--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ্যপানে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়। মদ্যপানে মানুহৰ হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ একাধিক গৱেষণাৰ তথ্য প্ৰকাশ পাইছে।

কিন্তু ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়নত দেখা গৈছে যে অধিক মদ্যপান কৰিলে আপোনাৰ পেশীবোৰো দ্ৰুতভাৱে সংকুচিত হ’ব পাৰে।

স্প্ৰিংগাৰ লিংক নামৰ আলোচনীখনত প্ৰকাশিত এই গৱেষণাৰ পৰা দেখা গৈছে যে অধিক পৰিমাণে মদ্যপান কৰিলে কংকালৰ পেশীৰ ক্ষতিসাধন হোৱাৰ লগতে অকাল বয়স বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়।

যিহেতু ডাঙৰ মানুহৰ পেশীৰ ভৰ বেছি, গতিকে গৱেষকসকলে প্ৰটিন খোৱা আৰু শাৰীৰিক কাৰ্যকলাপৰ দৰে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰৰ আকাৰৰ স্কেল কৰিলে।

তেওঁলোকে ইউ কে বায়’বেংকৰ পৰা তথ্য লৈছিল। ব্ৰিটেইনৰ ডেৰ লাখ লোকৰ পৰা বেনামী জীৱনশৈলী আৰু স্বাস্থ্যৰ তথ্যৰ ডাটাবেছৰ ওপৰত ভিত্তি কৰি এই অধ্যয়নত ৩৭ৰ পৰা ৭৩ বছৰৰ ভিতৰৰ প্ৰায় ২ লাখ লোক জড়িত আছিল।

দলটোৱে দেখিলে যে যেতিয়া মানুহে দিনটোত ১০ বা তাতকৈ অধিক ইউনিট সুৰাপান কৰে তেন্তে ই "সমস্যাত পৰিণত" হৈ পৰে, যিটো প্ৰায় এবটল ৱাইন বা চাৰি-পাঁচ পিণ্টৰ সমতুল্য।

বয়স বঢ়াৰ লগে লগে পেশী দুৰ্বল হয় আৰু মদ্যপানে পেশী অধিক দুৰ্বল কৰি তোলে। লগতে পেশী সংকুচিত কৰি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ