ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি আছিল পি এম কিষাণ আঁচনি। কিন্তু অসমত এই আঁচনিখনৰ নামত ভয়ংকৰ দুর্নীতি সংঘটিত হ'ল। অযোগ্য কৃষকে সৰকালে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৫৬৭ কোটিৰো অধিক টকা।
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে ন্যায়ালয়ৰ ৰঙা চকুত অসম চৰকাৰে অযোগ্য কৃষকসকলক হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিলে যদিও তেওঁলোকে হজম কৰা ধনৰ মাত্ৰ কিছু অংশহে ঘূৰাই আনিবলৈ সক্ষম হ'ল। তথ্য মতে অসমত ৮৪৪৬৭২ গৰাকী অযোগ্য কৃষকে মুঠ ৫৬৭,৪১,৪৬,০০০ টকা সৰকোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰখনে মাত্র ১,৫২,২৯,৩৪৮ টকাহে ঘূৰাই আনিবলৈ সক্ষম হয়। অর্থাৎ মাত্র ০.২৬ শতাংশ ধনহে ভুৱা কৃষকে ঘূৰাই দিছে। কালি বিধানসভাত কৃষি মন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰি দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ভিতৰতে সর্বাধিক ভুৱা কৃষক ওলাইছে বৰপেটা জিলাত। জিলাখনত ভুৱা হিতাধিকাৰীৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৮৩৯ গৰাকী।
উক্ত ভুৱা কৃষকে মুঠ ৭৯ কোটি ৭৮ লাখ ৪৮ হাজাৰ টকা সৰকালে যদিও তেওঁলোকে মাত্র ১৮,৩০,০০০ টকা ঘূৰাই দিছে। আনহাতে নগাঁও জিলাৰ ১ লাখ ১৬ হাজাৰ ৬৮গৰাকী ভুৱা কৃষকে মুঠ ১০৩ কোটি ৯৩ লাখ ২৮০০০ টকা সৰকালে যদিও এতিয়ালৈকে ২,৭৬,৪১০ টকাহে ঘূৰাই দিছে। একেদৰে ধুবুৰী জিলাৰ ৬৮ হাজাৰ ৩১৮ গৰাকী ভুৱা কৃষকে মুঠ ২৪ কোটি ৭৫ লাখ ৬০০০ টকা সৰকাই এতিয়ালৈকে ২১৮০৩০ টকা, কামৰূপ জিলাৰ ৬৩ হাজাৰ ১১৩গৰাকী ভুৱা কৃষকে ৫০ কোটি ১১ লাখ ৪২ হাজাৰ টকা সৰকাই ৭০১৭৫২ টকা, লখিমপুৰ জিলাৰ ৪৬৪১০গৰাকী ভুৱা কৃষকে ৩৮ কোটি ৮৮ লাখ ৭৮ হাজাৰ টকাৰ ভিতৰত এতিয়ালৈকে ৫৭৯৯৪৮ টকা ঘূৰাই দিছে।
একেদৰে মৰিগাঁও জিলাত ১০ কোটি ২৪ লাখ ৫৬ হাজাৰ টকা ৩০৩৮৯ গৰাকী ভুৱা কৃষকে সৰকালে যদিও ঘূৰাই দিছে ১৩৬০০০ টকাহে। কাছাৰ জিলাতো ৩০০৭৩ গৰাকী ভুৱা কৃষকে লাভকৰিছিল ২৫ কোটি ৯৩ লাখ ৭ হাজাৰ টকা। ইয়াৰ ভিতৰত মাত্ৰ ঘূৰাই দিছে মাত্র ৯৪০০০ টকাহে। সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ২৫৭৯৯ গৰাকী ভুৱা কৃষকে ১১ কোটি ৫৫ লাখ ৫৮ হাজাৰ টকা সৰকাই ৫১০০০ টকা, ডিব্ৰুগড় জিলাৰ ৩৮৩১গৰাকী ভুৱা কৃষকে ১৫ কোটি ৪৭ লাখ ৪ হাজাৰ টকা লৈ ১৮০০০ টকা, যোৰহাট জিলাৰ ৪৪১৮ গৰাকী ভুৱা কৃষকে ৩৮,৮৬,৬০০০ টকা সৰকাই ০০০ টকা, গোলাঘাট জিলাৰ ২৩০৭৪ গৰাকী ভুৱা কৃষকে ১৯,১৮,০০০০০ টকা সৰকাই ৭,৫৪,০০০ টকা, যোৰহাটৰ ৪৪১৮ গৰাকী ভুৱা কৃষকে ৩৮,৮৬,৬০০০ টকা সৰকাই ৬২২৩৪৩ টকা, মাজুলীৰ ১৯১৩ গৰাকী ভুৱা কৃষকে ১,৮৪,৬৪,০০০ টকা সৰকাই ৪৮৫০০০ টকা, নলবাৰীৰ ২৬৮৯৫ গৰাকী ভুৱা কৃষকে ৩১৪২৭২০০০ টকা সৰকাই ২১,২০,৮১১ টকা, শিৱসাগৰৰ ৬৯৫২ গৰাকী ভুৱা কৃষকে ৭৯৩৪২০০ টকা সৰকাই ৯,৫২,০২১ টকা, তিনিচুকীয়াৰ ১৭৪৫৩ গৰাকী ভুৱা কৃষকে ১৫৯৪৯৮০০০ টকা সৰকাই ১৯৪০০০ টকা ঘূৰাই দিছে।
বাকী জিলাসমূহৰো হাজাৰ হাজাক কৃষকে ধন লৈ এতিয়ালৈকে নামমাত্র ধনহে ঘূৰাই দিছে। মন কৰিব লগীয়া কথা যে কৃষকক বিত্তীয় সুৰক্ষা প্রদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ছয় হাজাৰ টকাৰ সাহায্য লাভ কৰে। এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত কিস্তি হিচাপত পোনপটীয়াকৈ জমা হয়।
প্রতি চাৰি মাহত এবাৰকৈ ধন কৃষকসকলৰ একাউণ্টত জমা হয়। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বেলিকা অসমত হোৱা এই ভয়ংকৰ অনিয়মৰ পাছত ৰাজ্য চৰকাৰে হিতাধিকাৰী নিৰ্বাচনত কঠোৰ স্থিতি গ্রহণ কৰে যদিও ভুৱা কৃষকে হজম কৰা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো কঠোৰ স্থিতি এতিয়ালৈকে গ্ৰহণ কৰা নাই।
উৎসঃ দৈনিক জনমভূমি