--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পৰ অহৰহ হেঁচাৰ পৰিপ্ৰেক্ষিতত ২০৩৫ চনৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা ব্যয়ৰ বাবে ডি ডি পিৰ ৫ শতাংশ বার্ষিক বিনিয়োগ

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ হেঁচাত সেও মানি নাটোৰ নেতাসকলে বুধবাৰে ইয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাজেট বৃদ্ধি কৰিবলৈ বাধ্য হয়।


ৰাষ্ট্ৰপতি ট্রাম্পৰ অহৰহ হেঁচাৰ পৰিপ্ৰেক্ষিতত ২০৩৫ চনৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা ব্যয়ৰ বাবে ডি ডি পিৰ ৫ শতাংশ বার্ষিক বিনিয়োগ কৰিবলৈ সন্মত হয় নাটোৰ দেশসমূহৰ নেতাসকল।


ইয়াৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে দৃঢ়ভাবে প্রjnhbgvfcxdzতিশ্রুতি দিয়ে যে যদি নাটোৰ দেশসমূহত আক্ৰমণ সংঘটিত হয়, তেনেহ'লে আমেৰিকাই সামৰিক সাহায্য আগবঢ়াব। নেডাৰলেণ্ডৰ দ্য হেগত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনত নাটোৰ দেশসমূহৰ নেতাই এই সিদ্ধান্ত লয়। নাটোৰ ৩২খন দেশৰ নেতাই শীর্ষ সন্মিলনৰ পাছত চূড়ান্ত বিবৃতি দি কয় যে ২০৩৫ চনৰ ভিতৰত নাটোৰ দেশসমূহৰ প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে জি ডি পিৰ ৫% বার্ষিক বিনিয়োগ কৰিব।


আনহাতে, নাটোৰ অন্যতম দেশ স্পেইনে ইতিমধ্যে কৈছে যে দেশখনে এই লক্ষ্য পূৰণ কৰিব নোৱাৰিব। স্পেইনে ট্রাম্পৰ এই প্ৰস্তাৱক বিৰোধিতা কৰি আজি শীর্ষ সম্মিলনখনত নেতাসকলৰ পৰা একাষৰীয়াকৈ থকা দেখা যায়।


আনহাতে, কানাডায়ো এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বুলি ঘোষণা কৰে। ইফালে, ৰাছিয়া আৰু ইউক্রেইনৰ সীমান্তত থকা পোলেণ্ড, তিনিখন বাল্টিক ৰাষ্ট্ৰ আৰু নর্ডিক দেশে জি ডি পিৰ ৫% শতাংশ ব্যয়ৰ সিদ্ধান্ত গ্রহণ কৰি ব্রিটেইন, ফ্রান্স, জার্মানি আৰু নেডাৰলেণ্ডৰ সৈতে সহমত ব্যক্ত কৰে। বিশেষকৈ ৰাছিয়াক প্রতিহত কৰাৰ বাবে আমেৰিকাৰ সমর্থনত নাটোৰ দেশসমূহে এই সিদ্ধান্ত লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ