--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স প্ৰায় ৫৬ বছৰ। কিন্তু এই বয়সতো  পেছাদাৰী ফুটবল খেলি আছে ফুটবলাৰগৰাকীয়ে। তেওঁ হৈছে জাপানৰ কাজুয়োছি মিউৰা। শেহতীয়াকৈ তেওঁ পৰ্তুগীজ ক্লাব অলিভাৰেছৰ স’তে চুক্তিবদ্ধ হৈছে।

২৬ ফেব্ৰুৱাৰীত মিউৰাৰ বয়স হ’ব ৫৬ বছৰ। সাধাৰণতে ফুটবলাৰসকলে এই বয়সত পেছাদাৰী ফুটবল এৰি প্ৰশিক্ষক বা ক্ৰীড়া প্ৰশাসনত যোগদান কৰে। কিন্তু এতিয়াও খেলপথাৰ এৰিবলৈ ইচ্ছুক নহয় মিউৰা।

বৰ্তমান তেওঁৱেই বিশ্বৰ আটাইতকৈ বয়সীয়াল পেছাদাৰী ফুটবলাৰ। ১৯৮০ চনৰ পৰাই পেছাদাৰী ফুটবল খেলি আহিছে মিউৰাই। ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে জাপানৰ হৈ ৮৯খন মেচ খেলিছিল মিউৰাই। আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁৰ গ’লৰ সংখ্যা ৫৫ টা।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লেও তেওঁ ক্লাব কেৰিয়াৰ এৰি দিয়া নাছিল। ২০০৫ চনৰ পৰা তেওঁ জাপানৰ ইয়াকোহামা এফ চিৰ হৈ খেলিছিল। তাৰপাছতে যোৱা ১৭ বছৰত তেওঁ কেইবাটাও ক্লাবত খেলিছে। এইবাৰ তেওঁ পৰ্তুগালৰ দ্বিতীয় বিভাগৰ ক্লাব অলিভাৰেছৰ স’তে চুক্তিবদ্ধ হয়। এবছৰৰ বাবে তেওঁ এই চুক্তি কৰিছে।

যোৱা ছিজনত চুজুকা পইণ্ট গেটাৰ্ছৰ হৈ খেলিছিল মিউৰাই। ১৮খন মেচত দুটা গ’ল দিয়ে তেওঁ। মিউৰাই কেইবাখনো দেশত ফুটবল খেলিছে। ব্ৰাজিল, অষ্ট্ৰেলিয়া, ইটালী, ক্ৰ’ৱেচিয়া আদি দেশৰ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী ফুটবলাৰে ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দেশত এইবাৰ প্রথমবাৰৰ বাবে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক