--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত সংসদত চলি আছে বাজেট অধিৱেশন। বুধবাৰে ৰাষ্ট্ৰপতিৰ ভাষণত অধিৱেশনৰ সন্দৰ্ভত আলোচনা হয়। এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও সদনত উপস্থিত আছিল। নীলা জেকেট পিন্ধি সদনত উপস্থিত আছিল মোদী। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আদানী গ্ৰুপৰ বিষয়ত ভাষণ দি দুখীয়াৰ উদ্ধৃতি দিয়ে। তেওঁ চৰকাৰক দৰিদ্ৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰে। কিন্তু পাছত ছ’চিয়েল মিডিয়াত তেওঁৰ দামী লুই ভিটন স্কাৰ্ফ বিষয়ে আলোচনা আৰম্ভ হয়। কেৱল বিজেপি নেতাই নহয় ছ’চিয়েল মিডিয়াৰ আন বহু ইউজাৰেও এই স্কাৰ্ফখনক লৈ খৰ্গেক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে। বিজেপিয়ে আৰু দাবী কৰে যে এই মাফলাৰ বা স্কাৰ্ফখন ফৰাচী বেণ্ড লুই ভিটনৰ আৰু ইয়াৰ মূল্য ৫৬ হাজাৰ টকা।

মল্লিকাৰ্জুন খৰ্গেৰ এই চাদৰখনক পিএম মোডীৰ জেকেটৰ সৈতে তুলনা কৰা হৈছে। পি এম মোদীয়ে পিন্ধি আহি পোৱা জেকেটটো বটল পুনঃব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল। বাংগালুৰুত ভাৰত শক্তি সপ্তাহৰ উদ্বোধনী উপলক্ষে তেওঁ এই জেকেটটো উপহাৰ হিচাপে লাভ কৰে। ভাৰতীয় তেল নিগমে তেওঁক উপহাৰ দিছিল এই জেকেটটো।  

এই জেকেট আৰু খৰ্গেৰ স্কাৰ্ফখনযৰ সন্দৰ্ভত চচিয়েল মিডিয়াত আৰম্ভ হৈছিল আলোচনা। বিজেপি নেতা শ্বাহজাদ পুনাৱালাই শ্বেয়াৰ কৰিলে দুয়োৰে ছবি। এটাত পি এম মোডী বহি আছিল আৰু আনটোত খৰ্গেৰ দামী চাদৰখন দেখুওৱা হৈছিল।গাই পুনাৱালাই দাবী কৰিছিল যে খৰ্গেৰ মাফলাৰ লুই ভিটনৰ আৰু ইয়াৰ দাম ৫৬ হাজাৰ টকা। তেওঁ লিখিছে নীলা জেকেট পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে অংশগ্ৰহণেৰে পৰিৱেশ কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ সেউজীয়া বাৰ্তা দিছে। আনহাতে খৰ্গে জীয়ে পিন্ধিছে দামী এল ভি স্কাৰ্ফ। 

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও টুইটাৰত মল্লিকাৰ্জুন খাৰ্গেৰ ছবিখন শ্বেয়াৰ কৰি সমালোচনা কৰিছে। 


উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে টিএমচিৰ নেতা মহুৱা ময়েত্ৰী সদনত দামী বস্তু অনাৰ বাবে ট্ৰ’ল কৰা হৈছিল। সদনত মুদ্ৰাস্ফীতিৰ বিষয়টোক লৈ ভাষণ দিছিল যদিও ১.৬ লাখ টকাৰ বেগ এটা লৈ আহিছিল তেওঁ। এই সন্দৰ্ভত ছচিয়েল মিডিয়াত চৰ্চা চলিছিল। একে সময়তে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ টি-চাৰ্টক লৈও যথেষ্ট চৰ্চা হৈছিল। বিজেপিয়ে কয় যে যিটো টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীয়ে দুখীয়াৰ প্ৰতি সহানুভূতিৰ কথা কৈছে। তাৰ খৰচ ৪১ হাজাৰ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান