--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৬৯ চনত ৰংঘৰ চিনে Productionয়ে মুক্তি দিয়া ডক্তৰ বেজবৰুৱা চাইছিলোঁগৈ নতুন বোৱাৰী ৰূপেৰে৷ সুন্দৰ কাহিনী, সুন্দৰ গীতৰ সমাহাৰেৰে এখন সুন্দৰ কথাছবি৷ ডিব্ৰুগড়তে প্ৰায়বোৰ শ্বুটিং হোৱাৰ বাবে বহুতো শিল্পীক চিনি পাইছিলোঁ৷

কাহিনীটো সচৰাচৰ প্ৰেমৰ কাহিনী নাছিল৷ ই আছিল এক ৰহস্যময় কাহিনী৷ ২৩/২৪বছৰ বয়সত কাহিনী সম্পূৰ্ণকৈ মনত নৰ’ল যদিও সংগীতৰ লগত জড়িত বাবেই প্ৰতিটো গীত বা গীতৰ দৃশ্যাংশ আজিও মনত আছে৷ ক’লা-বগা এই ছবিখনে সেইসময়ত সমাজত সাংস্কৃতিক জোৱাৰ  আনিছিল৷ নিপন গোস্বামীৰ ধুনীয়া মুখখন আৰু অভিনয় চাবৰ বাবে সকলো উদ্বাউল আছিল৷

কালি ৭৬বছৰ বয়সত হাতত লাখুটি লৈ আৰু ৮৫বছৰ বয়সীয়া গৃহস্থক সঙ্গী কৰি ডক্তৰ বেজবৰুৱা-২ চালোগৈ৷ মনত সেই ৫৩ বছৰ আগৰ উদ্যম লৈ৷ সচাঁয়েই ডক্তৰ বেজবৰুৱাই নতুন সাজেৰে ৰাইজৰ মাজলৈ আহিল৷ ৫৩বছৰৰ পাছত যুগৰ লগত খোজ মিলাই একে কাহিনী, একে গীতৰ সুৰেৰে কিযে এক সুন্দৰ ছবি! সকলোৰে অভিনয় উচ্চ মানৰ৷ 

তাতে জুবিনৰ অভিনয়ত এইটো নিশ্চিত হ’লো যে জুবিনে সুন্দৰ গীতেই নাগায়, তেওঁ সুন্দৰ অভিনয়ো কৰে৷ তেওঁৰ লগত চৰিত্ৰটো খাপ খাই পৰিছিল৷ ডক্তৰ বেজবৰুৱাই বলীউডৰ কথাছবিৰ লগত অনায়াসে ফেৰ মাৰিব পাৰিব৷ এনেধৰণৰ সাংস্কৃতিক প্ৰচেষ্টাৰ বাবে ডক্তৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ শলাগ ল’লো৷ প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ সপোন সাকাৰ ৰূপ লোৱাত যথেষ্ট আনন্দিত হ’লো৷ তেখেতৰ আত্মাই সন্তুষ্টি লাভ কৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক