--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত বুধবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষীৰ জিম্মাত থকা এজন কুখ্যাত অপৰাধীক আদালতলৈ নিয়াৰ পথতে  হত্যা কৰা হৈছে। দুৰ্বৃত্তৰ এটা দলে আদালতলৈ যোৱাৰ পথতে বিজিপি নেতা এজনক  হত্যাৰ গোচৰত অভিযুক্ত গেংষ্টাৰ জনক  আক্ৰমণ কৰে। 

জানিব পৰা মতে আৰক্ষীৰ চকুত জলকীয়া গুড়ি মাৰি দুৰ্বৃত্তই আক্ৰমণৰ ঘটনাটো সংঘটিত  কৰে। । ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে। আৰক্ষীৰ জিম্মাত থকা  অৱস্থাতে এনেদজৰে অপৰাধীক গুলীয়াই হত্যা কৰাৰ ঘটনাই  ৰাজ্যখনৰ আইন-শৃংখলা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। বুধবাৰে গেংষ্টাৰ কুলদীপ জাঘিনাৰক  আৰক্ষীয়ে ভৰতপুৰৰ  আদালতলৈ লৈ গৈ আছিল। । 

বিজেপি নেতা কৃপাল সিঙৰ হত্যাৰ গোচৰত কুলদীপৰ বিৰুদ্ধে বিচাৰ চলি আছে। আদালতলৈ নিয়াৰ সময়তে  দুৰ্বৃত্তৰ এটা দলে জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ আমোলি টোল প্লাজাৰ ওচৰত আৰক্ষীৰ বাহনখন  ঘেৰি ধৰে। 

 দুৰ্বৃত্তই আৰক্ষীৰ চকুত জলকীয়া গুড়ি নিক্ষেপ কৰে আৰু কুলদীপক  গুলীয়াই হত্যা কৰে। উল্লেখ্য ইয়াৰ পূৰ্বেও প্ৰায় একে কায়দাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত পাঁচবাৰৰ সমাজবাদী পাৰ্টিৰ বিধায়ক তথা ফুলপুৰৰ প্ৰাক্তন সাংসদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আৰক্ষীয়ে হত্যা কৰা হৈছিল। ঘটনাটোৰ পিছতে  বিৰোধী ৰাজনৈতিক দলবোৰে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস