--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স প্ৰায় ৫৬ বছৰ। কিন্তু এই বয়সতো  পেছাদাৰী ফুটবল খেলি আছে ফুটবলাৰগৰাকীয়ে। তেওঁ হৈছে জাপানৰ কাজুয়োছি মিউৰা। শেহতীয়াকৈ তেওঁ পৰ্তুগীজ ক্লাব অলিভাৰেছৰ স’তে চুক্তিবদ্ধ হৈছে।

২৬ ফেব্ৰুৱাৰীত মিউৰাৰ বয়স হ’ব ৫৬ বছৰ। সাধাৰণতে ফুটবলাৰসকলে এই বয়সত পেছাদাৰী ফুটবল এৰি প্ৰশিক্ষক বা ক্ৰীড়া প্ৰশাসনত যোগদান কৰে। কিন্তু এতিয়াও খেলপথাৰ এৰিবলৈ ইচ্ছুক নহয় মিউৰা।

বৰ্তমান তেওঁৱেই বিশ্বৰ আটাইতকৈ বয়সীয়াল পেছাদাৰী ফুটবলাৰ। ১৯৮০ চনৰ পৰাই পেছাদাৰী ফুটবল খেলি আহিছে মিউৰাই। ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে জাপানৰ হৈ ৮৯খন মেচ খেলিছিল মিউৰাই। আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁৰ গ’লৰ সংখ্যা ৫৫ টা।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লেও তেওঁ ক্লাব কেৰিয়াৰ এৰি দিয়া নাছিল। ২০০৫ চনৰ পৰা তেওঁ জাপানৰ ইয়াকোহামা এফ চিৰ হৈ খেলিছিল। তাৰপাছতে যোৱা ১৭ বছৰত তেওঁ কেইবাটাও ক্লাবত খেলিছে। এইবাৰ তেওঁ পৰ্তুগালৰ দ্বিতীয় বিভাগৰ ক্লাব অলিভাৰেছৰ স’তে চুক্তিবদ্ধ হয়। এবছৰৰ বাবে তেওঁ এই চুক্তি কৰিছে।

যোৱা ছিজনত চুজুকা পইণ্ট গেটাৰ্ছৰ হৈ খেলিছিল মিউৰাই। ১৮খন মেচত দুটা গ’ল দিয়ে তেওঁ। মিউৰাই কেইবাখনো দেশত ফুটবল খেলিছে। ব্ৰাজিল, অষ্ট্ৰেলিয়া, ইটালী, ক্ৰ’ৱেচিয়া আদি দেশৰ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী ফুটবলাৰে ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দেশত এইবাৰ প্রথমবাৰৰ বাবে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু