--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৬৯ চনত ৰংঘৰ চিনে Productionয়ে মুক্তি দিয়া ডক্তৰ বেজবৰুৱা চাইছিলোঁগৈ নতুন বোৱাৰী ৰূপেৰে৷ সুন্দৰ কাহিনী, সুন্দৰ গীতৰ সমাহাৰেৰে এখন সুন্দৰ কথাছবি৷ ডিব্ৰুগড়তে প্ৰায়বোৰ শ্বুটিং হোৱাৰ বাবে বহুতো শিল্পীক চিনি পাইছিলোঁ৷

কাহিনীটো সচৰাচৰ প্ৰেমৰ কাহিনী নাছিল৷ ই আছিল এক ৰহস্যময় কাহিনী৷ ২৩/২৪বছৰ বয়সত কাহিনী সম্পূৰ্ণকৈ মনত নৰ’ল যদিও সংগীতৰ লগত জড়িত বাবেই প্ৰতিটো গীত বা গীতৰ দৃশ্যাংশ আজিও মনত আছে৷ ক’লা-বগা এই ছবিখনে সেইসময়ত সমাজত সাংস্কৃতিক জোৱাৰ  আনিছিল৷ নিপন গোস্বামীৰ ধুনীয়া মুখখন আৰু অভিনয় চাবৰ বাবে সকলো উদ্বাউল আছিল৷

কালি ৭৬বছৰ বয়সত হাতত লাখুটি লৈ আৰু ৮৫বছৰ বয়সীয়া গৃহস্থক সঙ্গী কৰি ডক্তৰ বেজবৰুৱা-২ চালোগৈ৷ মনত সেই ৫৩ বছৰ আগৰ উদ্যম লৈ৷ সচাঁয়েই ডক্তৰ বেজবৰুৱাই নতুন সাজেৰে ৰাইজৰ মাজলৈ আহিল৷ ৫৩বছৰৰ পাছত যুগৰ লগত খোজ মিলাই একে কাহিনী, একে গীতৰ সুৰেৰে কিযে এক সুন্দৰ ছবি! সকলোৰে অভিনয় উচ্চ মানৰ৷ 

তাতে জুবিনৰ অভিনয়ত এইটো নিশ্চিত হ’লো যে জুবিনে সুন্দৰ গীতেই নাগায়, তেওঁ সুন্দৰ অভিনয়ো কৰে৷ তেওঁৰ লগত চৰিত্ৰটো খাপ খাই পৰিছিল৷ ডক্তৰ বেজবৰুৱাই বলীউডৰ কথাছবিৰ লগত অনায়াসে ফেৰ মাৰিব পাৰিব৷ এনেধৰণৰ সাংস্কৃতিক প্ৰচেষ্টাৰ বাবে ডক্তৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ শলাগ ল’লো৷ প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ সপোন সাকাৰ ৰূপ লোৱাত যথেষ্ট আনন্দিত হ’লো৷ তেখেতৰ আত্মাই সন্তুষ্টি লাভ কৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু