--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে ন্যায়ালয়ৰ ৰঙা চকুত অসম চৰকাৰে অযোগ্য কৃষকসকলক হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিলে যদিও তেওঁলোকে হজম কৰা ধনৰ মাত্ৰ কিছু অংশহে ঘূৰাই আনিবলৈ সক্ষম হ'ল।

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি আছিল পি এম কিষাণ আঁচনি। কিন্তু অসমত এই আঁচনিখনৰ নামত ভয়ংকৰ দুর্নীতি সংঘটিত হ'ল। অযোগ্য কৃষকে সৰকালে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৫৬৭ কোটিৰো অধিক টকা। 


পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে ন্যায়ালয়ৰ ৰঙা চকুত অসম চৰকাৰে অযোগ্য কৃষকসকলক হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিলে যদিও তেওঁলোকে হজম কৰা ধনৰ মাত্ৰ কিছু অংশহে ঘূৰাই আনিবলৈ সক্ষম হ'ল। তথ্য মতে অসমত ৮৪৪৬৭২ গৰাকী অযোগ্য কৃষকে মুঠ ৫৬৭,৪১,৪৬,০০০ টকা সৰকোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰখনে মাত্র ১,৫২,২৯,৩৪৮ টকাহে ঘূৰাই আনিবলৈ সক্ষম হয়। অর্থাৎ মাত্র ০.২৬ শতাংশ ধনহে ভুৱা কৃষকে ঘূৰাই দিছে। কালি বিধানসভাত কৃষি মন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰি দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ভিতৰতে সর্বাধিক ভুৱা কৃষক ওলাইছে বৰপেটা জিলাত। জিলাখনত ভুৱা হিতাধিকাৰীৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৮৩৯ গৰাকী। 


উক্ত ভুৱা কৃষকে মুঠ ৭৯ কোটি ৭৮ লাখ ৪৮ হাজাৰ টকা সৰকালে যদিও তেওঁলোকে মাত্র ১৮,৩০,০০০ টকা ঘূৰাই দিছে। আনহাতে নগাঁও জিলাৰ ১ লাখ ১৬ হাজাৰ ৬৮গৰাকী ভুৱা কৃষকে মুঠ ১০৩ কোটি ৯৩ লাখ ২৮০০০ টকা সৰকালে যদিও এতিয়ালৈকে ২,৭৬,৪১০ টকাহে ঘূৰাই দিছে। একেদৰে ধুবুৰী জিলাৰ ৬৮ হাজাৰ ৩১৮ গৰাকী ভুৱা কৃষকে মুঠ ২৪ কোটি ৭৫ লাখ ৬০০০ টকা সৰকাই এতিয়ালৈকে ২১৮০৩০ টকা, কামৰূপ জিলাৰ ৬৩ হাজাৰ ১১৩গৰাকী ভুৱা কৃষকে ৫০ কোটি ১১ লাখ ৪২ হাজাৰ টকা সৰকাই ৭০১৭৫২ টকা, লখিমপুৰ জিলাৰ ৪৬৪১০গৰাকী ভুৱা কৃষকে ৩৮ কোটি ৮৮ লাখ ৭৮ হাজাৰ টকাৰ ভিতৰত এতিয়ালৈকে ৫৭৯৯৪৮ টকা ঘূৰাই দিছে। 


একেদৰে মৰিগাঁও জিলাত ১০ কোটি ২৪ লাখ ৫৬ হাজাৰ টকা ৩০৩৮৯ গৰাকী ভুৱা কৃষকে সৰকালে যদিও ঘূৰাই দিছে ১৩৬০০০ টকাহে। কাছাৰ জিলাতো ৩০০৭৩ গৰাকী ভুৱা কৃষকে লাভকৰিছিল ২৫ কোটি ৯৩ লাখ ৭ হাজাৰ টকা। ইয়াৰ ভিতৰত মাত্ৰ ঘূৰাই দিছে মাত্র ৯৪০০০ টকাহে। সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ২৫৭৯৯ গৰাকী ভুৱা কৃষকে ১১ কোটি ৫৫ লাখ ৫৮ হাজাৰ টকা সৰকাই ৫১০০০ টকা, ডিব্ৰুগড় জিলাৰ ৩৮৩১গৰাকী ভুৱা কৃষকে ১৫ কোটি ৪৭ লাখ ৪ হাজাৰ টকা লৈ ১৮০০০ টকা, যোৰহাট জিলাৰ ৪৪১৮ গৰাকী ভুৱা কৃষকে ৩৮,৮৬,৬০০০ টকা সৰকাই ০০০ টকা, গোলাঘাট জিলাৰ ২৩০৭৪ গৰাকী ভুৱা কৃষকে ১৯,১৮,০০০০০ টকা সৰকাই ৭,৫৪,০০০ টকা, যোৰহাটৰ ৪৪১৮ গৰাকী ভুৱা কৃষকে ৩৮,৮৬,৬০০০ টকা সৰকাই ৬২২৩৪৩ টকা, মাজুলীৰ ১৯১৩ গৰাকী ভুৱা কৃষকে ১,৮৪,৬৪,০০০ টকা সৰকাই ৪৮৫০০০ টকা, নলবাৰীৰ ২৬৮৯৫ গৰাকী ভুৱা কৃষকে ৩১৪২৭২০০০ টকা সৰকাই ২১,২০,৮১১ টকা, শিৱসাগৰৰ ৬৯৫২ গৰাকী ভুৱা কৃষকে ৭৯৩৪২০০ টকা সৰকাই ৯,৫২,০২১ টকা, তিনিচুকীয়াৰ ১৭৪৫৩ গৰাকী ভুৱা কৃষকে ১৫৯৪৯৮০০০ টকা সৰকাই ১৯৪০০০ টকা ঘূৰাই দিছে। 


বাকী জিলাসমূহৰো হাজাৰ হাজাক কৃষকে ধন লৈ এতিয়ালৈকে নামমাত্র ধনহে ঘূৰাই দিছে। মন কৰিব লগীয়া কথা যে কৃষকক বিত্তীয় সুৰক্ষা প্রদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ছয় হাজাৰ টকাৰ সাহায্য লাভ কৰে। এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত কিস্তি হিচাপত পোনপটীয়াকৈ জমা হয়। 


প্রতি চাৰি মাহত এবাৰকৈ ধন কৃষকসকলৰ একাউণ্টত জমা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বেলিকা অসমত হোৱা এই ভয়ংকৰ অনিয়মৰ পাছত ৰাজ্য চৰকাৰে হিতাধিকাৰী নিৰ্বাচনত কঠোৰ স্থিতি গ্রহণ কৰে যদিও ভুৱা কৃষকে হজম কৰা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো কঠোৰ স্থিতি এতিয়ালৈকে গ্ৰহণ কৰা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?