--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয়ৰ পাছত পুনৰ বৃদ্ধি পাইছে লিঅ’নেল মেছিৰ সমাদৰ। ইনষ্টাগ্ৰামত মেছিক অনুসৰণ কৰিছে ৪৫ লাখ অনুৰাগীয়ে। ৩৫ বছৰীয়া ফুটবলাৰগৰাকীয়ে নিজেই ইনষ্টাগ্ৰাম একাউণ্টটো চলায় নে? মেছি অনুৰাগীসকলে দীৰ্ঘদিন ধৰি এই প্ৰশ্ন কৰি আহিছে।

''মইয়েই মোৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্যৱহাৰ কৰো। মোৰ হৈ কোনো সংগঠন বা ব্যক্তিয়ে এই একাউণ্টটো চোৱাচিতা নকৰে।''- শেহতীয়াকৈ এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে মেছিয়ে।

বহু চেলিব্ৰিটিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট চোৱাচিতা কৰিবলৈ কৰ্মচাৰী নিয়োগ কৰে। কিছুমান কোম্পানীয়ে তেওঁলোকৰ হৈ একাউণ্ট মেইণ্টেনেন্সো কৰে। এনে ব্যৱস্থা মেছিয়ে ভাল নাপায়।

বিশ্বকাপ জয়ৰ পিছতে লিয়নেল মেছিয়ে ইনষ্টাগ্ৰামত ১০ লাখৰো অধিক মেছেজ লাভ কৰিছিল। বহু সংখ্যক মেছেজ প্ৰৱেশ কৰাৰ বাবে ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই তেওঁৰ একাউণ্টটো সাময়িকভাৱে বন্ধও কৰি দিছিল। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে।

বিশ্বকাপ জয় কৰাৰ পিছত মেছিৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পালে। ১৮ ডিচেম্বৰত ফ্ৰান্সক পৰাস্ত কৰি আৰ্জেণ্টিনাক তৃতীয়টো বিশ্বকাপ দিয়াৰ পিছৰে পৰা ফুটবল অনুৰাগীৰ মৰমেৰে ভৰি পৰিছে মেছিৰ ছ’চিয়েল মিডিয়া একাউণ্ট। কেৱল ইনষ্টাগ্ৰামতে তেওঁৰ বিশ্বকাপৰ ফটোখন ৭ কোটিৰো অধিক অনুৰাগীয়ে লাইক কৰিছে। ১০ লাখৰো অধিক অনুৰাগীয়ে মেছিলৈ বাৰ্তা প্ৰেৰণ কৰিছে। কেৱল নিৰ্দিষ্ট এটা ইনষ্টাগ্ৰাম একাউণ্টত ইমানসংখ্যক মেচেজ যোৱা দেখি ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই সাময়িকভাৱে বন্ধ কৰিবলগা হয় মেছিৰ একাউণ্টটো।

একাউণ্টটো বন্ধ কৰাৰ সন্দৰ্ভত আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে কয় যে, ''মই ভবা নাছিলো যে এনে হ’ব পাৰে। ইয়াৰ পৰাই বুজা যায় যে ফুটবল অনুৰাগীসকল মোৰ হাতত বিশ্বকাপ চাবলৈ কিমান উৎসাহী আছিল। বহুতে মেছেজ কৰিলে। সঁচা কথা ক’বলৈ গ’লে মই মাত্ৰ দুই এজনৰ মেছেজ পঢ়িব পাৰিলোঁ। লাখ লাখ মেছেজ পঢ়া মোৰ বাবে সম্ভৱ নাছিল। ই আছিল এক অসম্ভৱ কাম।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক