--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “ভাৰতত মুছলমানসকলৰ ভয় কৰাৰ একো নাই, কিন্তু তেওঁলোকে তেওঁলোকৰ আধিপত্যৰ বাক্যবাণ  ত্যাগ কৰিব লাগিব” —এই মন্তব্য  আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱৰ৷ এই মন্তব্যৰ সমান্তৰালভাৱে  এক সাক্ষাৎকাৰত শ্ৰীভাগৱতে এলজিবিটি সম্প্ৰদায়ৰ প্ৰতি  সমৰ্থনো প্ৰকাশ কৰে৷ তেওঁ  কয় যে,  তেওঁলোকৰো নিজা ব্যক্তিগত স্থান থাকিব লাগে আৰু সংঘই এই দৃষ্টিভংগীৰ প্ৰচাৰ কৰিব লাগিব।

লগতে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ইয়াকো কয় যে, এয়া হৈছে জৈৱিক, জীৱনৰ এক প্ৰকাৰ। আমি বিচাৰো যে তেওঁলোকৰ নিজা ব্যক্তিগত স্থান থাকক আৰু অনুভৱ কৰক যে তেওঁলোকও সমাজৰ এটা অংশ। এইটো ইমান সৰল বিষয়। আমি এই দৃষ্টিভংগীৰ প্ৰচাৰ কৰিব লাগিব কিয়নো ইয়াৰ সমাধানৰ আন সকলো উপায় নিষ্ফল হ'ব৷”


উক্ত সাক্ষাৎকাৰত এলজিবিটি সম্প্ৰদায়ৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ উপৰিও হিন্দু সমাজ আৰু হিন্দুত্ববাদ সম্পৰ্কেও এক মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে,"আপুনি দেখিছে, হিন্দু সমাজত ১,০০০ বছৰৰো অধিক সময় ধৰি যুদ্ধ চলি আছে – বিদেশী আক্ৰমণ, বিদেশী প্ৰভাৱ আৰু বিদেশী ষড়যন্ত্ৰৰ বিৰুদ্ধে এই যুঁজ চলি আছে। সংঘই এই উদ্দেশ্যত ইয়াৰ সমৰ্থন আগবঢ়াইছে, আনসকলেও।”

"সৰল সত্যটো হ'ল এইটো – হিন্দুস্থান হিন্দুস্থান হৈ থাকিব লাগে। ভাৰতত আজি বাস কৰা মুছলমানসকলৰ কোনো ক্ষতি নাই... ইছলামৰ ভয় কৰাৰ একো নাই। কিন্তু একে সময়তে, মুছলমানসকলে তেওঁলোকৰ আধিপত্যৰ উচ্ছৃংখল বাক্যবাণ ত্যাগ কৰিব লাগিব। আমি এক উচ্চ জাতিৰ; আমি এবাৰ এই ভূমিৰ ওপৰত শাসন কৰিছিলো, আৰু ইয়াক পুনৰ শাসন কৰিম; কেৱল আমাৰ পথ সঠিক ৷  আমি বেলেগ, সেয়েহে আমি তেনেকৈয়ে থাকিব৷ আমি একেলগে থাকিব নোৱাৰো – তেওঁলোকে (মুছলমানসকলে) এই আখ্যান ত্যাগ কৰিব লাগিব। দৰাচলতে, ইয়াত বাস কৰা সকলোৱে – হিন্দু হওঁক বা কমিউনিষ্ট হওঁক - এই যুক্তি ত্যাগ কৰিব লাগিব," আৰ এছ এছ ৰ মুৰব্বীয়ে কয়।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক