--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইমৰান খানক ২০২৩ চনৰ ৬ মে'ৰ পৰা ইছলামাবাদৰ অদিয়ালা কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানক লৈ সামাজিক মাধ্যমত প্রকাশ পোৱা বাতৰিয়ে ৰহস্যৰ সৃষ্টি কৰিছে। 


সামাজিক মাধ্যমত প্রকাশ পোৱা এই বাতৰিৰ লগতে বেলুচিস্তানৰ বিদেশ বিভাগে এটা প'ষ্টত এই বুলি দাবী কৰে যে প্রাক্তন প্ৰধানমন্ত্ৰীজনৰ কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ কাৰাগাৰৰ পৰা অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে। সামাজিক মাধ্যমত প্রকাশ পোৱা মতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই আৰু দেশখনৰ সেনা বাহিনীৰ মুৰব্বী জেনেৰেল আছিম মুনীৰে ষড়যন্ত্ৰ কৰি প্ৰাক্তন প্রধানমন্ত্রীজনক কাৰাগাৰত অত্যাচাৰ কৰি হত্যা কৰে। অৱশ্যে পাকিস্তান চৰকাৰে সামাজিক মাধ্যমত প্রকাশ পোৱা বাতৰিক উৰাবাতৰি বুলিহে কয়। 


ইমৰান খানক ২০২৩ চনৰ ৬ মে'ৰ পৰা ইছলামাবাদৰ অদিয়ালা কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে। ইয়াৰে কেইবাটাত তেওঁক দোষী সাব্যস্ত কৰা হৈছে। 


ইফালে ইমৰানৰ তিনিওগৰাকী ভগ্নীয়ে ইমৰানক লগ কৰাৰ কাৰণে কেইবা দিনো ধৰি কাৰাগাৰখনৰ সন্মুখত অপেক্ষা কৰি আছে। তেওঁলোকে কৰা অভিযোগ মতে আদালতৰ অনুমতি থকা সত্ত্বেও যোৱা তিনি সপ্তাহে তেওঁলোকক ইমৰানক লগ কৰিবলৈ দিয়া হোৱা নাই। ইয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁলোকক অত্যাচাৰহে কৰিছে। পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা প্রাক্তন ক্রিকেটাৰজনৰ অধিবক্তায়ো একে ধৰণৰ কথাকে কয়। 


ইমৰানৰ অধিবক্তাই এই বুলি অভিযোগ কৰিছে যে আগতে প্রতি ১৫ দিনৰ মূৰে মূৰে তেওঁক লগ কৰিবলৈ দিয়া হৈছিল। এতিয়া তেওঁক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। ইমৰানৰ তিনিওগৰাকী ভগ্নী ক্রমে নৰিন, আলিমা আৰু উজমা খানে আৰক্ষীয়ে তেওঁলোকক মাৰ-পিট কৰাৰো অভিযোগ কৰে। 


তেওঁৰ পৰিয়ালে কৰা অভিযোগ মতে, তেওঁলোকক ইমৰানৰ স্বাস্থ্যৰ বিষয়ে কোনো ধৰণৰ তথ্য জানিবলৈ দিয়া নাই বা তেওঁ এতিয়া ক'ত কেনেকৈ আছে সেই কথাও জনোৱা নাই। তেওঁক কাৰাগাৰখনৰ পৰা স্থানান্তৰিত কৰা হৈছে নেকি সেই বিষয়েও একো জনোৱা হোৱা নাই। ইফালে কাৰাগাৰৰ বাহিৰত ইমৰানৰ পাকিস্তান টেহৰিক-ইনছাফ (পি টি আই) দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে প্রতিবাদ কৰি আছে। তেওঁলোকে ইমৰানৰ স্বাস্থ্যৰ সম্পৰ্কত তথ্য দিয়াৰ দাবী জনাইছে। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰাগাৰখনৰ বাহিৰত কেইবা শ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। 


আফগানিস্তান ডিফেন্সে এক্সত দিয়া এটা প'ষ্টত কয় যে নাম প্রকাশ কৰিবলৈ অস্বীকাৰ কৰা পাকিস্তানী সেনাৰ এটা সূত্রই কয় যে ইমৰানক ১৭ দিনৰ আগতে ৰহস্যজনকভাৱে হত্যা কৰা হৈছে। আনহাতে ইমৰানৰ পৰিয়ালে এই বুলি দাবী কৰিছে যে তেওঁলোকক যোৱা ২৩ দিনে কাৰাগাৰত থকা ইমৰানক লগ ধৰিবলৈ দিয়া নাই। আফগানিস্তান ডিফেন্সে লগতে এই বুলিও দাবী কৰে যে ইমাৰান খানৰ সমৰ্থক আৰু পি টি আইৰ হাজাৰ হাজাৰ কৰ্মীয়ে ইমৰানৰ বিষয়ে সঠিক তথ্য লাভৰ বাবে কাৰাগাৰৰ নিৰাপত্তা বেষ্টনী ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে। ফলত চাপৰ সন্মুখীন হোৱা পাকিস্তানৰ সামৰিক প্ৰশাসনে কাৰাগাৰখনৰ বাহিৰত কেইবা শ সেনাৰ জোৱান মোতায়েন কৰে। ইফালে স্ব-ঘোষিত স্বাধীন দেশ বেলুচিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ে এক্সত দিয়া এটা প'ষ্টত এই বুলি দাবী কৰে যে ইমৰান খানক কাৰাগাৰতে হত্যা কৰা হৈছে। প'ষ্টটোত সংবাদ মাধ্যমৰ উদ্ধৃতি দি কোৱা হয়, 'তেওঁক আছিম মুনিৰ আৰু আই এছ আইৰ প্ৰশাসনে হত্যা কৰিছে। যদি সেয়া সত্য হয় তেতিয়া পাকিস্তানৰ অন্ত পৰিব। দেশখনে লাভ কৰা স্বীকৃতিও নোহোৱা হৈ যাব। আফগানিস্তান টাইছেও এটা বাতৰিত পাকিস্তানৰ সূত্ৰৰ উদ্ধৃতি দি কয় যে পি টি আইৰ অধ্যক্ষ ইমৰান খানক কাৰাগাৰত হত্যা কৰা হৈছে আৰু সন্দেহজনকভাৱে তেওঁক হত্যা কৰাৰ পাছত মৃতদেহ কাৰাগাৰৰ পৰা আঁতৰোৱা হয়। আন এটা বাতৰিত এইবুলি দাবী কৰা হৈছে যে ইমৰানৰ কাৰাগাৰত কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?