--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাস্তাত পৰি আছে এটা পাৰফিউমৰ বটল। কিন্তু কেৱল পাৰফিউমেই নহয়, বটলটোৰ ভিতৰত বোমাও আছে। হাতেৰে তুলি তাৰ সাঁফৰ খুলিলেই বিশাল বিস্ফোৰণ সংঘটিত হ’ব!

কাশ্মীৰত নিৰাপত্তা বাহিনীক ব্যতিব্যস্ত কৰি ৰাখিবলৈ সন্ত্ৰাসবাদীসকলে শেহতীয়াকৈ ‘পাৰফিউম বোমা’ ব্যৱহাৰ কৰিছে। আৰিফ নামৰ এজন সন্ত্ৰাসবাদীৰ পৰা এই বোমা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সন্ত্ৰাসবাদী হোৱাৰ পূৰ্বে আৰিফ এখন চৰকাৰী স্কুলৰ শিক্ষক আছিল।

২১ জানুৱাৰীত জম্মু-কাশ্মীৰৰ নৰৱালত উগ্ৰপন্থীয়ে দুটা আই ই ডি বিস্ফোৰণ কৰিছিল। গুৰুতৰভাৱে আহত হৈছে ৯ জন। বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰি থকা অৱস্থাত আৰক্ষীয়ে আৰিফক উদ্ধাৰ কৰে।

তদন্তত জানিব পৰা মতে, সুগন্ধিৰ বটলত ভৰ্তি আই ই ডি বিস্ফোৰক সামগ্ৰীৰ ফলত দুয়োটা বিস্ফোৰণ সংঘটিত হৈছে। 

জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে পাকিস্তানৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ স’তে আৰিফৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছিল। আৰিফৰ পৰাও উদ্ধাৰ হৈছে আন এটা সুগন্ধিৰ বটল। ইয়াত আই ই ডি লোড কৰা হৈছে। বটলটো খুলিলেই বিস্ফোৰণ ঘটিব।

আৰক্ষীৰ বিশেষ দলে এনে বিস্ফোৰক সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। অনাগত দিনত উগ্ৰপন্থীয়ে এনে অগতানুগতিক পদ্ধতি ব্যৱহাৰ কৰিব বুলি  নিশ্চিত আৰক্ষী। ইয়াক প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে নতুন কৌশলো প্ৰস্তুত কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক