--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম পৰিচিত অভিনেতা নাছিৰুদ্দিন শ্বাহ। তেওঁ বলীউড উদ্যোগক এখনতকৈ  এখন হিট ছবি দিছে।শ্বাহৰ অভিনয়ক লৈ চলচ্চিত্ৰপ্ৰেমী সদা সষ্টম৷ আনফালে নাছিৰুদ্দিন শ্বাহৰ অভিনয়ৰ দক্ষতাৰ লগতে ৰাজনৈতিক বিষয়ত নিজৰ মতামত ৰখাৰ বাবেও সকলোৰে মাজত পৰিচিত। শেহতীয়াকৈ বলীউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ পুনৰবাৰ চৰ্চালৈ আহিছে।

এইবাৰ নাছিৰুদ্দিনে তেওঁৰ কোনো স্পষ্টবাদী বক্তব্যৰ বাবে নহয় বৰঞ্চ ডাঙৰ কন্যা হিবা শ্বাহৰ জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আলোচনা পাত্ৰ হৈ পৰিছে। হিবাৰ জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে আলিগড়ৰ এছডিএম-এ। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাছিৰুদ্দিন শ্বাহৰ কন্যা হিবাৰ জন্ম হৈছিল ১৯৭০ চনৰ ২০ আগষ্টত আলিগড়ৰ টিকাৰাম নাৰ্চিং হোমত। ৫৩ বছৰৰ পাছত জন্মৰ প্ৰমাণ পত্ৰৰ  দাবী কৰে অভিনেতাজনে। সেয়েহে নিয়ম অনুসৰি পৌৰ নিগমে এই বিষয়ত এছডিএমৰ প্ৰতিবেদন বিচাৰিছিল। ইয়াৰ পাছত এছডিএম পৰ্যায়ৰ পৰা আবেদন নাকচ কৰা হয়।

আলিগড়ৰ এছডিএম-এ হিবাৰ জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কয় যে যদি তেওঁ প্ৰমাণ পত্ৰ বিচাৰে তেন্তে তেওঁৰ এজন তেজৰ সম্পৰ্ক আত্মীয়ই ইয়ালৈ আহি আবেদন কৰিব লাগিব। ইয়াৰ লগতে ইয়াৰ আঁৰৰ কাৰণটোও ক’ব লাগিব যে ৫৩ বছৰৰ পাছত অৱশেষত তেওঁক কিয় জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছে? ইয়াৰ লগতে তেওঁৰ জন্ম তাৰিখ সন্দৰ্ভত যিকোনো পৰীক্ষিত নথি বা শপতনামা দিব লাগিব। ইয়াৰ পাছতহে প্ৰমাণ পত্ৰৰ বিষয়টো বিবেচনা কৰা হ’ব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস