--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ দবাংগ আৰু আমাৰ সকলোৰে ভাইজান ছলমান খানে অহা কালি ৫৭সংখ্যক জন্মদিন পালন কৰিব। বলীউড উদ্যোগত ছলমালৰ এক বিশেষ পৰিচয় আছে। কেৱল দেশতে নহয় বিদেশতো কোটি কোটি অনুৰাগী আছে ছলমান খানৰ।ভাইজানে নিজৰ অনুৰাগীক বহু ব্লকবাষ্টাৰ চিনেমা উপহাৰ দিছে। ছলমান খান নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন আৰু বহু লোকৰ বাবে ফিটনেছ আইডলো। তেওঁৰ ৫৭ বছৰীয়া জন্মদিনত সুস্থ আৰু ফিটনেছৰ আঁৰৰ ৰহস্য জানো আহক।

 ছালমান খানৰ খাদ্যৰ তালিকা-

ছলমান খানে নিজৰ খাদ্য-পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। সেয়েহে তেওঁ ব্ৰেকফাষ্টত কণীৰ কুহুম আৰু কম চৰ্বিযুক্ত গাখীৰ খায়।

 দেশী আৰু ইটালীয় খাদ্য-

ছলমান খানে তেওঁৰ সাক্ষাৎকাৰত বহুবাৰ কৈছে যে তেওঁ অতি খাদ্যপ্ৰেমী। ভাইজানে দেশী আৰু ইটালীয় খাদ্য খাবলৈ ভালপায়। ইয়াৰ বাহিৰেও ভাইজানে অত্যধিক মিঠা আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকে।

 উচ্চ বিপাকীয় ক্ৰিয়া-

শৰীৰৰ বিপাকীয় ক্ৰিয়া উচ্চ কৰি ৰাখিবলৈ ছলমান খানে দৈনিক ৫-৬বাৰ খাদ্য খায়। দুপৰীয়াৰ আহাৰত ৰুটি, সেউজীয়া শাক-পাচলি আৰু গ্ৰীণ চালাড খায়। সন্ধিয়াৰ জলপানত আলমণ্ড খাই ভাল পায় যদিও কেতিয়াবা আন স্বাস্থ্যকৰ জলপানো খায়।

 ছলমান খানৰ নিশাৰ আহাৰ-

সাধাৰণতে ছলমানে নিশা আহাৰত ২টা কণী, মাছ বা কুকুৰা আৰু চূপ লয়। ইয়াৰ উপৰি ছলমানে ৱৰ্কআউটৰ আগতে বা পাছত ফল বা প্ৰটিন শ্বেক খায়। ৱৰ্কআউটৰ পাছত শক্তিৰ বাবেও তেওঁ ওটছ বা প্ৰটিনযুক্ত গ্ৰহণ কৰি ভালপায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক