--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত সংসদত চলি আছে বাজেট অধিৱেশন। বুধবাৰে ৰাষ্ট্ৰপতিৰ ভাষণত অধিৱেশনৰ সন্দৰ্ভত আলোচনা হয়। এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও সদনত উপস্থিত আছিল। নীলা জেকেট পিন্ধি সদনত উপস্থিত আছিল মোদী। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আদানী গ্ৰুপৰ বিষয়ত ভাষণ দি দুখীয়াৰ উদ্ধৃতি দিয়ে। তেওঁ চৰকাৰক দৰিদ্ৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰে। কিন্তু পাছত ছ’চিয়েল মিডিয়াত তেওঁৰ দামী লুই ভিটন স্কাৰ্ফ বিষয়ে আলোচনা আৰম্ভ হয়। কেৱল বিজেপি নেতাই নহয় ছ’চিয়েল মিডিয়াৰ আন বহু ইউজাৰেও এই স্কাৰ্ফখনক লৈ খৰ্গেক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে। বিজেপিয়ে আৰু দাবী কৰে যে এই মাফলাৰ বা স্কাৰ্ফখন ফৰাচী বেণ্ড লুই ভিটনৰ আৰু ইয়াৰ মূল্য ৫৬ হাজাৰ টকা।

মল্লিকাৰ্জুন খৰ্গেৰ এই চাদৰখনক পিএম মোডীৰ জেকেটৰ সৈতে তুলনা কৰা হৈছে। পি এম মোদীয়ে পিন্ধি আহি পোৱা জেকেটটো বটল পুনঃব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল। বাংগালুৰুত ভাৰত শক্তি সপ্তাহৰ উদ্বোধনী উপলক্ষে তেওঁ এই জেকেটটো উপহাৰ হিচাপে লাভ কৰে। ভাৰতীয় তেল নিগমে তেওঁক উপহাৰ দিছিল এই জেকেটটো।  

এই জেকেট আৰু খৰ্গেৰ স্কাৰ্ফখনযৰ সন্দৰ্ভত চচিয়েল মিডিয়াত আৰম্ভ হৈছিল আলোচনা। বিজেপি নেতা শ্বাহজাদ পুনাৱালাই শ্বেয়াৰ কৰিলে দুয়োৰে ছবি। এটাত পি এম মোডী বহি আছিল আৰু আনটোত খৰ্গেৰ দামী চাদৰখন দেখুওৱা হৈছিল।গাই পুনাৱালাই দাবী কৰিছিল যে খৰ্গেৰ মাফলাৰ লুই ভিটনৰ আৰু ইয়াৰ দাম ৫৬ হাজাৰ টকা। তেওঁ লিখিছে নীলা জেকেট পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে অংশগ্ৰহণেৰে পৰিৱেশ কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ সেউজীয়া বাৰ্তা দিছে। আনহাতে খৰ্গে জীয়ে পিন্ধিছে দামী এল ভি স্কাৰ্ফ। 

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও টুইটাৰত মল্লিকাৰ্জুন খাৰ্গেৰ ছবিখন শ্বেয়াৰ কৰি সমালোচনা কৰিছে। 


উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে টিএমচিৰ নেতা মহুৱা ময়েত্ৰী সদনত দামী বস্তু অনাৰ বাবে ট্ৰ’ল কৰা হৈছিল। সদনত মুদ্ৰাস্ফীতিৰ বিষয়টোক লৈ ভাষণ দিছিল যদিও ১.৬ লাখ টকাৰ বেগ এটা লৈ আহিছিল তেওঁ। এই সন্দৰ্ভত ছচিয়েল মিডিয়াত চৰ্চা চলিছিল। একে সময়তে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ টি-চাৰ্টক লৈও যথেষ্ট চৰ্চা হৈছিল। বিজেপিয়ে কয় যে যিটো টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীয়ে দুখীয়াৰ প্ৰতি সহানুভূতিৰ কথা কৈছে। তাৰ খৰচ ৪১ হাজাৰ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক