--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেচৰ প্ৰথম দিনটোৰ শেষত যেতিয়া তেওঁ খেলপথাৰৰ পৰা ড্ৰেছিং ৰুমলৈ খোজ কাঢ়ি গৈ আছিল, তেতিয়া তেওঁৰ চকুত উজ্বলি উঠিছিল সপোন। বিৰাট কোহলীয়ে নিজৰ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচখন স্মৰণীয় কৰি তুলিব বিচাৰিছিল। সফল হয় তাৰকাগৰাকী।

প্ৰথম ইনিংছত শতক অৰ্জন কৰে বিৰাটে। টেষ্টত ২৯ নম্বৰ শতক অৰ্জন কৰিলে তেওঁ। তিনিওটা ফৰ্মেটতে ৭৬টাকৈ শতক আছে তেওঁৰ নাম।

বিৰাটে আন এক উদাহৰণ দাঙি ধৰিলে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰানৰ ক্ষেত্ৰত বিৰাটে পাঁচ নম্বৰ স্থানত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জেক কালিছক অতিক্ৰম কৰে তেওঁ।

প্ৰথম দিনটোৰ শেষত বিৰাটে ৮৭ ৰানত অপৰাজিত আছিল। দ্বিতীয় দিনটোত শতক বনাবলৈ বেছি সময় নালাগিল। এই বছৰটো টেষ্টত দ্বিতীয়টো শতক অৰ্জন কৰে বিৰাটে। আহমেদাবাদত অনুষ্ঠিত বৰ্ডাৰ-গাওস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৮৬ ৰান ইনিংছ খেলিছিল। 

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত যেতিয়া বিৰাটে বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া  একেৰাহে চাৰিটা উইকেট হেৰুৱাই কিছু হেঁচাত পৰিছিল ভাৰত। বিৰাটে লাহে লাহে আৰম্ভ কৰিলে। আনটো মূৰত ৰবীন্দ্ৰ জাডেজাক লৈ তেওঁ ইনিংছ আগুৱাই নিছিল।

এই ইনিংছৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত বিৰাটে পাঁচ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ১০০ ৰান সংগ্ৰহ কৰি বিৰাটৰ ৫০০ মেচত ৰান সংখ্যা হৈছেগৈ ২৫,৫৬১ ৰান। ইমান দিনে কালিছ পাঁচ নম্বৰত আছিল। কালিছৰ ৫১৯খন মেচত আছে ২৫,৫৩৪ ৰানৰ সংখ্যা।

তালিকাৰ শীৰ্ষত আছে শচীন টেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬৬৪খন খেলত ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছিল শচীনে। দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰা। ৫৯৪খন মেচত তেওঁৰ ৰান ২৮,০১৬।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে ৫৬০খন মেচত ২৭,৪৮৩ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত আছে শ্ৰীলংকাৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক মহেলা জয়ৱৰ্ধনে। ৬৫২খন মেচত ২৫,৯৫৭ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ বিৰাটে আৰু ৪০০ ৰান সংগ্ৰহ কৰিলে জয়ৱৰ্ধনে শীৰ্ষস্থান দখল কৰি চতুৰ্থ স্থানলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে