--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রধানমন্ত্রী মোদীসহ সকলো কেন্দ্রীয় মন্ত্রীয়ে বৈঠকত জৰুৰী অৱস্থাৰ সময়ত পীড়িত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি এক মিনিট মৌনতা অৱলম্বন কৰে।

ডিজিটেল ডেস্ক : দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তনৰ ৫০ বছৰ সম্পূর্ণ হোৱা উপলক্ষে বুধবাৰে কেন্দ্রীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত ১৯৭৫ চনত দেশত জৰুৰী অৱস্থা বলৱৎ কৰি কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয় হয়। কেন্দ্রীয় কেবিনেটে গ্রহণ কৰা প্ৰস্তাৱটোত লগতে কোৱা হৈছে যে জৰুৰী অৱস্থা ঘোষণাৰে দেশৰ গণতন্ত্ৰত হত্যা কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে এই বিষয়ে জনাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে বৈঠকত ১৯৭৫ চনত প্রযোজ্য কৰা জৰুৰী অৱস্থাক কঠোৰ ভাষাৰে গৰিহণা দি এটা প্রস্তাৱ গৃহীত কৰে। জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ হোৱাৰ বাবে এই প্রস্তাৱটো গ্রহণ কৰা হয়। ইয়াত গণতন্ত্ৰ ৰক্ষা আৰু সংবিধানৰ প্ৰমূল্যবোধৰ কথা দোহৰা হৈছে।


প্রধানমন্ত্রী মোদীসহ সকলো কেন্দ্রীয় মন্ত্রীয়ে বৈঠকত জৰুৰী অৱস্থাৰ সময়ত পীড়িত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি এক মিনিট মৌনতা অৱলম্বন কৰে।


প্ৰস্তাৱটোত কোৱা হয় যে জৰুৰী অৱস্থাৰ আগতে আৰু জৰুৰী অৱস্থা চলি থকাৰ সময়ত সমগ্র দেশতে গণতান্ত্রিক মূল্যৰ হৰণ হয়, নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হয় আৰু ভালেমান নিৰীহ লোক অত্যাচাৰৰ সন্মুখীন হৈছিল। কেবিনেট বৈঠকৰ পাছত প্ৰকাশ কৰা এটা বিবৃতিত জৰুৰী অৱস্থাৰ বিৰোধিতা কৰাসকলক গণতন্ত্র সেনা বুলি উল্লেখ কৰা হৈছে। ইফালে, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই চৰকাৰক সমালোচনা কৰি প্ৰশ্ন কৰে চৰকাৰে বাৰে বাৰে এই বিষয়টো উত্থাপন কৰি কি পাবলৈ বিচাৰিছে? তেওঁ কয় যে চৰকাৰে জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ হোৱাৰ সময়তে এখন পুস্তিকা প্রকাশ কৰি 'জৰুৰী অৱস্থাৰ সময়ত সংবিধান নষ্ট হোৱা আৰু পাছত আমি সংবিধানৰ প্ৰতি থকা আস্থা বাহাল ৰখা' বুলি উল্লেখ কৰা হৈছে। দেশৰ প্ৰতিখন ৰাজ্যকে সংবিধান হত্যা দিৱস পালন কৰিবলৈ আহ্বান জনোৱা হৈছে।


খর্গেই কয় যে যিসকল লোকৰ দেশৰ স্বাধীনতা আন্দোলনত কোনো অৱদান নাছিল সেইসকলে এতিয়া সংবিধানৰ কথা কৈছে। তেওঁ মোদী চৰকাৰৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰি কয় যে চৰকাৰ শাসন কৰাত ব্যৰ্থ হৈছে। মূল্য বৃদ্ধিৰ কোনো উত্তৰ নাই, নিবনুৱা সমস্যা আৰু বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্তৰ সম্পৰ্কত চৰকাৰে কোনো উত্তৰ দিব পৰা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক