--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। দেশৰ মুঠ ১১১টা সমষ্টি দেওবাৰে ঘোষণা কৰা হয়। বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউট আৰু ক্ষুদ্ৰ পৰ্দাৰ অভিনেতা অৰুণ গোভিলও এই তালিকাত আছে। মন কৰিবলগীয়া যে অৰুণে এসময়ত সৰু পৰ্দাৰ ৰামায়ণ টেলি ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।

কংগনাই পদ্মপ্ৰতীকত হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উত্তৰ প্ৰদেশৰ মীৰুট কেন্দ্ৰৰ পৰা অৰুণক এই টিকট দিয়া হৈছে। কংগনাই নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ লগে লগে বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাই এটা পোষ্ট কৰে।

কংগনাই লিখে- ''মোৰ মৰমৰ ভাৰত আৰু ভাৰতীয় জনতাৰ নিজৰ দল- ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সদায় মোৰ নিঃচৰ্ত সমৰ্থন আছে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক মোৰ জন্মস্থান হিমাচল প্ৰদেশ, মাণ্ডী (সমষ্টি)ৰ পৰা তেওঁলোকৰ লোকসভা প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰিছে। আনুষ্ঠানিকভাৱে দলত যোগদান কৰি মই সন্মান আৰু উল্লাসিত অনুভৱ কৰিছো। মই এজন যোগ্য কৰ্মকৰ্তা আৰু এজন নিৰ্ভৰযোগ্য জনসেৱক হ'বলৈ আগ্ৰহী।’’

পিলভিটত এইবাৰ বৰুণ গান্ধীক টিকট নিদিলে বিজেপিয়ে। তেওঁৰ সলনি সেই আসনৰ পদ্ম প্ৰাৰ্থী হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা জিতীন প্ৰসাদ। অৱশ্যে বৰুণে টিকট নাপালেও পুনৰ নিজৰ পুৰণি সমষ্টি চুলতানপুৰৰ পৰা মনোনীত হ’ল মনেকা গান্ধী। ৱায়ানাডত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ