--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড় বিমানবন্দৰত কংগনা ৰাণাৱটক চৰিয়াই চাকৰি গ’ল  চিআইএছএফৰ মহিলা কনিষ্টবল কুলৱিন্দৰ কৌৰৰ। কেৱল সেয়াই নহয়, শুকুৰবাৰে তেওঁক গ্ৰেপ্তাৰো কৰা হয়। কিন্তু গ্ৰেপ্তাৰৰ সময়তে  কুলৱিন্দৰে কয় যে ১০০০ বাৰ চাকৰি গ’লেও তেওঁ মাতৃৰ সন্মান লাঘৱ হ’বলৈ নিদিয়ে। ইপিনে   কুলৱিন্দৰৰ পক্ষত থিয় দিছে  জনপ্ৰিয়  সংগীত পৰিচালক  তথা গায়ক বিশাল দাদলানীয়ে । দাদলানীয়ে কুলৱিন্দৰক চাকৰিৰ প্ৰস্তাৱ দিছে। বিশাল দাদলানীয়ে মহিলা জোৱানগৰাকীক চাকৰিৰ প্ৰস্তাৱ দি নিজৰ  ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এই বিষয়ত এটা  পোষ্ট কৰিছে।

 তেওঁ কয় যে তেওঁ হিংসাক প্ৰশ্ৰয় নিদিয়াৰ  পিছতো কৌৰৰ এই কাৰ্য্যৰ বিষয়ে তেওঁ সহমত প্ৰকাশ কৰে।দাদলানীয়ে উল্লেখ কৰে , "মই কেতিয়াও হিংসাক সমৰ্থন নকৰো, কিন্তু এই চিআইএছএফ কৰ্মীগৰাকীৰ ক্ষোভৰ প্ৰয়োজনীয়তা মই উপলব্ধি কৰিব পাৰিছো।  যদি তেওঁৰ বিৰুদ্ধে চিআইএছএফে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই তেওঁক চাকৰি দিম।" দাদলানীৰ এনে ঘোষণাই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা আৰু বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহুতে দাদলানীক সমৰ্থন কৰিছে। ইপিনে কৃষক কন্যাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৃষক সংগঠনসমূহে ৯ জুনৰ পৰা ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰিছে। উল্লেখ্য কৃষক আন্দোলন আৰু কৃষকৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ বাবেই কুলৱিন্দৰ কৌৰে কংগনা ৰাণাৱটক চণ্ডীগড়ৰ বিমান বন্দৰত বৃহস্পতিবাৰে চৰিয়াইছিল। ইয়াৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু