--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া বহুল চৰ্চিত নাম চন্দ্ৰবাবু নাইডু৷  অন্ধ্ৰ বিধানসভা নিৰ্বাচনত তেওঁৰ দল টিডিপিয়ে ভাল প্ৰদৰ্শন কৰাৰ পিছত চন্দ্ৰবাবু নাইডুৱে প্ৰতিষ্ঠা কৰা এটা কোম্পানীয়ে যথেষ্ট লাভাৱান্বিত হৈছে। যোৱা পাঁচ দিনত হেৰিটেজ ফুডছৰ শ্বেয়াৰ ৫৫ শতাংশ উৰ্ধগামী  হোৱাৰ ফলত কোম্পানীটোৰ প্ৰমোটাৰ তথা  নাইডুৰ পত্নী নৰা ভুৱনেশ্বৰীৰ আয়  ৫৭৯ কোটি টকা বৃদ্ধি পাইছে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ  আগতে ৩ জুনত এই ষ্টক ব্যৱসায়ৰ শ্বেয়াৰৰ মূল্য  আছিল ৪২৪  টকা  । আজি হেৰিটেজ ফুডছৰ শ্বেয়াৰৰ মূল্য  ৬৬১.২৫ টকালৈ বৃদ্ধি পায় । ফলত কোটি কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে নাইডুৰ পত্নী আৰু পুত্ৰই৷ চন্দ্ৰবাবু নাইডুৱে ১৯৯২ চনত হেৰিটেজ ফুডছ নামৰ কোম্পানীটো  প্ৰতিষ্ঠা কৰিছিল।

কোম্পানীটোৰ ৱেবছাইটত ইয়াক "ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজহুৱা তালিকাভুক্ত কোম্পানী" বুলি উল্লেখ  কৰা হৈছে। কোম্পানীটোৰ  দুটা ব্যৱসায়িক শাখা  আছে - দুগ্ধ আৰু নবীকৰণযোগ্য শক্তি। বৰ্তমান হেৰিটেজৰ গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ বজাৰ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, ওড়িশা,  দিল্লী, হাৰিয়ানা, ৰাজস্থান, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈ প্ৰসাৰিত হৈছে৷ নৰা ভুৱনেশ্বৰী কোম্পানীটোৰ শীৰ্ষ শ্বেয়াৰ হোল্ডাৰ৷  বিএছইৰ তথ্য অনুসৰি কোম্পানীটোত তেওঁৰ ২,২৬,১১,৫২৫টা শ্বেয়াৰ আছে। নাইডুৰ পুত্ৰ নৰা লোকেশৰ হাততো হেৰিটেজ ফুডছৰ ১,০০,৩৭,৪৫৩ টা শ্বেয়াৰ আছে।ষ্টক উৰ্ধগামী হোৱাৰ পিছত লোকেশৰো ২৩৭.৮ কোটি  টকা  বৃদ্ধি পাইছে। উল্লেখ্য অন্ধ্ৰপ্ৰদেশত লোকসভা  নিৰ্বাচনত  টিডিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৭খন আসনৰ ভিতৰত ১৬খন আসনতে জয়লাভ কৰে, আৰু এনডিএত গুৰুত্বপূৰ্ণ দল হৈ পৰে।৫৪৩ জনীয়া লোকসভাত এনডিএয়ে ২৯৩খন আসনত জয়লাভ কৰিছে। বিগত দুটা কাৰ্যকালত সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে মাত্ৰ ২৪০খন আসনহে লাভ কৰিছে৷ ফলত গুৰুত্বপূৰ্ণ হৈ পৰিছে চন্দ্ৰবাবু নাইডু৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু