ডিজিটেল ডেস্কঃ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ল ভেলেণ্টাইন উইক। ভেলেণ্টাইন উইকৰ সময়তে পিংকি নামৰ এগৰাকী যুৱতীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱলৈ এখন পত্ৰ লিখিছে। এই চিঠিখনত পিংকিয়ে নিবনুৱাৰ যন্ত্ৰণাক এনেদৰে বৰ্ণনা কৰিছে যে সকলোতে ইয়াৰ চৰ্চা চলি আছে। চিঠিখনত নিবনুৱা পিংকিয়ে তেজস্বী যাদৱক কৈছে যে আপুনি নিজেতো প্ৰেম বিবাহ কৰিলে কিন্তু নিবনুৱা সমস্যা আমাৰ বিবাহত বাধা হৈ পৰিছে।
এই চিঠিখন অতি ধেমেলীয়া ধৰণে লিখা হৈছে, যিখন চিঠি দ্ৰুতগতিত ভাইৰেল হৈ আছে। বৰ্তমান সময়ত পিংকি কোন সেয়া প্ৰকাশ কৰা হোৱা নাই। এই বিষয়ত এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই তেজস্বী যাদৱে।
পিংকিয়ে লিখিছে- প্ৰিয় তেজস্বী জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী
আপুনি জানেনে আমি বহুত টেনচনত আছো। আপুনি প্ৰেম বিবাহ কৰিলে, কিন্তু আমাৰ বিবাহত নিবনুৱা সমস্যা বাধা হৈ আছে। প্ৰভাত বান্ধুল্যৰ সৈতে মই চাৰিবছৰৰ পৰা একপক্ষীয় প্ৰেমত আছো। এফেয়াৰ কৰা বয়সত কাৰেণ্ট এফেয়াৰ পঢ়ি থাকিব লগা হৈছে। ভাবিছিলো যে চাকৰি পালে প্ৰপ’জ দিম, কিন্তু চাকৰিয়ে নাপাওঁ। প্ৰথম কথা একো খালী পদ নাথাকেই আৰু খালী পদ ওলালেও পেপাৰ লিক হৈ যায়।
এই সকলোবোৰ দেখি এনে লাগিছে যেন এইবাৰো ভেলেণ্টাইন ডে এনেদৰেই পাৰ হৈ যাব আৰু কাকো প্ৰপ’জ দিয়াও নহ’ব। আমি প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত আৰু মোৰ দেউতা মোৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত। মোৰ সকলো বন্ধু-বান্ধৱীয়ে বিয়াৰ পাছত সন্তান জন্ম দিছে। এই সকলোবোৰ ভাবি মোৰ মনটো বৰ হতাশ হৈ পৰিছে।
মই এই চিঠিখন বৰ আশাৰে লিখিছো, মোক চাকৰি এটা দিয়ক, নহ’লে লেখক বাবুয়ে আন কাৰোবাক লৈ পলাই যাব। মৰম নোপোৱাকৈ চাকৰি লৈনো কি কৰিম?

প্ৰভাত বান্ধুল্য
উল্লেখ্য যে চিঠিখনত পিংকিয়ে প্ৰেমিক হিচাপে উল্লেখ কৰা প্ৰভাত বান্ধুল্য এগৰাকী সাহিত্যিক আৰু অধিবক্তা। প্ৰভাতে বি এইচ ইউৰ আইন বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ মূলতঃ বিহাৰৰ ঔৰংগাবাদ জিলাৰ। তেওঁৰ প্ৰথম উপন্যাস ‘বানাৰসৱালা ইস্ক’। যোৱা দুবছৰ ধৰি তেওঁ টিভি ধাৰাবাহিক আৰু ছবিৰ কাহিনী লিখি আহিছে।
এই সন্দৰ্ভত প্ৰভাত বান্ধুল্যই কয় যে ''পিংকি জী আপুনি চিঠি লিখিছে ঠিকেই আছে কিন্তু মাজত মোৰ নামটো কিয় টানি আনিছে....''