--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। দেশৰ মুঠ ১১১টা সমষ্টি দেওবাৰে ঘোষণা কৰা হয়। বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউট আৰু ক্ষুদ্ৰ পৰ্দাৰ অভিনেতা অৰুণ গোভিলও এই তালিকাত আছে। মন কৰিবলগীয়া যে অৰুণে এসময়ত সৰু পৰ্দাৰ ৰামায়ণ টেলি ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।

কংগনাই পদ্মপ্ৰতীকত হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উত্তৰ প্ৰদেশৰ মীৰুট কেন্দ্ৰৰ পৰা অৰুণক এই টিকট দিয়া হৈছে। কংগনাই নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ লগে লগে বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাই এটা পোষ্ট কৰে।

কংগনাই লিখে- ''মোৰ মৰমৰ ভাৰত আৰু ভাৰতীয় জনতাৰ নিজৰ দল- ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সদায় মোৰ নিঃচৰ্ত সমৰ্থন আছে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক মোৰ জন্মস্থান হিমাচল প্ৰদেশ, মাণ্ডী (সমষ্টি)ৰ পৰা তেওঁলোকৰ লোকসভা প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰিছে। আনুষ্ঠানিকভাৱে দলত যোগদান কৰি মই সন্মান আৰু উল্লাসিত অনুভৱ কৰিছো। মই এজন যোগ্য কৰ্মকৰ্তা আৰু এজন নিৰ্ভৰযোগ্য জনসেৱক হ'বলৈ আগ্ৰহী।’’

পিলভিটত এইবাৰ বৰুণ গান্ধীক টিকট নিদিলে বিজেপিয়ে। তেওঁৰ সলনি সেই আসনৰ পদ্ম প্ৰাৰ্থী হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা জিতীন প্ৰসাদ। অৱশ্যে বৰুণে টিকট নাপালেও পুনৰ নিজৰ পুৰণি সমষ্টি চুলতানপুৰৰ পৰা মনোনীত হ’ল মনেকা গান্ধী। ৱায়ানাডত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু