--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল তথা বাৰ্চিলোনাৰ প্ৰাক্তন তাৰকা ডানি আলভেজৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ কৰিছে বাৰ্চিলোনাৰ এগৰাকী যুৱতীয়ে। শেহতীয়াকৈ কাৰাগাৰলৈ পঠোৱা হৈছে তাৰকাগৰাকীক। অভিযোগটোৰ পিছতো তেওঁৰ পত্নী তথা মডেল জুৱানা চাঞ্জে প্ৰথমে স্বামীৰ কাষত থিয় দিছিল যদিও এতিয়া তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে।

ডানিৰ এই কাণ্ডৰ বিষয়ে প্ৰথম প্ৰকাশ পাইছিল স্পেইনৰ এখন আগশাৰীৰ বাতৰি কাকতত। খবৰ অনুসৰি, ৩০ ডিচেম্বৰৰ মাজনিশা বাৰ্চিলোনাৰ ছাটন নামৰ নাইট ক্লাবত সংঘটিত হয় এই কাণ্ড। এই নাইটক্লাবটো চেলিব্ৰিটি আৰু ধনী লোকৰ আড্ডা হিচাপে সুপৰিচিত। অভিযোগ কৰা হৈছে যে ডানি আলভেছে তাত এগৰাকী যুৱতীৰ সৈতে অভব্য আচৰণ কৰিছিল।

যুৱতীগৰাকীয়ে দাবী কৰা মতে, নাইট ক্লাবত হঠাতে ডানিয়ে অনুমতি অবিহনে তেওঁক স্পৰ্শ কৰিছিল। আনকি তেওঁৰ আণ্ডাৰৱেৰৰ ভিতৰত হাতখন সোমোৱাই দিছিল। ইয়াৰ পিছতে বন্ধু-বান্ধৱীৰ সৈতে যুৱতীগৰাকীয়ে নাইট ক্লাবৰ নিৰাপত্তাৰক্ষীক জনায়। নাইট ক্লাব কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰি ঘটনাস্থলীলৈ যায় আৰক্ষী। কিন্তু তাৰ আগতে ডানি তাৰ পৰাই গুচি গৈছিল। পিছত এই ঘটনাত যুৱতীগৰাকীয়ে লিখিত এজাহাৰ দাখিল কৰে। তাৰ আধাৰতে যোৱা মাহত ডানীক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰথম অৱস্থাত এই ঘটনাত জোৱানাই স্বামীৰ কাষত আছিল যদিও ক্ৰমান্বয়ে দূৰত্ব বাঢ়ি আহিল। জেলত ডানীক লগ কৰিবলৈ গ’ল। কিন্তু ডানীয়ে তেওঁক লগ কৰিবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত পাঁচ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে মডেলগৰাকীয়ে। আনকি শেহতীয়াকৈ জোৱানাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তাৰকা ফুটবলাৰগৰাকীৰ সৈতে তেওঁৰ প্ৰায় সকলো ছবি ডিলিট কৰি পেলাইছে। অৱশ্যে ডানিৰ লগত ব্ৰেকআপ কৰাৰ সিদ্ধান্তক লৈ তেওঁ একো কোৱা নাই।

এই সন্দৰ্ভত যেতিয়া জোৱানাৰ মেনেজাৰক সোধা-পোছা কৰা হয়, তেতিয়া তেওঁ স্পষ্ট কৰি দিয়ে যে আপাততঃ এই সন্দৰ্ভত জোৱানাই একো ক’বলৈ ইচ্ছুক নহয়। কিন্তু ডানি আৰু জোৱানাৰ বিচ্ছেদৰ বাতৰিয়ে শিৰোনামা দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু