--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেণ্ডন মেককালামৰ প্ৰশিক্ষকতাত বেন ষ্ট’কে টেষ্ট ক্ৰিকেটৰ ধাৰণা সলনি কৰি আছে। বেটিং, বলিং, ফিল্ডিং - ইংৰাজসকলক সকলো ক্ষেত্ৰতে আক্ৰমণাত্মক মুডত দেখা যায়। তেওঁলোকৰ নতুন ধৰণৰ ক্ৰিকেট খেলৰ বাবে বহু অভিলেখ অৰ্জন কৰা হৈছে। এছেছ শৃংখলাৰ চতুৰ্থ টেষ্টত ইংলেণ্ডৰ দুগৰাকী বেটছমেনে কৃতিত্ব অৰ্জন কৰে।

এছেজ চিৰিজৰ চতুৰ্থখন টেষ্টত এই কৃতিত্ব অৰ্জন কৰিছে তেওঁলোকে। টেষ্টত ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুততম যুটিটোৰ বাবে জেক ক্ৰ’লি আৰু জো ৰুটে এই অভিলেখ গঢ়ে। এছেছ শৃংখলাৰ চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৭৮টা বলত ২০৬ ৰান সংগ্ৰহ কৰে ইংলেণ্ডৰ বেটছমেন দুগৰাকীয়ে।

তৃতীয় উইকেট যুটিত তেওঁলোকে প্ৰতি অভাৰত ৬.৯৪ ৰান সংগ্ৰহ কৰে। ক্ৰ’লি আৰু ৰুটে প্ৰায় টি-২০ ক্ৰিকেটৰ মুডত খেলিছিল। ক্ৰ’লি-ৰুটৰ এই যুটিটোৱে দুজন সতীৰ্থৰ বিশ্ব অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ইংলেণ্ডৰ জনী বেয়াৰষ্টো আৰু বেন ষ্ট’কছৰ নামত। ২০১৬ চনত কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৪৬টা বলত ৩৯৯ ৰান সংগ্ৰহ কৰিছিল দুয়োগৰাকীয়ে।

এই তালিকাত অষ্ট্ৰেলিয়াৰ দুজন প্ৰাক্তন ক্ৰিকেটাৰ এডাম গিলক্ৰিষ্ট আৰু মেথিউ হেডেন তৃতীয় স্থানত আছে। ২০০৩ চনত পাৰ্থত জিম্বাবুৱেৰ বিৰুদ্ধে তেওঁলোকে ২০৩টা বলত ২৩৩ ৰান সংগ্ৰহ কৰে। প্ৰতি অভাৰত ৬.৮৮ ৰান সংগ্ৰহ কৰিছিল।

 ইংলেণ্ডৰ ক্ৰ’লি আৰু বেন ডাকেটৰ যুটি চতুৰ্থ স্থানত আছে। ২০২২ চনত ৰাৱালপিণ্ডিত পাকিস্তানৰ বিৰুদ্ধে ২১৪টা বলত ২৩৩ ৰান সংগ্ৰহ কৰিছিল। সেই মেচত তেওঁলোকে প্ৰতি অভাৰত ৬.৫৩ ৰান সংগ্ৰহ কৰিছিল।

এই তালিকাৰ পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰ আৰু জো বাৰ্নছৰ যুটি। ২০১৫ চনত ব্রিজবেনত নিউজিলেণ্ডৰ বিৰুদ্ধে ২২৬টা বলত ২৩৭ ৰান সংগ্ৰহ কৰিছিল। প্ৰতি অভাৰত ৬.২৯ ৰান সংগ্ৰহ কৰে।

ষষ্ঠ স্থানত আছে দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছ আৰু গ্ৰেম স্মিথৰ যুটি। ২০০৫ চনত কেপ টাউনত জিম্বাবুৱেৰ বিৰুদ্ধে ২০৯ ৰানত ২১৭ ৰান সংগ্ৰহ কৰিছিল। তেওঁলোকৰ যুটিটোৱে প্ৰতি অভাৰত ৬.২২ ৰান সংগ্ৰহ কৰে।

চলিত এছেজ শৃংখলাৰ মানচেষ্টাৰ টেষ্টত অষ্ট্ৰেলিয়াৰ ৩১৭ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে ষ্ট’কছে দ্ৰুতগতিত বৃহৎ ৰান সংগ্ৰহ কৰাৰ লক্ষ্যৰে বেটিং কৰিবলৈ গৈছিল। তৃতীয় উইকেটত সেয়ে ক্ৰ’লি আৰু ৰুটে এই নতুন অভিলেখ গঢ়িলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু