--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০জুলাইৰ পৰা চানমাৰিৰ শিক্ষক ভৱনত অনুষ্ঠিত হৈ থকা ৪৬ সংখ্যক  সদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আন্ত:জিলা দবা প্ৰতিযোগিতাৰ  চতুৰ্থ ৰাউণ্ডৰ শেষত লৰা শাখাত গুৱাহাটীৰ ৰিয়ান নবিশে ৪ ৰাউণ্ডৰ খেলত ৪ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে।  চতুৰ্থ ৰাউণ্ডৰ খেলত ৰিয়ানে গুৱাহাটীৰে শুৰ্য়াংশু শইকীয়াক পৰাস্ত কৰে। 

কাছাৰৰ সুদীপ্ত পল আৰু ৰনবীৰ দেৱ, কৰিমগঞ্জৰ চৈয়দ মেহদিয়ে  ৪ ৰাউণ্ডৰ পৰা ৩.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে।  ৩ পইণ্টকৈ সংগ্ৰহ কৰি গুৱাহাটীৰ শুৰ্য়াংশু শইকীয়া, হ্ৰেয়াংশ ডেকা, শ্ৰীহান কুমাৰ হোৰ, কৰিমগঞ্জৰ চৈয়দ ইব্ৰাহিম, ডিব্ৰুগড়ৰ নিবিৰ ডেকা আৰু শিৱসাগৰৰ প্ৰনীথ  শৰ্মাই তৃতীয় স্থানত আছে ।
 ছোৱালী শাখাত গুৱাহাটীৰ আৰ্য্য জৈনে শোণিতপুৰৰ আদৃজা কলিতাক পৰাজিত কৰি চতুৰ্থ ৰাউণ্ডৰ শেষত ৪ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে।  যোৰহাটৰ নিদা নাজনিন আৰু আদৃজা খনিকৰ,  শোণিতপুৰৰ আদৃজা কলিতা আৰু গুৱাহাটীৰ চাৰ্ভীশ্ৰী বৰ্মনে ৩ পইণ্টকৈ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। যোৰহাটৰ চানভি কাশ্যপে ২.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থানত আছে। 

লৰা আৰু ছোৱালীৰ উভয় শাখাত মুঠ ৫৪ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক অনুৰ্দ্ধ ৭ ৰছৰৰ ৰাস্ত্ৰীয় দবালৈ অসম দল বাছনি কৰা হব।  প্ৰতিযোগিতাখন গুৱাহাটী দবা একাডেমীয়ে অসম দবা সন্থাৰ হৈ আয়োজন কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে