--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয়ৰ পাছত পুনৰ বৃদ্ধি পাইছে লিঅ’নেল মেছিৰ সমাদৰ। ইনষ্টাগ্ৰামত মেছিক অনুসৰণ কৰিছে ৪৫ লাখ অনুৰাগীয়ে। ৩৫ বছৰীয়া ফুটবলাৰগৰাকীয়ে নিজেই ইনষ্টাগ্ৰাম একাউণ্টটো চলায় নে? মেছি অনুৰাগীসকলে দীৰ্ঘদিন ধৰি এই প্ৰশ্ন কৰি আহিছে।

''মইয়েই মোৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্যৱহাৰ কৰো। মোৰ হৈ কোনো সংগঠন বা ব্যক্তিয়ে এই একাউণ্টটো চোৱাচিতা নকৰে।''- শেহতীয়াকৈ এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে মেছিয়ে।

বহু চেলিব্ৰিটিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট চোৱাচিতা কৰিবলৈ কৰ্মচাৰী নিয়োগ কৰে। কিছুমান কোম্পানীয়ে তেওঁলোকৰ হৈ একাউণ্ট মেইণ্টেনেন্সো কৰে। এনে ব্যৱস্থা মেছিয়ে ভাল নাপায়।

বিশ্বকাপ জয়ৰ পিছতে লিয়নেল মেছিয়ে ইনষ্টাগ্ৰামত ১০ লাখৰো অধিক মেছেজ লাভ কৰিছিল। বহু সংখ্যক মেছেজ প্ৰৱেশ কৰাৰ বাবে ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই তেওঁৰ একাউণ্টটো সাময়িকভাৱে বন্ধও কৰি দিছিল। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে।

বিশ্বকাপ জয় কৰাৰ পিছত মেছিৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পালে। ১৮ ডিচেম্বৰত ফ্ৰান্সক পৰাস্ত কৰি আৰ্জেণ্টিনাক তৃতীয়টো বিশ্বকাপ দিয়াৰ পিছৰে পৰা ফুটবল অনুৰাগীৰ মৰমেৰে ভৰি পৰিছে মেছিৰ ছ’চিয়েল মিডিয়া একাউণ্ট। কেৱল ইনষ্টাগ্ৰামতে তেওঁৰ বিশ্বকাপৰ ফটোখন ৭ কোটিৰো অধিক অনুৰাগীয়ে লাইক কৰিছে। ১০ লাখৰো অধিক অনুৰাগীয়ে মেছিলৈ বাৰ্তা প্ৰেৰণ কৰিছে। কেৱল নিৰ্দিষ্ট এটা ইনষ্টাগ্ৰাম একাউণ্টত ইমানসংখ্যক মেচেজ যোৱা দেখি ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই সাময়িকভাৱে বন্ধ কৰিবলগা হয় মেছিৰ একাউণ্টটো।

একাউণ্টটো বন্ধ কৰাৰ সন্দৰ্ভত আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে কয় যে, ''মই ভবা নাছিলো যে এনে হ’ব পাৰে। ইয়াৰ পৰাই বুজা যায় যে ফুটবল অনুৰাগীসকল মোৰ হাতত বিশ্বকাপ চাবলৈ কিমান উৎসাহী আছিল। বহুতে মেছেজ কৰিলে। সঁচা কথা ক’বলৈ গ’লে মই মাত্ৰ দুই এজনৰ মেছেজ পঢ়িব পাৰিলোঁ। লাখ লাখ মেছেজ পঢ়া মোৰ বাবে সম্ভৱ নাছিল। ই আছিল এক অসম্ভৱ কাম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু