--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহৰিষৰ মাজতে বিষাদ।  আনন্দৰ মুহূৰ্ত শেষত গৈ  শোকৰ পৰিৱেশত পৰিণত  হ’ল  দক্ষিণ কোৰিয়াত। দেশ খনৰ  ৰাজধানী চিউলত  শনিবাৰে নিশা হেলোইন উৎসৱ  উদযাপনৰ সময়তে সংঘটিত এক পদপিষ্টৰ ঘটনাত  কমেও ১৫০ জন লোকৰ মৃত্যু হৈছে। 

তেওঁলোকৰ বেছিভাগেই কিশোৰ আৰু যুৱক। মৃতসকলৰ ভিতৰত ১৯ জন বিদেশী পৰ্যটকো  আছে।  এই ঘটনাত কমেও ২০০ জন লোক আহত হৈছে। তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ফলস্বৰূপে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। ৩৫০ তকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।  কেনেকৈ শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে।উল্লেখ্য  হেলোইন হৈছে  এক ’ভূতৰ উৎসৱ’। ইউৰোপীয় দেশ, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ বাসিন্দাসকলে ভূতৰ সকলো অদ্ভুত পোছাক পিন্ধি হেলোইন পাৰ্টি উপভোগ কৰে।

দক্ষিণ কোৰিয়াতো এই  উৎসৱত অসংখ্য লোকে  অংশগ্ৰহণ কৰিছিল। দেশ খনৰ ৰাজধানী চিউলৰ ইটিয়ন এলেকাত অনুষ্ঠিত  এই  উৎসৱত হোৱা ভিৰৰ বাবেই মনুহৰ মাজত ঠেলা-হেঁচা লাগে আৰু পদপিষ্ট হৈ ১৫০ জনৰো অধিক লোকৰ মৃত্যু ঘটে বুলি সন্দে কৰা হৈছে। শনিবাৰে নিশা ইয়'ন অঞ্চলত হেলোইন উৎসৱ চলি আছিল। কৰোনাৰ প্ৰাদুৰ্ভাৱৰ বাবে যোৱা দুবছৰত ভূতৰ উৎসৱ উদযাপন কৰা হোৱা নাছিল। 
 
স্থানীয় প্ৰশাসনে কয়  যে ইটিয়নত লাখ লাখ লোক সমবেত হৈছিল। আৰক্ষীয়ে ঠেক গলি অঞ্চলত এই ভিৰৰ নিয়ন্ত্ৰণ কৰিবলৈ  চেষ্টা চলাই  আছিল। ইয়াৰ মাজতে হঠাতে দৌৰাদৌৰি আৰম্ভ হ'ল। 

এই শোকাৱহ ঘটনৰ পিছতে সেই ঠাইতউদ্ধাৰ অভিযান চলি আছে। ঠেক গলিৰে ভৰা এলেকা হোৱা  বাবে অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী কৰ্মীয়ে উদ্ধাৰ অভিযান তৎপৰতাৰে  কৰিব পৰা নাই। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ন চাক য়োলে ঘটনাটোত শোক প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু অন্যান্য ৰাষ্ট্ৰ প্ৰধানসকলেও সমবেদনা জ্ঞাপন কৰিছে। 

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এটা টাস্ক ফ'ৰ্চ গঠন কৰি ঘটনাটোৰ  তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ