--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম দৃষ্টিতে প্ৰেম হোৱাৰ কথা আপুনি নিশ্চয় শুনিছে। প্ৰেমত পৰিলে মানুহে সকলো কৰিবলৈ প্ৰস্তুত থাকে। এজন পুৰুষে এগৰাকীৰ যুৱতীৰ ইমানেই প্ৰেমত পৰিল যে তেওঁ যুৱতীগৰাকীৰ ঘৰলৈ গৈ কাম কৰিবলৈও প্ৰস্তুত হ’ল। ২২ বছৰীয়া ছোৱালী এজনীক আপ্লুত কৰিবলৈ ৫৫ বছৰীয়া এজন ব্যক্তিয়ে নিজ হাতেৰে ইমান সুস্বাদু ছাগলী মাংস ৰান্ধি খুৱাইছিল যে ছোৱালীজনী তেওঁৰ প্ৰেমত পৰিছিল। আনকি দুয়ো এতিয়া বিবাহপাশতো আৱদ্ধ হ’ল।

পাকিস্তানৰ এই প্ৰেম কাহিনী এতিয়া ছ’চিয়েল মিডিয়াত বিজুলী গতিত ভাইৰেল হৈ পৰিছে। ২২ বছৰীয়া আলিয়া আৰু ৫৫ বছৰীয়া ৰফিকৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোতে লভিছে চৰ্চা। ৰফিকে কয় যে দুয়োজনে প্ৰথমবাৰৰ বাবে ই-ৰিক্সাত লগ পাইছিল। আলিয়াক প্ৰথম দেখাতেই মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৰফিক। ই-ৰিক্সাত তেওঁলোক দুজনৰ লগতে আৰু এজন ল’ৰাও আছিল। সেই ল’ৰাটোৱে অনবৰতে আলিয়াৰ ফালে চাই আছিল। সেই কথাত ৰফিকে আপত্তি কৰিলে, ল’ৰাটোৰ লগত তেওঁৰ কাজিয়া হ’ল। ল’ৰাটো যেতিয়া নিজৰ গন্তব্যস্থানত নামিল, তেতিয়া তেওঁক ৰফিকে আক্ৰমণ কৰে। তেওঁ লৰাজনক বহুত মাৰে। ইয়াৰ পিছত ৰফিক আকৌ আলিয়াৰ সৈতে ৰিক্সাত বহিলে। এই সময়ছোৱাত আলিয়াই ৰফিকৰ ওপৰত খং কৰি আছিল। ইয়াৰ পাছত আলিয়াই ৰফিকক জোৰকৈ চৰ মাৰিলে।

আলিয়াক সুধা হৈছিল যে তেওঁ কিয় ৰফিকক চৰ মাৰিলে। তেতিয়া আলিয়াই কয় যে 'সেই ল’ৰাজনতকৈ বেছি ৰফিকে হে মোৰ ফালে চাই আছিল। সেই ল’ৰাটোতকৈ বেছি ৰফিকক হে মোৰ বদমাছ যেন লাগিছিল। যাৰ কাৰণে মই চৰ মাৰিলোঁ। অৱশ্যে ভুলটো পাছত বুজিলোঁ।' ৰফিকে কয় যে, 'আলিয়াৰ ষ্টপ পোৱাত তেওঁ নামি গ’ল, মইও তাইৰ জেগাতে নামিলোঁ৷ আলিয়াৰ পাছে পাছে তেওঁৰ ঘৰৰ ওচৰলৈ গৈ তাৰপাছত মই উভতি আহিলোঁ।'
55 साल के रफीक के हाथ के बने मटन पर फिर फिदा हुई 22 साल की आलिया, अब शादी  कर बना लिया पति | pakistani couple rafeek and aalia mutton handi love
পিছদিনা আকৌ আলিয়াৰ ঘৰ পালেহি ৰফিক। তেনেতে আলিয়াই দুৱাৰখন খুলি ৰফিকক দেখি খং কৰিবলৈ ধৰিলে। তেতিয়া ৰফিকে ক'লে যে তুমি 'মোক চৰ মাৰিলা, মই তোমাক সহায় কৰিলোঁ। ধন্যবাদ বুলিও নক’লা।' ইয়াৰ পিছত ৰফিক আকৌ পিছদিনা আলিয়াৰ ঘৰ পালেগৈ। এই চক্ৰটো কেইবাদিনো চলি থাকিল। তাৰ পিছত চতুৰ্থ দিনা ৰফিকে আলিয়াক সুধিলে যে তাইৰ ঘৰত কিবা কাম আছে নেকি?

এই কথাত আলিয়াই ৰফিকৰ প্ৰতি কৰুণা অনুভৱ কৰি ৰফিকক ৰান্ধিবলৈ নিয়োগ কৰিলে। আলিয়াই ৰফিকক সুধিলে আপুনি কি কাম কৰে, তাৰ পিছত ৰফিকে ক'লে যে, 'মই ভাল খাদ্য ৰান্ধিব জানো আৰু ঘৰৰ বাকী সকলো কামো কৰিম।' ৰফিকক কৰুণা কৰি আলিয়াই কামত নিযুক্তি দিলে। আলিয়াৰ অনুৰোধত এদিন ৰফিকে মাটন ৰান্ধিলে। 

ৰফিকৰ হাতেৰে বনোৱা মাটন আলিয়াই ইমানেই ভাল পালে যে ৰফিকৰ প্ৰেমত পৰি গ’ল। আলিয়াই কৈছিল যে, ৰফিকে মোক যি ধৰণৰ খাদ্য ৰান্ধি খুৱায়, সেয়া আন কোনেও খুৱাব নোৱাৰে। এনেদৰে দুয়োৰে মাজত প্ৰেম হ’ল আৰু অৱশেষত ৰফিক আৰু আলিয়া বিবাহপাশত আৱদ্ধ হ’ল। ৰফিকে কয় যে, 'তেওঁ দুখীয়া ঘৰৰ, আনহাতে আলিয়া ধনী পৰিয়ালৰ। কিন্তু আলিয়াই মোক বহুত সন্মান কৰে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক