--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ কঁপোৱা লখিমপুৰ খেৰী কাণ্ডৰ  বিচাৰ প্ৰক্ৰিয়া  সম্পূৰ্ণ হ'বলৈ আৰু লাগিব পাঁচ বছৰ !যোগীৰ চৰকাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ক।শীৰ্ষ ন্যায়ালয়ে জানিব বিচাৰিছিল যে লখিমপুৰ খেৰী কৃষক হত্যাৰ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব। কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক গোচৰটোৰ মূল অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছে।

উল্লেখ্য প্ৰতিবাদকাৰী কৃষকসকলক উত্তৰ প্ৰদেশৰ লখিমপুৰত মন্ত্ৰী পুত্ৰই  বাহনেৰে চোঁচৰাই নিছিল।  অনুসন্ধানকাৰীসকলে কৈছে  যে কৃষকসকলক ষড়যন্ত্ৰমূলকভাবে হত্যা কৰা হৈছে।  কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ সেই ষড়যন্ত্ৰকাৰীসকলৰ মাজৰে এজন আছিল। অৱশ্যে আশীষ বা গোচৰটোৰ আন অভিযুক্তসকলে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো শাস্তিৰ সন্মুখীন নহ'ব পাৰে। বুধবাৰে লখিমপুৰৰ ঘটনাৰ এবছৰ,  তিনি মাহ পিছত উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ক কয়  যে গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰায় পাঁচ বছৰ লাগিব।

 প্ৰতিবেদনখনত ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ামে কৈছে যে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে গোচৰটোত ২০৮ টা সাক্ষ্য, ১৭১ খন নথি পত্ৰ আৰু ২৭ খন ফৰেনচিক গৱেষণা প্ৰতিবেদন পৰীক্ষা কৰিব লাগিব। দুয়োজন ন্যায়াধীশৰ মতে, এনে ধৰণৰ গোচৰত সাধাৰণতে প্ৰায় পাঁচ বছৰ সময় লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু