--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “ভাৰতত মুছলমানসকলৰ ভয় কৰাৰ একো নাই, কিন্তু তেওঁলোকে তেওঁলোকৰ আধিপত্যৰ বাক্যবাণ  ত্যাগ কৰিব লাগিব” —এই মন্তব্য  আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱৰ৷ এই মন্তব্যৰ সমান্তৰালভাৱে  এক সাক্ষাৎকাৰত শ্ৰীভাগৱতে এলজিবিটি সম্প্ৰদায়ৰ প্ৰতি  সমৰ্থনো প্ৰকাশ কৰে৷ তেওঁ  কয় যে,  তেওঁলোকৰো নিজা ব্যক্তিগত স্থান থাকিব লাগে আৰু সংঘই এই দৃষ্টিভংগীৰ প্ৰচাৰ কৰিব লাগিব।

লগতে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ইয়াকো কয় যে, এয়া হৈছে জৈৱিক, জীৱনৰ এক প্ৰকাৰ। আমি বিচাৰো যে তেওঁলোকৰ নিজা ব্যক্তিগত স্থান থাকক আৰু অনুভৱ কৰক যে তেওঁলোকও সমাজৰ এটা অংশ। এইটো ইমান সৰল বিষয়। আমি এই দৃষ্টিভংগীৰ প্ৰচাৰ কৰিব লাগিব কিয়নো ইয়াৰ সমাধানৰ আন সকলো উপায় নিষ্ফল হ'ব৷”


উক্ত সাক্ষাৎকাৰত এলজিবিটি সম্প্ৰদায়ৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ উপৰিও হিন্দু সমাজ আৰু হিন্দুত্ববাদ সম্পৰ্কেও এক মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে,"আপুনি দেখিছে, হিন্দু সমাজত ১,০০০ বছৰৰো অধিক সময় ধৰি যুদ্ধ চলি আছে – বিদেশী আক্ৰমণ, বিদেশী প্ৰভাৱ আৰু বিদেশী ষড়যন্ত্ৰৰ বিৰুদ্ধে এই যুঁজ চলি আছে। সংঘই এই উদ্দেশ্যত ইয়াৰ সমৰ্থন আগবঢ়াইছে, আনসকলেও।”

"সৰল সত্যটো হ'ল এইটো – হিন্দুস্থান হিন্দুস্থান হৈ থাকিব লাগে। ভাৰতত আজি বাস কৰা মুছলমানসকলৰ কোনো ক্ষতি নাই... ইছলামৰ ভয় কৰাৰ একো নাই। কিন্তু একে সময়তে, মুছলমানসকলে তেওঁলোকৰ আধিপত্যৰ উচ্ছৃংখল বাক্যবাণ ত্যাগ কৰিব লাগিব। আমি এক উচ্চ জাতিৰ; আমি এবাৰ এই ভূমিৰ ওপৰত শাসন কৰিছিলো, আৰু ইয়াক পুনৰ শাসন কৰিম; কেৱল আমাৰ পথ সঠিক ৷  আমি বেলেগ, সেয়েহে আমি তেনেকৈয়ে থাকিব৷ আমি একেলগে থাকিব নোৱাৰো – তেওঁলোকে (মুছলমানসকলে) এই আখ্যান ত্যাগ কৰিব লাগিব। দৰাচলতে, ইয়াত বাস কৰা সকলোৱে – হিন্দু হওঁক বা কমিউনিষ্ট হওঁক - এই যুক্তি ত্যাগ কৰিব লাগিব," আৰ এছ এছ ৰ মুৰব্বীয়ে কয়।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু