--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পানীত তিয়াই থোৱা আখৰোট খালে ই সহজে হজম হয় আৰু শৰীৰে ভালদৰে শোষণ কৰে। কেৱল এয়াই নহয়, এই শুকান ফলটো তিয়াই থোৱাৰ পিছত খালে ইয়াৰ পৰা পোৱা পুষ্টিকৰ উপাদানবোৰ আৰু অধিক ফলপ্ৰসূ হৈ পৰে।

ডিজিটেল ডেস্কঃ সুস্থ শৰীৰ আৰু মনৰ বাবে সঠিক খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। আমাৰ খাদ্যত থকা কিছুমান সহজ আৰু পুষ্টিকৰ বস্তুৱে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰে এটা হ’ল আখৰোট, যিটোক ছুপাৰফুড বুলি গণ্য কৰা হয়। বিশেষ কথাটো হ’ল আখৰোট তিয়াই থোৱাৰ পিছত যদি খোৱা হয়, তেন্তে ইয়াৰ উপকাৰিতা আৰু অধিক বৃদ্ধি পায়।


পানীত তিয়াই থোৱা আখৰোট খালে ই সহজে হজম হয় আৰু শৰীৰে ভালদৰে শোষণ কৰে। কেৱল এয়াই নহয়, এই শুকান ফলটো তিয়াই থোৱাৰ পিছত খালে ইয়াৰ পৰা পোৱা পুষ্টিকৰ উপাদানবোৰ আৰু অধিক ফলপ্ৰসূ হৈ পৰে, অৰ্থাৎ কেঁচা আখৰোটতকৈ ই বহুত স্বাস্থ্যকৰ হয়। গতিকে আহকচোন জানো আখৰোট তিয়াই থোৱাৰ পিছত খালে কি কি উপকাৰ হয়।


১) মগজুৰ বাবে উপকাৰীঃ তিয়াই থোৱা আখৰোটত ওমেগা-৩ ফেটি এচিড, এণ্টিঅক্সিডেণ্ট আৰু পলিফিনলৰ দৰে পুষ্টিকৰ উপাদান থাকে, যিয়ে মগজুক চোকা কৰি স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। এই পুষ্টিকৰ উপাদানসমূহে অক্সিডেটিভ ষ্ট্ৰেছ কমায় আৰু এলঝেইমাৰৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰে।


২) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি হয়: আখৰোট খালে মগজু চোকা হোৱাই নহয় হৃদৰোগ সুস্থ হৈ উঠে। ইহঁতে বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল (HDL) বৃদ্ধি কৰে। ইয়াত থকা ওমেগা-৩ ফেটি এচিড আৰু পলিঅনচেচুৰেটেড ফেটে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 

৩) পাচন আৰু আন্ত্ৰিক স্বাস্থ্য: আখৰোট তিয়াই থোৱাৰ পিছত খালে ইয়াত থকা ফাইটিক এচিড আৰু টেনিন কমি যায়, যাৰ ফলত ইয়াক হজম কৰাত সহজ হয় আৰু শৰীৰে পুষ্টিকৰ উপাদান ভালদৰে শোষণ কৰে। আখৰোটত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে আৰু আন্ত্ৰিক স্বাস্থ্য শক্তিশালী কৰে।


৪) ওজন নিয়ন্ত্ৰণত সহায় কৰে:  আখৰোটত কেলৰি প্ৰচুৰ পৰিমাণে থাকে।  ইয়াত থকা প্ৰটিন আৰু আঁহে ভোক নিয়ন্ত্ৰণ কৰে আৰু যাৰ বাবে বাৰে বাৰে খাবলৈ মন নাযায়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।


৫) ছালখন সুস্থ কৰি ৰাখে:  তিয়াই থোৱা আখৰোটত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন ই থাকে যিয়ে ফ্ৰী ৰেডিকেল আৰু অকাল বয়স বৃদ্ধিৰ ফলত হোৱা ক্ষতিৰ পৰা ছালখনক ৰক্ষা কৰে। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে ছালখনক হাইড্ৰেটেড আৰু কোমল কৰি ৰাখে, যাৰ ফলত মুখখন সুস্থ আৰু জিলিকি থকা দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ