--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড় বিমানবন্দৰত কংগনা ৰাণাৱটক চৰিয়াই চাকৰি গ’ল  চিআইএছএফৰ মহিলা কনিষ্টবল কুলৱিন্দৰ কৌৰৰ। কেৱল সেয়াই নহয়, শুকুৰবাৰে তেওঁক গ্ৰেপ্তাৰো কৰা হয়। কিন্তু গ্ৰেপ্তাৰৰ সময়তে  কুলৱিন্দৰে কয় যে ১০০০ বাৰ চাকৰি গ’লেও তেওঁ মাতৃৰ সন্মান লাঘৱ হ’বলৈ নিদিয়ে। ইপিনে   কুলৱিন্দৰৰ পক্ষত থিয় দিছে  জনপ্ৰিয়  সংগীত পৰিচালক  তথা গায়ক বিশাল দাদলানীয়ে । দাদলানীয়ে কুলৱিন্দৰক চাকৰিৰ প্ৰস্তাৱ দিছে। বিশাল দাদলানীয়ে মহিলা জোৱানগৰাকীক চাকৰিৰ প্ৰস্তাৱ দি নিজৰ  ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এই বিষয়ত এটা  পোষ্ট কৰিছে।

 তেওঁ কয় যে তেওঁ হিংসাক প্ৰশ্ৰয় নিদিয়াৰ  পিছতো কৌৰৰ এই কাৰ্য্যৰ বিষয়ে তেওঁ সহমত প্ৰকাশ কৰে।দাদলানীয়ে উল্লেখ কৰে , "মই কেতিয়াও হিংসাক সমৰ্থন নকৰো, কিন্তু এই চিআইএছএফ কৰ্মীগৰাকীৰ ক্ষোভৰ প্ৰয়োজনীয়তা মই উপলব্ধি কৰিব পাৰিছো।  যদি তেওঁৰ বিৰুদ্ধে চিআইএছএফে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই তেওঁক চাকৰি দিম।" দাদলানীৰ এনে ঘোষণাই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা আৰু বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহুতে দাদলানীক সমৰ্থন কৰিছে। ইপিনে কৃষক কন্যাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৃষক সংগঠনসমূহে ৯ জুনৰ পৰা ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰিছে। উল্লেখ্য কৃষক আন্দোলন আৰু কৃষকৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ বাবেই কুলৱিন্দৰ কৌৰে কংগনা ৰাণাৱটক চণ্ডীগড়ৰ বিমান বন্দৰত বৃহস্পতিবাৰে চৰিয়াইছিল। ইয়াৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement