--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ কঁপোৱা লখিমপুৰ খেৰী কাণ্ডৰ  বিচাৰ প্ৰক্ৰিয়া  সম্পূৰ্ণ হ'বলৈ আৰু লাগিব পাঁচ বছৰ !যোগীৰ চৰকাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ক।শীৰ্ষ ন্যায়ালয়ে জানিব বিচাৰিছিল যে লখিমপুৰ খেৰী কৃষক হত্যাৰ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব। কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক গোচৰটোৰ মূল অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছে।

উল্লেখ্য প্ৰতিবাদকাৰী কৃষকসকলক উত্তৰ প্ৰদেশৰ লখিমপুৰত মন্ত্ৰী পুত্ৰই  বাহনেৰে চোঁচৰাই নিছিল।  অনুসন্ধানকাৰীসকলে কৈছে  যে কৃষকসকলক ষড়যন্ত্ৰমূলকভাবে হত্যা কৰা হৈছে।  কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ সেই ষড়যন্ত্ৰকাৰীসকলৰ মাজৰে এজন আছিল। অৱশ্যে আশীষ বা গোচৰটোৰ আন অভিযুক্তসকলে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো শাস্তিৰ সন্মুখীন নহ'ব পাৰে। বুধবাৰে লখিমপুৰৰ ঘটনাৰ এবছৰ,  তিনি মাহ পিছত উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ক কয়  যে গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰায় পাঁচ বছৰ লাগিব।

 প্ৰতিবেদনখনত ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ামে কৈছে যে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে গোচৰটোত ২০৮ টা সাক্ষ্য, ১৭১ খন নথি পত্ৰ আৰু ২৭ খন ফৰেনচিক গৱেষণা প্ৰতিবেদন পৰীক্ষা কৰিব লাগিব। দুয়োজন ন্যায়াধীশৰ মতে, এনে ধৰণৰ গোচৰত সাধাৰণতে প্ৰায় পাঁচ বছৰ সময় লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক