৰোট খালে ই সহজে হজম হয় আৰু শৰীৰে ভালদৰে শোষণ কৰে। কেৱল এয়াই নহয়, এই শুকান ফলটো তিয়াই থোৱাৰ পিছত খালে ইয়াৰ পৰা পোৱা পুষ্টিকৰ উপাদানবোৰ আৰু অধিক ফলপ্ৰসূ হৈ পৰে।

ডিজিটেল ডেস্কঃ সুস্থ শৰীৰ আৰু মনৰ বাবে সঠিক খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। আমাৰ খাদ্যত থকা কিছুমান সহজ আৰু পুষ্টিকৰ বস্তুৱে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰে এটা হ’ল আখৰোট, যিটোক ছুপাৰফুড বুলি গণ্য কৰা হয়। বিশেষ কথাটো হ’ল আখৰোট তিয়াই থোৱাৰ পিছত যদি খোৱা হয়, তেন্তে ইয়াৰ উপকাৰিতা আৰু অধিক বৃদ্ধি পায়।


পানীত তিয়াই থোৱা আখৰোট খালে ই সহজে হজম হয় আৰু শৰীৰে ভালদৰে শোষণ কৰে। কেৱল এয়াই নহয়, এই শুকান ফলটো তিয়াই থোৱাৰ পিছত খালে ইয়াৰ পৰা পোৱা পুষ্টিকৰ উপাদানবোৰ আৰু অধিক ফলপ্ৰসূ হৈ পৰে, অৰ্থাৎ কেঁচা আখৰোটতকৈ ই বহুত স্বাস্থ্যকৰ হয়। গতিকে আহকচোন জানো আখৰোট তিয়াই থোৱাৰ পিছত খালে কি কি উপকাৰ হয়।


১) মগজুৰ বাবে উপকাৰীঃ তিয়াই থোৱা আখৰোটত ওমেগা-৩ ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আৰু পলিফিনলৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিয়ে মগজুক চোকা কৰি স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। এই পুষ্টিকৰ উপাদানসমূহে অক্সিডেটিভ ষ্ট্ৰেছ কমায় আৰু এলঝেইমাৰৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰে।


২) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি হয়: আখৰোট খালে মগজু চোকা হোৱাই নহয় হৃদৰোগ সুস্থ হৈ উঠে। ইহঁতে বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল (HDL) বৃদ্ধি কৰে। ইয়াত থকা ওমেগা-৩ ফেটি এচিড আৰু পলিঅনচেচুৰেটেড ফেটে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 

৩) পাচন আৰু আন্ত্ৰিক স্বাস্থ্য: আখৰোট তিয়াই থোৱাৰ পিছত খালে ইয়াত থকা ফাইটিক এচিড আৰু টেনিন কমি যায়, যাৰ ফলত ইয়াক হজম কৰাত সহজ হয় আৰু শৰীৰে পুষ্টিকৰ উপাদান ভালদৰে শোষণ কৰে। আখৰোটত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে আৰু আন্ত্ৰিক স্বাস্থ্য শক্তিশালী কৰে।


৪) ওজন নিয়ন্ত্ৰণত সহায় কৰে:  আখৰোটত কেলৰি প্ৰচুৰ পৰিমাণে থাকে।  ইয়াত থকা প্ৰটিন আৰু আঁহে ভোক নিয়ন্ত্ৰণ কৰে আৰু যাৰ বাবে বাৰে বাৰে খাবলৈ মন নাযায়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।


৫) ছালখন সুস্থ কৰি ৰাখে:  তিয়াই থোৱা আখৰোটত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন ই থাকে যিয়ে ফ্ৰী ৰেডিকেল আৰু অকাল বয়স বৃদ্ধিৰ ফলত হোৱা ক্ষতিৰ পৰা ছালখনক ৰক্ষা কৰে। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে ছালখনক হাইড্ৰেটেড আৰু কোমল কৰি ৰাখে, যাৰ ফলত মুখখন সুস্থ আৰু জিলিকি থকা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু