--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম পৰিচিত অভিনেতা নাছিৰুদ্দিন শ্বাহ। তেওঁ বলীউড উদ্যোগক এখনতকৈ  এখন হিট ছবি দিছে।শ্বাহৰ অভিনয়ক লৈ চলচ্চিত্ৰপ্ৰেমী সদা সষ্টম৷ আনফালে নাছিৰুদ্দিন শ্বাহৰ অভিনয়ৰ দক্ষতাৰ লগতে ৰাজনৈতিক বিষয়ত নিজৰ মতামত ৰখাৰ বাবেও সকলোৰে মাজত পৰিচিত। শেহতীয়াকৈ বলীউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ পুনৰবাৰ চৰ্চালৈ আহিছে।

এইবাৰ নাছিৰুদ্দিনে তেওঁৰ কোনো স্পষ্টবাদী বক্তব্যৰ বাবে নহয় বৰঞ্চ ডাঙৰ কন্যা হিবা শ্বাহৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আলোচনা পাত্ৰ হৈ পৰিছে। হিবাৰ জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে আলিগড়ৰ এছডিএম-এ। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাছিৰুদ্দিন শ্বাহৰ কন্যা হিবাৰ জন্ম হৈছিল ১৯৭০ চনৰ ২০ আগষ্টত আলিগড়ৰ টিকাৰাম নাৰ্চিং হোমত। ৫৩ বছৰৰ পাছত জন্মৰ প্ৰমাণ পত্ৰৰ  দাবী কৰে অভিনেতাজনে। সেয়েহে নিয়ম অনুসৰি পৌৰ নিগমে এই বিষয়ত এছডিএমৰ প্ৰতিবেদন বিচাৰিছিল। ইয়াৰ পাছত এছডিএম পৰ্যায়ৰ পৰা আবেদন নাকচ কৰা হয়।

আলিগড়ৰ এছডিএম-এ হিবাৰ জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কয় যে যদি তেওঁ প্ৰমাণ পত্ৰ বিচাৰে তেন্তে তেওঁৰ এজন তেজৰ সম্পৰ্ক আত্মীয়ই ইয়ালৈ আহি আবেদন কৰিব লাগিব। ইয়াৰ লগতে ইয়াৰ আঁৰৰ কাৰণটোও ক’ব লাগিব যে ৫৩ বছৰৰ পাছত অৱশেষত তেওঁক কিয় জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছে? ইয়াৰ লগতে তেওঁৰ জন্ম তাৰিখ সন্দৰ্ভত যিকোনো পৰীক্ষিত নথি বা শপতনামা দিব লাগিব। ইয়াৰ পাছতহে প্ৰমাণ পত্ৰৰ বিষয়টো বিবেচনা কৰা হ’ব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত