--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৫২। কৰ্মসূত্ৰে  পুত্ৰ  বিদেশত থাকে। একাকীত্ব আঁতৰাবলৈ, পুত্ৰই বিয়া কৰাই দিলে মাতৃক। বিয়াখনক লৈ পুত্ৰই যুৱ প্ৰজন্মৰ বাবে তেওঁৰ এটা বিশেষ বাৰ্তাও প্ৰেৰণ কৰিছে।

পুত্ৰ জীমিত গান্ধীয়ে লিখিছিল, "মোৰ মাতৃয়ে ২০১৩ চনত ৪৪ বছৰ বয়সত তেওঁৰ স্বামীক হেৰুৱাইছিল। ২০১৯ চনত, মোৰ মা  স্তন কৰ্কট (স্তৰ ৩)  ৰোগ ধৰা পৰিছিল। তাৰ পাছত তেওঁ একাধিক কেমো চিকিৎসা প্ৰদান কৰা হৈছিল। কৰ্কট ৰোগৰ চিকিৎসা চলি থকা অৱস্থাত তেওঁ কৰোনাৰ ডেল্টা প্ৰকাৰত আক্ৰান্ত বুলি ধৰা পৰিছিল। মোৰ মা তেতিয়াও হতাশ হোৱা নাছিল, তেওঁ পৰাজিত হোৱা নাছিল। তেওঁ সকলো তথাকথিত গণ্ডি ভাঙি জীৱন অতিবাহিত কৰিছে। ৫২ বছৰ বয়সত, মোৰ মাক সেয়েহে এজন মনে মিলা সংগীৰ সৈতে বিয়া কৰাই দিব বিছাৰিছো।"

একে সময়তে, এই যুৱকজনে যুৱ প্ৰজন্মক এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। "ভাৰতৰ সকলো যুৱক-যুৱতীৰ বাবে, যদি আপোনাৰ পিতৃ-মাতৃৰ কোনো অবিবাহিত হয়, তেওঁলোকৰ সঙ্গী বিচাৰি উলিওৱাৰ সিদ্ধান্তক সমৰ্থন কৰক। প্ৰেম আৰু মানসিক স্বাস্থ্য প্ৰথমে আহে। "

উল্লেখ্য যে, মানুহজনৰ পৰিয়ালো স্বাভাৱিকতে সুখী। মানুহজনে তেওঁৰ মাতৃৰ বিয়াৰ এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। য'ত বৰ মালাৰ ছবি  দৃশ্যমান হয়। মানুহজনে ফটোখন এটা সামাজিক মাধ্যমৰ মঞ্চত পোষ্ট কৰিছিল। তাৰ পাছত, বহুলোকে তেওঁক প্ৰশংসা কৰিছিল। বহুতে তেওঁলোকৰ অভিজ্ঞতাও ভাগ বতৰা কৰিছিল।

এগৰাকী মহিলাই লিখিছিল, "এগৰাকী অবিবাহিত মাতৃ হোৱাটো আটাইতকৈ কঠিন কাম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমাৰ সকলোকে আমাৰ জীৱনৰ কোনো সময়ত এজন জীৱন সংগীৰ প্ৰয়োজন। জীৱনত এজন প্ৰকৃত জীৱন সংগী থকাটো ভাগ্যৰ বিষয়।  আপোনালৈ শুভেচ্ছা। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি