--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহৰিষৰ মাজতে বিষাদ।  আনন্দৰ মুহূৰ্ত শেষত গৈ  শোকৰ পৰিৱেশত পৰিণত  হ’ল  দক্ষিণ কোৰিয়াত। দেশ খনৰ  ৰাজধানী চিউলত  শনিবাৰে নিশা হেলোইন উৎসৱ  উদযাপনৰ সময়তে সংঘটিত এক পদপিষ্টৰ ঘটনাত  কমেও ১৫০ জন লোকৰ মৃত্যু হৈছে। 

তেওঁলোকৰ বেছিভাগেই কিশোৰ আৰু যুৱক। মৃতসকলৰ ভিতৰত ১৯ জন বিদেশী পৰ্যটকো  আছে।  এই ঘটনাত কমেও ২০০ জন লোক আহত হৈছে। তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ফলস্বৰূপে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। ৩৫০ তকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।  কেনেকৈ শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে।উল্লেখ্য  হেলোইন হৈছে  এক ’ভূতৰ উৎসৱ’। ইউৰোপীয় দেশ, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ বাসিন্দাসকলে ভূতৰ সকলো অদ্ভুত পোছাক পিন্ধি হেলোইন পাৰ্টি উপভোগ কৰে।

দক্ষিণ কোৰিয়াতো এই  উৎসৱত অসংখ্য লোকে  অংশগ্ৰহণ কৰিছিল। দেশ খনৰ ৰাজধানী চিউলৰ ইটিয়ন এলেকাত অনুষ্ঠিত  এই  উৎসৱত হোৱা ভিৰৰ বাবেই মনুহৰ মাজত ঠেলা-হেঁচা লাগে আৰু পদপিষ্ট হৈ ১৫০ জনৰো অধিক লোকৰ মৃত্যু ঘটে বুলি সন্দে কৰা হৈছে। শনিবাৰে নিশা ইয়'ন অঞ্চলত হেলোইন উৎসৱ চলি আছিল। কৰোনাৰ প্ৰাদুৰ্ভাৱৰ বাবে যোৱা দুবছৰত ভূতৰ উৎসৱ উদযাপন কৰা হোৱা নাছিল। 
 
স্থানীয় প্ৰশাসনে কয়  যে ইটিয়নত লাখ লাখ লোক সমবেত হৈছিল। আৰক্ষীয়ে ঠেক গলি অঞ্চলত এই ভিৰৰ নিয়ন্ত্ৰণ কৰিবলৈ  চেষ্টা চলাই  আছিল। ইয়াৰ মাজতে হঠাতে দৌৰাদৌৰি আৰম্ভ হ'ল। 

এই শোকাৱহ ঘটনৰ পিছতে সেই ঠাইতউদ্ধাৰ অভিযান চলি আছে। ঠেক গলিৰে ভৰা এলেকা হোৱা  বাবে অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী কৰ্মীয়ে উদ্ধাৰ অভিযান তৎপৰতাৰে  কৰিব পৰা নাই। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ন চাক য়োলে ঘটনাটোত শোক প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু অন্যান্য ৰাষ্ট্ৰ প্ৰধানসকলেও সমবেদনা জ্ঞাপন কৰিছে। 

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এটা টাস্ক ফ'ৰ্চ গঠন কৰি ঘটনাটোৰ  তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক