--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত এই প্রতিযোগিতা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাৰিশ দহজন আলোকচিত্র শিল্পীৰ এহেজাৰ ছশ চল্লিশখন আলোকচিত্ৰৰ মাজৰ পৰা 'অপেন কালাৰ' শিতানত এই ছবিখনে স্বীকৃতি লাভ কৰিছে।

ডিজিটেল ডেস্ক: ফটোগ্রাফীক ছ'চাইটি অব্ ইণ্ডিয়াই অনুষ্ঠিত কৰা ২৪ সংখ্যক ইণ্টাৰনেশ্যনেল চেলন-২০২৬ আলোকচিত্র প্রতিযোগিতাত আলোকচিত্র শিল্পী সৌৰভ দুৱৰাৰ আলোকচিত্র ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’ শীর্ষক ছবিখনত আন্তর্জাতিক স্বীকৃতি প্রদান কৰে। 


যোৱা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত এই প্রতিযোগিতা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাৰিশ দহজন আলোকচিত্র শিল্পীৰ এহেজাৰ ছশ চল্লিশখন আলোকচিত্ৰৰ মাজৰ পৰা 'অপেন কালাৰ' শিতানত এই ছবিখনে স্বীকৃতি লাভ কৰিছে। ইয়াৰ আগতেও দুৱৰাৰ এই ছবিখনে আন্তর্জাতিক আলোকচিত্র প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল। 


১৯৩৭ চনত স্থাপিত ফটোগ্রাফীক ছ'চাইটি অব ইণ্ডিয়াই আয়োজন কৰা এই বিখ্যাত প্রতিযোগিতাত বিচাৰক হিচাপে আছিল মহম্মদ আলী ছালিম (ই এছ এ), এঞ্জেলিঅ' দি টমাছ (ফ্রান্স) আৰু সুব্রত ব্যাশাক (ভাৰত)। এই প্রতিযোগিতা বিশ্বৰ প্ৰধান আৰু ৰাষ্ট্ৰীয় ফটোগ্রাফীক সংস্থাসমূহৰ কঠোৰ নিৰ্দেশনা, অনুমোদন আৰু স্বীকৃতিৰ অধীনত অনুষ্ঠিত হয়। দুৱৰাৰ এই সাফল্যত ডিব্ৰুগড়বাসীয়ে সন্তুষ্টি প্রকাশ কৰে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক