--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত সকলোৱে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে, কিন্তু সকলোৰে এই ইচ্ছা পূৰণ নহয় কাৰণ বয়সৰ এই পৰ্যায়ত শৰীৰটো বহু ৰোগে আগুৰি ধৰে। দীৰ্ঘদিন সুস্থ হৈ থাকিবলৈ সুস্থ জীৱনশৈলী মানি চলাটো অতি প্ৰয়োজনীয়। জীৱনত কোনো ধৰণৰ মানসিক চাপ থাকিব নালাগে, সদায় হাঁহি হাঁহি জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব লাগে। এই সকলোবোৰে ভাল আৰু সুস্থ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। দীৰ্ঘদিন ধৰি ফিট হৈ থকাৰ কিটিপ্‌ জানি লওক। 

১) সদায় স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰকঃ দীৰ্ঘদিন সুস্থ হৈ থাকিবলৈ খাদ্যত পুষ্টিকৰ উপাদান সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে দৈনিক খাদ্যত শস্য, মাহজাতীয় শস্য আৰু বাদাম অন্তৰ্ভুক্ত কৰিব লাগে। এই খাদ্যবোৰত বহুতো পুষ্টিকৰ উপাদান থাকে,

২) শাৰীৰিক কাৰ্য্যকলাপৰ প্ৰয়োজনঃ শাৰীৰিকভাৱে সক্ৰিয় নহ’লে আপুনি কেৱল মেদবহুলতাৰ বলি হোৱাই নহয়, হাড়, পেশী সকলো দুৰ্বল হ’বলৈ আৰম্ভ কৰিব। লগতে শৰীৰত তেজৰ সোঁত সঠিক নহ’ব। এক প্ৰতিবেদন অনুসৰি দীৰ্ঘায়ু জীৱন যাপনৰ বাবে প্ৰতিদিনে ১০ হাজাৰ খোজ কঢ়াটো অতি প্ৰয়োজনীয়। যিসকল লোকে জিমিং, তীব্ৰ ৱৰ্কআউট নকৰে, তেওঁলোকৰ বাবে ফিট আৰু সক্ৰিয় হৈ থাকিবলৈ খোজ কঢ়া আৰু দৌৰাটো অতি প্ৰয়োজনীয়।

৩) ৰ’দত বহিব লাগিবঃ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে গোটেই দিনটো লেপটপ আৰু মোবাইলৰ পোহৰত থকাৰ পৰিৱৰ্তে কিছু সময় বাহিৰলৈ ওলাই প্ৰাকৃতিক পোহৰত থকাটো ভাল। সূৰ্যৰ পোহৰ পোহৰৰ প্ৰাকৃতিক উৎস, লগতে ইয়াৰ পৰা ভিটামিন ডিও পোৱা যায়, যিয়ে হাড়, দাঁতৰ লগতে শৰীৰৰ বহু আভ্যন্তৰীণ কামত সহায় কৰে। যদি আপুনি হাড়ৰ ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ৰাতিপুৱাৰ ৰ’দত আধা ঘণ্টা বহি ভিটামিন ডি গ্ৰহণ কৰিব লাগে।

৪) ৰেড মীটৰ পৰা আঁতৰি থাককঃ শৰীৰত প্ৰটিনৰ প্ৰয়োজন হ’লেও ৰঙা মাংস অতিৰিক্তভাৱে খাব নালাগে, ৰঙা মাংসত কলেষ্টেৰল, অস্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে হৃদৰোগ বৃদ্ধি কৰে। ইয়াৰ উপৰিও প্ৰচেছড মাংস বা খাদ্যইও পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে এইবোৰ খোৱাৰ পৰা বিৰত থাকক।

৫) মানসিক চাপক বাই বাই কওকঃ মানসিক চাপে মানুহৰ জীৱনত বেয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে, কামৰ চাপ, পৰিয়াল, আৰ্থিক বাধা, চাকৰিলৈ যোৱাৰ চিন্তা, ভাল চাকৰি নোপোৱাৰ টেনচন, মানসিক চাপ, উদ্বেগ কমাবলৈ চেষ্টা কৰাটো ভাল। ইয়াৰ বাবে ধ্যান কৰক, লগতে মনক শান্তি দিয়া কাম কৰক, আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ