--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল তথা বাৰ্চিলোনাৰ প্ৰাক্তন তাৰকা ডানি আলভেজৰ বিৰুদ্ধে শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ কৰিছে বাৰ্চিলোনাৰ এগৰাকী যুৱতীয়ে। শেহতীয়াকৈ কাৰাগাৰলৈ পঠোৱা হৈছে তাৰকাগৰাকীক। অভিযোগটোৰ পিছতো তেওঁৰ পত্নী তথা মডেল জুৱানা চাঞ্জে প্ৰথমে স্বামীৰ কাষত থিয় দিছিল যদিও এতিয়া তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে।

ডানিৰ এই কাণ্ডৰ বিষয়ে প্ৰথম প্ৰকাশ পাইছিল স্পেইনৰ এখন আগশাৰীৰ বাতৰি কাকতত। খবৰ অনুসৰি, ৩০ ডিচেম্বৰৰ মাজনিশা বাৰ্চিলোনাৰ ছাটন নামৰ নাইট ক্লাবত সংঘটিত হয় এই কাণ্ড। এই নাইটক্লাবটো চেলিব্ৰিটি আৰু ধনী লোকৰ আড্ডা হিচাপে সুপৰিচিত। অভিযোগ কৰা হৈছে যে ডানি আলভেছে তাত এগৰাকী যুৱতীৰ সৈতে অভব্য আচৰণ কৰিছিল।

যুৱতীগৰাকীয়ে দাবী কৰা মতে, নাইট ক্লাবত হঠাতে ডানিয়ে অনুমতি অবিহনে তেওঁক স্পৰ্শ কৰিছিল। আনকি তেওঁৰ আণ্ডাৰৱেৰৰ ভিতৰত হাতখন সোমোৱাই দিছিল। ইয়াৰ পিছতে বন্ধু-বান্ধৱীৰ সৈতে যুৱতীগৰাকীয়ে নাইট ক্লাবৰ নিৰাপত্তাৰক্ষীক জনায়। নাইট ক্লাব কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰি ঘটনাস্থলীলৈ যায় আৰক্ষী। কিন্তু তাৰ আগতে ডানি তাৰ পৰাই গুচি গৈছিল। পিছত এই ঘটনাত যুৱতীগৰাকীয়ে লিখিত এজাহাৰ দাখিল কৰে। তাৰ আধাৰতে যোৱা মাহত ডানীক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰথম অৱস্থাত এই ঘটনাত জোৱানাই স্বামীৰ কাষত আছিল যদিও ক্ৰমান্বয়ে দূৰত্ব বাঢ়ি আহিল। জেলত ডানীক লগ কৰিবলৈ গ’ল। কিন্তু ডানীয়ে তেওঁক লগ কৰিবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত পাঁচ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে মডেলগৰাকীয়ে। আনকি শেহতীয়াকৈ জোৱানাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তাৰকা ফুটবলাৰগৰাকীৰ সৈতে তেওঁৰ প্ৰায় সকলো ছবি ডিলিট কৰি পেলাইছে। অৱশ্যে ডানিৰ লগত ব্ৰেকআপ কৰাৰ সিদ্ধান্তক লৈ তেওঁ একো কোৱা নাই।

এই সন্দৰ্ভত যেতিয়া জোৱানাৰ মেনেজাৰক সোধা-পোছা কৰা হয়, তেতিয়া তেওঁ স্পষ্ট কৰি দিয়ে যে আপাততঃ এই সন্দৰ্ভত জোৱানাই একো ক’বলৈ ইচ্ছুক নহয়। কিন্তু ডানি আৰু জোৱানাৰ বিচ্ছেদৰ বাতৰিয়ে শিৰোনামা দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক