ডিজিটেল ডেস্ক: শোণিতপুৰৰ বালিপৰাত এগৰাকী যুৱতী আৰু দুজন যুৱকক সন্দেহযুক্ত হেৰ'ইনসহ আটক।
উল্লেখ্য যে চাৰিদুৱাৰ আৰক্ষীৰ তহলদাৰী দল এটাই তালাচী চলোৱাৰ সময়তে AS12CC1458 নম্বৰৰ এখন ট্ৰাকৰ পৰা এগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰে।
তেওঁলোকৰ পৰা ১১ টা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি কণ্টেইনাৰৰ লগতে ৫৫ যোৰ ৰূপৰ ফুলি, সোণৰ ফুলি ১৪ যোৰ, সোণৰ চেইন ২ ডাল, নাকফুলি ১৪ টা, তিনিটা মোবাইল ফোনৰ লগতে নগদ ৭০০০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষী।
ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আটকাধীন যুৱক দুজন ক্ৰমে কনক দৰ্জী, দাৱাট চেৰিং।