--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে জাতি-ধৰ্ম-বয়স, ৰং-ৰূপ একো নাচায়। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা প্ৰেম কাহিনীৰ চৰ্চা হৈছে য’ত এই প্ৰেমিক-প্ৰেমিকাৰ বয়সৰ পাৰ্থক্য মুঠ ৩২ বছৰ। কেৱল এয়াই নহয়, এওঁলোকৰ মাজত আছিল শিক্ষক আৰু ছাত্ৰীৰ সম্পৰ্ক। সম্পূৰ্ণ প্ৰেম কাহিনীটো কি জানো আহক।

আচলতে ভাইৰেল হৈ পৰা এই কাহিনীটো হৈছে এগৰাকী ৫২ বছৰীয়া শিক্ষকৰ যিয়ে তেওঁৰ ২০ বছৰীয়া এগৰাকী ছাত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। এই দম্পতীৰ কাহিনী বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ শিক্ষকগৰাকীৰ চেহেৰা আৰু ব্যক্তিত্ব খুবেই ভাল পাইছিল।৩২ বছৰৰ পাৰ্থক্যৰ পিছতো দুয়োজনে বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল। যদিও আত্মীয়ই এই বিষয়ত বহু আপত্তি উত্থাপন কৰিছিল, কিন্তু তথাপিও দুয়োজনে এক হোৱাৰ সিদ্ধান্ত লৈছিল।

এই প্ৰেম কাহিনীটো চুবুৰীয়া দেশ পাকিস্তানৰ, য’ত তেওঁলোকৰ কাহিনীটো এজন ইউটিউবাৰে চৰ্চালৈ আনিছে। ২০ বছৰীয়া জোয়া নূৰে কয় যে তেওঁ ৫২ বছৰীয়া শিক্ষক ছাজিদ আলীৰ প্ৰেমত পৰিছিল। জোয়াই এখন কলেজৰ পৰা B.Com কৰি আছে, তাৰ মাজতে তেওঁক ছাজিদৰ ৰূপ আৰু ব্যক্তিত্বই বৰকৈ আকৰ্ষণ কৰিছিল। এনেদৰেই জোয়াই ছাজিদ আলীৰ প্ৰেমত পৰিল।
জোয়াই কয় যে এগৰাকী শিক্ষক হিচাপে ছাজিদে তেওঁক আওকাণ কৰিছিল। কিন্তু এদিন জোয়াই তেওঁক হৃদয়ৰ কথা ক’লে আৰু ছাজিদে জোয়াৰ মনৰ কথা বুজি পালে। জোয়াৰ পৰা ভালপোৱাৰ প্ৰস্তাৱ পোৱাৰ পাছত ছাজিদে চিন্তা কৰিবলৈ এসপ্তাহ সময় বিচাৰিলে। এই সময়ত তেঁৱো জোয়াৰ প্ৰেমত পৰে। তাৰপাছত দুয়ো পতাৰ সিদ্ধান্ত লয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক