--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম দৃষ্টিতে প্ৰেম হোৱাৰ কথা আপুনি নিশ্চয় শুনিছে। প্ৰেমত পৰিলে মানুহে সকলো কৰিবলৈ প্ৰস্তুত থাকে। এজন পুৰুষে এগৰাকীৰ যুৱতীৰ ইমানেই প্ৰেমত পৰিল যে তেওঁ যুৱতীগৰাকীৰ ঘৰলৈ গৈ কাম কৰিবলৈও প্ৰস্তুত হ’ল। ২২ বছৰীয়া ছোৱালী এজনীক আপ্লুত কৰিবলৈ ৫৫ বছৰীয়া এজন ব্যক্তিয়ে নিজ হাতেৰে ইমান সুস্বাদু ছাগলী মাংস ৰান্ধি খুৱাইছিল যে ছোৱালীজনী তেওঁৰ প্ৰেমত পৰিছিল। আনকি দুয়ো এতিয়া বিবাহপাশতো আৱদ্ধ হ’ল।

পাকিস্তানৰ এই প্ৰেম কাহিনী এতিয়া ছ’চিয়েল মিডিয়াত বিজুলী গতিত ভাইৰেল হৈ পৰিছে। ২২ বছৰীয়া আলিয়া আৰু ৫৫ বছৰীয়া ৰফিকৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোতে লভিছে চৰ্চা। ৰফিকে কয় যে দুয়োজনে প্ৰথমবাৰৰ বাবে ই-ৰিক্সাত লগ পাইছিল। আলিয়াক প্ৰথম দেখাতেই মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৰফিক। ই-ৰিক্সাত তেওঁলোক দুজনৰ লগতে আৰু এজন ল’ৰাও আছিল। সেই ল’ৰাটোৱে অনবৰতে আলিয়াৰ ফালে চাই আছিল। সেই কথাত ৰফিকে আপত্তি কৰিলে, ল’ৰাটোৰ লগত তেওঁৰ কাজিয়া হ’ল। ল’ৰাটো যেতিয়া নিজৰ গন্তব্যস্থানত নামিল, তেতিয়া তেওঁক ৰফিকে আক্ৰমণ কৰে। তেওঁ লৰাজনক বহুত মাৰে। ইয়াৰ পিছত ৰফিক আকৌ আলিয়াৰ সৈতে ৰিক্সাত বহিলে। এই সময়ছোৱাত আলিয়াই ৰফিকৰ ওপৰত খং কৰি আছিল। ইয়াৰ পাছত আলিয়াই ৰফিকক জোৰকৈ চৰ মাৰিলে।

আলিয়াক সুধা হৈছিল যে তেওঁ কিয় ৰফিকক চৰ মাৰিলে। তেতিয়া আলিয়াই কয় যে 'সেই ল’ৰাজনতকৈ বেছি ৰফিকে হে মোৰ ফালে চাই আছিল। সেই ল’ৰাটোতকৈ বেছি ৰফিকক হে মোৰ বদমাছ যেন লাগিছিল। যাৰ কাৰণে মই চৰ মাৰিলোঁ। অৱশ্যে ভুলটো পাছত বুজিলোঁ।' ৰফিকে কয় যে, 'আলিয়াৰ ষ্টপ পোৱাত তেওঁ নামি গ’ল, মইও তাইৰ জেগাতে নামিলোঁ৷ আলিয়াৰ পাছে পাছে তেওঁৰ ঘৰৰ ওচৰলৈ গৈ তাৰপাছত মই উভতি আহিলোঁ।'
55 साल के रफीक के हाथ के बने मटन पर फिर फिदा हुई 22 साल की आलिया, अब शादी  कर बना लिया पति | pakistani couple rafeek and aalia mutton handi love
পিছদিনা আকৌ আলিয়াৰ ঘৰ পালেহি ৰফিক। তেনেতে আলিয়াই দুৱাৰখন খুলি ৰফিকক দেখি খং কৰিবলৈ ধৰিলে। তেতিয়া ৰফিকে ক'লে যে তুমি 'মোক চৰ মাৰিলা, মই তোমাক সহায় কৰিলোঁ। ধন্যবাদ বুলিও নক’লা।' ইয়াৰ পিছত ৰফিক আকৌ পিছদিনা আলিয়াৰ ঘৰ পালেগৈ। এই চক্ৰটো কেইবাদিনো চলি থাকিল। তাৰ পিছত চতুৰ্থ দিনা ৰফিকে আলিয়াক সুধিলে যে তাইৰ ঘৰত কিবা কাম আছে নেকি?

এই কথাত আলিয়াই ৰফিকৰ প্ৰতি কৰুণা অনুভৱ কৰি ৰফিকক ৰান্ধিবলৈ নিয়োগ কৰিলে। আলিয়াই ৰফিকক সুধিলে আপুনি কি কাম কৰে, তাৰ পিছত ৰফিকে ক'লে যে, 'মই ভাল খাদ্য ৰান্ধিব জানো আৰু ঘৰৰ বাকী সকলো কামো কৰিম।' ৰফিকক কৰুণা কৰি আলিয়াই কামত নিযুক্তি দিলে। আলিয়াৰ অনুৰোধত এদিন ৰফিকে মাটন ৰান্ধিলে। 

ৰফিকৰ হাতেৰে বনোৱা মাটন আলিয়াই ইমানেই ভাল পালে যে ৰফিকৰ প্ৰেমত পৰি গ’ল। আলিয়াই কৈছিল যে, ৰফিকে মোক যি ধৰণৰ খাদ্য ৰান্ধি খুৱায়, সেয়া আন কোনেও খুৱাব নোৱাৰে। এনেদৰে দুয়োৰে মাজত প্ৰেম হ’ল আৰু অৱশেষত ৰফিক আৰু আলিয়া বিবাহপাশত আৱদ্ধ হ’ল। ৰফিকে কয় যে, 'তেওঁ দুখীয়া ঘৰৰ, আনহাতে আলিয়া ধনী পৰিয়ালৰ। কিন্তু আলিয়াই মোক বহুত সন্মান কৰে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত