--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেচৰ প্ৰথম দিনটোৰ শেষত যেতিয়া তেওঁ খেলপথাৰৰ পৰা ড্ৰেছিং ৰুমলৈ খোজ কাঢ়ি গৈ আছিল, তেতিয়া তেওঁৰ চকুত উজ্বলি উঠিছিল সপোন। বিৰাট কোহলীয়ে নিজৰ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচখন স্মৰণীয় কৰি তুলিব বিচাৰিছিল। সফল হয় তাৰকাগৰাকী।

প্ৰথম ইনিংছত শতক অৰ্জন কৰে বিৰাটে। টেষ্টত ২৯ নম্বৰ শতক অৰ্জন কৰিলে তেওঁ। তিনিওটা ফৰ্মেটতে ৭৬টাকৈ শতক আছে তেওঁৰ নাম।

বিৰাটে আন এক উদাহৰণ দাঙি ধৰিলে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰানৰ ক্ষেত্ৰত বিৰাটে পাঁচ নম্বৰ স্থানত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জেক কালিছক অতিক্ৰম কৰে তেওঁ।

প্ৰথম দিনটোৰ শেষত বিৰাটে ৮৭ ৰানত অপৰাজিত আছিল। দ্বিতীয় দিনটোত শতক বনাবলৈ বেছি সময় নালাগিল। এই বছৰটো টেষ্টত দ্বিতীয়টো শতক অৰ্জন কৰে বিৰাটে। আহমেদাবাদত অনুষ্ঠিত বৰ্ডাৰ-গাওস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৬ ৰান ইনিংছ খেলিছিল। 

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত যেতিয়া বিৰাটে বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া  একেৰাহে চাৰিটা উইকেট হেৰুৱাই কিছু হেঁচাত পৰিছিল ভাৰত। বিৰাটে লাহে লাহে আৰম্ভ কৰিলে। আনটো মূৰত ৰবীন্দ্ৰ জাডেজাক লৈ তেওঁ ইনিংছ আগুৱাই নিছিল।

এই ইনিংছৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত বিৰাটে পাঁচ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ১০০ ৰান সংগ্ৰহ কৰি বিৰাটৰ ৫০০ মেচত ৰান সংখ্যা হৈছেগৈ ২৫,৫৬১ ৰান। ইমান দিনে কালিছ পাঁচ নম্বৰত আছিল। কালিছৰ ৫১৯খন মেচত আছে ২৫,৫৩৪ ৰানৰ সংখ্যা।

তালিকাৰ শীৰ্ষত আছে শচীন টেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬৬৪খন খেলত ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছিল শচীনে। দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰা। ৫৯৪খন মেচত তেওঁৰ ৰান ২৮,০১৬।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ৫৬০খন মেচত ২৭,৪৮৩ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত আছে শ্ৰীলংকাৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক মহেলা জয়ৱৰ্ধনে। ৬৫২খন মেচত ২৫,৯৫৭ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ বিৰাটে আৰু ৪০০ ৰান সংগ্ৰহ কৰিলে জয়ৱৰ্ধনে শীৰ্ষস্থান দখল কৰি চতুৰ্থ স্থানলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু