--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ল ভেলেণ্টাইন উইক। ভেলেণ্টাইন উইকৰ সময়তে পিংকি নামৰ এগৰাকী যুৱতীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱলৈ এখন পত্ৰ লিখিছে। এই চিঠিখনত পিংকিয়ে নিবনুৱাৰ যন্ত্ৰণাক এনেদৰে বৰ্ণনা কৰিছে যে সকলোতে ইয়াৰ চৰ্চা চলি আছে। চিঠিখনত নিবনুৱা পিংকিয়ে তেজস্বী যাদৱক কৈছে যে আপুনি নিজেতো প্ৰেম বিবাহ কৰিলে কিন্তু নিবনুৱা সমস্যা আমাৰ বিবাহত বাধা হৈ পৰিছে।

এই চিঠিখন অতি ধেমেলীয়া ধৰণে লিখা হৈছে, যিখন চিঠি দ্ৰুতগতিত ভাইৰেল হৈ আছে। বৰ্তমান সময়ত পিংকি কোন সেয়া প্ৰকাশ কৰা হোৱা নাই। এই বিষয়ত এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই তেজস্বী যাদৱে।

পিংকিয়ে লিখিছে- প্ৰিয় তেজস্বী জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী

আপুনি জানেনে আমি বহুত টেনচনত আছো। আপুনি প্ৰেম বিবাহ কৰিলে, কিন্তু আমাৰ বিবাহত নিবনুৱা সমস্যা বাধা হৈ আছে। প্ৰভাত বান্ধুল্যৰ সৈতে মই চাৰিবছৰৰ পৰা একপক্ষীয় প্ৰেমত আছো। এফেয়াৰ কৰা বয়সত কাৰেণ্ট এফেয়াৰ পঢ়ি থাকিব লগা হৈছে। ভাবিছিলো যে চাকৰি পালে প্ৰপ’জ দিম, কিন্তু চাকৰিয়ে নাপাওঁ। প্ৰথম কথা একো খালী পদ নাথাকেই আৰু খালী পদ ওলালেও পেপাৰ লিক হৈ যায়।

এই সকলোবোৰ দেখি এনে লাগিছে যেন এইবাৰো ভেলেণ্টাইন ডে এনেদৰেই পাৰ হৈ যাব আৰু কাকো প্ৰপ’জ দিয়াও নহ’ব। আমি প্ৰতিযোগিতাৰ প্ৰস্তুতিত ব্যস্ত আৰু মোৰ দেউতা মোৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত। মোৰ সকলো বন্ধু-বান্ধৱীয়ে বিয়াৰ পাছত সন্তান জন্ম দিছে। এই সকলোবোৰ ভাবি মোৰ মনটো বৰ হতাশ হৈ পৰিছে।

মই এই চিঠিখন বৰ আশাৰে লিখিছো, মোক চাকৰি এটা দিয়ক, নহ’লে লেখক বাবুয়ে আন কাৰোবাক লৈ পলাই যাব। মৰম নোপোৱাকৈ চাকৰি লৈনো কি কৰিম?
प्रभात बांधूल्य बने पीएफसीसी के ब्रांड अम्बेसडर - EMAA Times Bihar
 প্ৰভাত বান্ধুল্য

উল্লেখ্য যে চিঠিখনত পিংকিয়ে প্ৰেমিক হিচাপে উল্লেখ কৰা প্ৰভাত বান্ধুল্য এগৰাকী সাহিত্যিক আৰু অধিবক্তা। প্ৰভাতে বি এইচ ইউৰ আইন বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ মূলতঃ বিহাৰৰ ঔৰংগাবাদ জিলাৰ। তেওঁৰ প্ৰথম উপন্যাস ‘বানাৰসৱালা ইস্ক’। যোৱা দুবছৰ ধৰি তেওঁ টিভি ধাৰাবাহিক আৰু ছবিৰ কাহিনী লিখি আহিছে।

এই সন্দৰ্ভত প্ৰভাত বান্ধুল্যই কয় যে ''পিংকি জী আপুনি চিঠি লিখিছে ঠিকেই আছে কিন্তু মাজত মোৰ নামটো কিয় টানি আনিছে....'' 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement