--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধেই পুনৰ বাৰ সৰৱ হৈ পৰিল সাংসদ বৰুণ গান্ধী৷ কিছুদিন পূৰ্বে মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও  বিষয়ত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰা বৰুণ গান্ধীয়ে আজি পুনৰ মাদীৰ চৰকাৰক সমালোচনা কৰে৷ গান্ধীয়ে চৰকাৰক প্ৰশ্ন কৰে চৰকাৰী কোষাগাৰৰ ওপৰত প্ৰথম অধিকাৰ কাৰ আছে? বৰুণ গান্ধীয়ে তেওঁৰ চৰকাৰক 'ফ্ৰী কি ৰেৱৰী' সন্দৰ্ভত সমালোচনা কৰে৷

বৰুণ গান্ধীয়ে এই বুলি  টুইট কৰে যে দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম ৰেচন দিয়াৰ বাবে 'ধন্যবাদ' জনাব বিচৰা চৰকাৰ খনে পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই  দিছে৷

 পিলিভিটৰ সাংসদজনে তেওঁৰ নিজৰ দলৰ সাংসদ নিশিকান্ত দুবেৰ বক্তব্যকো সমালোচনা কৰে। উল্লেখ্য  পূৰ্বে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে এক সমাৱেশত কৈছিল  যে বিনামূলীয়াকৈ বস্তু দিয়া লোকৰ পৰা সাৱধান হোৱা উচিত। মোদীয়ে মূলতঃ আম আদমী পাৰ্টীক লক্ষ্য কৰিয়েই কথা খিনি কৈছিল৷ কাৰণ আপে বিদ্যুতকে ধৰি আন বহু সেৱা জনতাক বিনামূলীয়াকৈ দিছে৷এই ক্ষেত্ৰত বৰুণ গান্ধীয়ে মোদীক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনোৱাৰ সলনি তেওঁৰ নিজৰ দলক কাঠগড়াতহে তুলিছে৷  পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিয়াৰ প্ৰসংগতে মোদীৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বৰুণ গান্ধীয়ে৷

মোদীৰ চৰকাৰক কটাক্ষ কৰি বৰুণ গান্ধীয়ে কয় যে বিজেপি সাংসদ বৰুণ গান্ধীয়ে টুইট কৰিছিল যে মেহুল চোকচি আৰু ঋষি আগৰৱালাৰ নাম ’ফ্ৰীৰ ৰেৱাৰী’ৰ তালিকাত শীৰ্ষস্থানত আছে।  চৰকাৰী ধনৰ অপচয় কৰাৰ অধিৰকাৰ কাৰো নাই বুলিও তেওঁ কয়৷

বৰুণ গান্ধীয়ে বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কে কাৰাডে সদনত উপস্থাপন কৰা তথ্য উল্লেখ কৰি  এই কথা বুজাবলৈ চেষ্টা কৰে  যে চৰকাৰে যোৱা কেইবছৰমানত বিলিয়নেয়াৰসকলক কোটি কোটি টকাৰ ঋণ দিছিল আৰু তেওঁলোকে সুকলমে সেই ধন লৈ দেশৰ পৰা পলাই গৈছিল। বৰুণ গান্ধীৰ এনে আক্ৰমণত স্বাভাৱিকতে শলঠেকত পৰিছে মোদীৰ চৰকাৰ৷ইয়াৰ পূৰ্বে  ‘অগ্নিপথ’ৰ বিষয়টোকলৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল বৰুণ গান্ধী। অগ্নিবীৰৰ বাবে পেঞ্চনৰ দাবী উত্থাপন কৰি বৰুণ গান্ধীয়ে কৈছিল যে যদি অগ্নিবীৰৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা নহয় তেন্তে তেঁৱো পেঞ্চন এৰি দিবলৈ সাজু আছে।
বৰুণ গান্ধীয়ে এইবুলি টুইট কৰিছিল, “যদি হ্ৰস্বম্যাদী সেৱাত নিয়োজিত অগ্নিবীৰসকল পেঞ্চনৰ বাবে যোগ্য নহয়, তেন্তে জনপ্ৰতিনিধিসকলক এই ‘লাভালাভ’ কিয় দিয়া উচিত? ৰাজ্যৰ ৰক্ষকসকলে পেঞ্চনৰ অধিকাৰ এৰি নিদিলেও মই মোৰ পেঞ্চন এৰি দিবলৈও সাজু। বিধায়ক,সাংসদসকলে তেওঁলোকৰ পেঞ্চন এৰি দিব নোৱাৰে আৰু এয়াও নিশ্চিত কৰিব নোৱাৰে যে অগ্নিবীৰসকলক পেঞ্চন দিয়া হ’ব“।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক