--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাস্তাত পৰি আছে এটা পাৰফিউমৰ বটল। কিন্তু কেৱল পাৰফিউমেই নহয়, বটলটোৰ ভিতৰত বোমাও আছে। হাতেৰে তুলি তাৰ সাঁফৰ খুলিলেই বিশাল বিস্ফোৰণ সংঘটিত হ’ব!

কাশ্মীৰত নিৰাপত্তা বাহিনীক ব্যতিব্যস্ত কৰি ৰাখিবলৈ সন্ত্ৰাসবাদীসকলে শেহতীয়াকৈ ‘পাৰফিউম বোমা’ ব্যৱহাৰ কৰিছে। আৰিফ নামৰ এজন সন্ত্ৰাসবাদীৰ পৰা এই বোমা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সন্ত্ৰাসবাদী হোৱাৰ পূৰ্বে আৰিফ এখন চৰকাৰী স্কুলৰ শিক্ষক আছিল।

২১ জানুৱাৰীত জম্মু-কাশ্মীৰৰ নৰৱালত উগ্ৰপন্থীয়ে দুটা আই ই ডি বিস্ফোৰণ কৰিছিল। গুৰুতৰভাৱে আহত হৈছে ৯ জন। বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰি থকা অৱস্থাত আৰক্ষীয়ে আৰিফক উদ্ধাৰ কৰে।

তদন্তত জানিব পৰা মতে, সুগন্ধিৰ বটলত ভৰ্তি আই ই ডি বিস্ফোৰক সামগ্ৰীৰ ফলত দুয়োটা বিস্ফোৰণ সংঘটিত হৈছে। 

জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে পাকিস্তানৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ স’তে আৰিফৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছিল। আৰিফৰ পৰাও উদ্ধাৰ হৈছে আন এটা সুগন্ধিৰ বটল। ইয়াত আই ই ডি লোড কৰা হৈছে। বটলটো খুলিলেই বিস্ফোৰণ ঘটিব।

আৰক্ষীৰ বিশেষ দলে এনে বিস্ফোৰক সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। অনাগত দিনত উগ্ৰপন্থীয়ে এনে অগতানুগতিক পদ্ধতি ব্যৱহাৰ কৰিব বুলি  নিশ্চিত আৰক্ষী। ইয়াক প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে নতুন কৌশলো প্ৰস্তুত কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু