--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গংগা বিলাস বিলাসী ক্ৰুজ মঙলবাৰে বাৰাণসীৰ ৰামনগৰ বন্দৰত উপস্থিত হৈছে। ২২ ডিচেম্বৰত কলকাতা ত্যাগ কৰা এই ক্ৰুজখন প্ৰথমতে শনিবাৰে পবিত্ৰ চহৰখনতত উপস্থিত হোৱাৰ কথা আছিল। অৱশ্যে বেয়া বতৰৰ  বাবে জাহাজ খন পলমকৈহে বাৰাণসীত  উপস্থিত হয়।

 এমভি গংগা বিলাস ক্ৰুজ যাত্ৰা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ফ্লেগ অফ কৰিব৷ আৰম্ভণিতে, ক্ৰুজখন ৰামনগৰ বন্দৰৰ পৰা সন্ত ৰবিদাস ঘাটলৈ যাব৷ বিলাসী ট্ৰিপল-ডেক ক্ৰুজ খনে  বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘল জলপথেৰে  ভ্ৰমণ কৰিব৷ চৰকাৰী বিবৃতি অনুসৰি, ক্ৰুজ খনে  ৫১ দিনীয়া যাত্ৰা কৰিব, যাৰ ভিতৰত আছে বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট আৰু বিহাৰৰ পাটনা, পশ্চিম বংগৰ ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতাকে ধৰি ৫০ খন পৰ্যটন স্থলী ভ্ৰমণ কৰিব ৷ ক্ৰুজখনত ১৮ টা চুটৰ সৈতে ৮০ জন যাত্ৰীৰ থাকিব পাৰিব। ৫১ দিনীয়া যাত্ৰাত গংগা বিলাস ক্ৰুজ খনে বাংলাদেশৰ মাজেৰে পাৰ হ'ব৷ ইয়াৰ পিছত জাহাজ খনে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰে  ডিব্ৰুগড়লৈ যাব৷ ভাৰত আৰু বাংলাদেশৰ পাঁচখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যাবলগীয়া গংগা বিলাস ক্ৰুজে ৩,২০০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিব৷ 

এই ক্ৰুজখনে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, বাংলাদেশ আৰু অসমৰ মুঠ ২৭ খন নদীৰ মাজেৰে পাৰ হ'ব। ই তিনিখন মুখ্য নদী - গংগা, মেঘনা আৰু ব্ৰহ্মপুত্ৰকো সামৰি ল'ব। গংগা বিলাস ক্ৰুজৰ টিকট সমূহ কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে বুক কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰা মতে  ক্ৰুজত প্ৰতিজন ব্যক্তিৰ পৰা প্ৰতিদিনে ২৪,৬৯২.২৫ টকা লোৱা হ’ব।   সোণোৱালে কয় যে ভাৰতীয় আৰু বিদেশীসকলৰ বাবে ভাড়া একেই হ’ব ৷ সম্পূৰ্ণ ৫১ দিনৰ বাবে একো খন ক্ৰুজ টিকটৰ মূল্য ১২.৫৯ লাখ টকা (১৫৩০০০ ডলাৰ)তকৈও অধিক হ'ব বুলি তেওঁ কয়৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক