--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ্যপানে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়। মদ্যপানে মানুহৰ হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ একাধিক গৱেষণাৰ তথ্য প্ৰকাশ পাইছে।

কিন্তু ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়নত দেখা গৈছে যে অধিক মদ্যপান কৰিলে আপোনাৰ পেশীবোৰো দ্ৰুতভাৱে সংকুচিত হ’ব পাৰে।

স্প্ৰিংগাৰ লিংক নামৰ আলোচনীখনত প্ৰকাশিত এই গৱেষণাৰ পৰা দেখা গৈছে যে অধিক পৰিমাণে মদ্যপান কৰিলে কংকালৰ পেশীৰ ক্ষতিসাধন হোৱাৰ লগতে অকাল বয়স বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়।

যিহেতু ডাঙৰ মানুহৰ পেশীৰ ভৰ বেছি, গতিকে গৱেষকসকলে প্ৰটিন খোৱা আৰু শাৰীৰিক কাৰ্যকলাপৰ দৰে কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰৰ আকাৰৰ স্কেল কৰিলে।

তেওঁলোকে ইউ কে বায়’বেংকৰ পৰা তথ্য লৈছিল। ব্ৰিটেইনৰ ডেৰ লাখ লোকৰ পৰা বেনামী জীৱনশৈলী আৰু স্বাস্থ্যৰ তথ্যৰ ডাটাবেছৰ ওপৰত ভিত্তি কৰি এই অধ্যয়নত ৩৭ৰ পৰা ৭৩ বছৰৰ ভিতৰৰ প্ৰায় ২ লাখ লোক জড়িত আছিল।

দলটোৱে দেখিলে যে যেতিয়া মানুহে দিনটোত ১০ বা তাতকৈ অধিক ইউনিট সুৰাপান কৰে তেন্তে ই "সমস্যাত পৰিণত" হৈ পৰে, যিটো প্ৰায় এবটল ৱাইন বা চাৰি-পাঁচ পিণ্টৰ সমতুল্য।

বয়স বঢ়াৰ লগে লগে পেশী দুৰ্বল হয় আৰু মদ্যপানে পেশী অধিক দুৰ্বল কৰি তোলে। লগতে পেশী সংকুচিত কৰি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি