--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া বহুল চৰ্চিত নাম চন্দ্ৰবাবু নাইডু৷  অন্ধ্ৰ বিধানসভা নিৰ্বাচনত তেওঁৰ দল টিডিপিয়ে ভাল প্ৰদৰ্শন কৰাৰ পিছত চন্দ্ৰবাবু নাইডুৱে প্ৰতিষ্ঠা কৰা এটা কোম্পানীয়ে যথেষ্ট লাভাৱান্বিত হৈছে। যোৱা পাঁচ দিনত হেৰিটেজ ফুডছৰ শ্বেয়াৰ ৫৫ শতাংশ উৰ্ধগামী  হোৱাৰ ফলত কোম্পানীটোৰ প্ৰমোটাৰ তথা  নাইডুৰ পত্নী নৰা ভুৱনেশ্বৰীৰ আয়  ৫৭৯ কোটি টকা বৃদ্ধি পাইছে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ  আগতে ৩ জুনত এই ষ্টক ব্যৱসায়ৰ শ্বেয়াৰৰ মূল্য  আছিল ৪২৪  টকা  । আজি হেৰিটেজ ফুডছৰ শ্বেয়াৰৰ মূল্য  ৬৬১.২৫ টকালৈ বৃদ্ধি পায় । ফলত কোটি কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে নাইডুৰ পত্নী আৰু পুত্ৰই৷ চন্দ্ৰবাবু নাইডুৱে ১৯৯২ চনত হেৰিটেজ ফুডছ নামৰ কোম্পানীটো  প্ৰতিষ্ঠা কৰিছিল।

কোম্পানীটোৰ ৱেবছাইটত ইয়াক "ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজহুৱা তালিকাভুক্ত কোম্পানী" বুলি উল্লেখ  কৰা হৈছে। কোম্পানীটোৰ  দুটা ব্যৱসায়িক শাখা  আছে - দুগ্ধ আৰু নবীকৰণযোগ্য শক্তি। বৰ্তমান হেৰিটেজৰ গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ বজাৰ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, ওড়িশা,  দিল্লী, হাৰিয়ানা, ৰাজস্থান, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈ প্ৰসাৰিত হৈছে৷ নৰা ভুৱনেশ্বৰী কোম্পানীটোৰ শীৰ্ষ শ্বেয়াৰ হোল্ডাৰ৷  বিএছইৰ তথ্য অনুসৰি কোম্পানীটোত তেওঁৰ ২,২৬,১১,৫২৫টা শ্বেয়াৰ আছে। নাইডুৰ পুত্ৰ নৰা লোকেশৰ হাততো হেৰিটেজ ফুডছৰ ১,০০,৩৭,৪৫৩ টা শ্বেয়াৰ আছে।ষ্টক উৰ্ধগামী হোৱাৰ পিছত লোকেশৰো ২৩৭.৮ কোটি  টকা  বৃদ্ধি পাইছে। উল্লেখ্য অন্ধ্ৰপ্ৰদেশত লোকসভা  নিৰ্বাচনত  টিডিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৭খন আসনৰ ভিতৰত ১৬খন আসনতে জয়লাভ কৰে, আৰু এনডিএত গুৰুত্বপূৰ্ণ দল হৈ পৰে।৫৪৩ জনীয়া লোকসভাত এনডিএয়ে ২৯৩খন আসনত জয়লাভ কৰিছে। বিগত দুটা কাৰ্যকালত সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে মাত্ৰ ২৪০খন আসনহে লাভ কৰিছে৷ ফলত গুৰুত্বপূৰ্ণ হৈ পৰিছে চন্দ্ৰবাবু নাইডু৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ