--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি কৰা  উদ্দাম নৃত্যৰ বাবে এতিয়া অভিনেত্ৰী দীপিকা পাডুকন সমালোচনাৰ পাত্ৰ হৈ পৰিছে৷ পাঠান ছবি খন আনকি বহু হিন্দুত্ববাদী সংগঠনে বৰ্জন কৰাৰো ভাবুকি দিছে৷ যদি ছবি খন সঁচাকৈয়ে বৰ্জন কৰা হয় তেন্তে কোটি কোটি টকাৰ লোকচান হ’ব৷ কিন্তু  এনে বিতৰ্ক অথবা আন সমালোচনাই যেন তলাব পৰা নাই দীপিকাক৷ 

তেওঁ নিৰ্বিকাৰভাবে সকলো সমালোচনা হজম কৰি গৈছে৷ দৰাচলতে 'পাঠান'ত দীপিকা পাডুকনে  অভিনয় কৰাৰ পূৰ্বে স্বামী ৰণবীৰ সিঙৰ শেহতীয়া ছবি 'চাৰ্কাছ'-এ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

বক্স অফিচত 'চাৰ্কাছ'ৰ ফলাফল একেবাৰে বেয়া হোৱা বাবে সাময়িকভাবে দীপিকা হতাশ হৈছিল যদিও এতিয়া তেওঁৰ কোনো হতাশা নাই। খ্ৰীষ্টমাছৰ বতৰত মুক্তি পোৱা ছবিখনে  আৰম্ভণিৰ দিনটোত মাত্ৰ ৬.৪ কোটি টকাৰ ব্যৱসায় কৰিছে। চলচ্চিত্ৰ বিশেষজ্ঞৰ এটা অংশই ৰণবীৰ সিঙৰ দৰে এজন চুপাৰষ্টাৰৰ ছবিৰ এনে  অৱস্থাকলৈ  চিন্তিত হৈছে। কিন্তু এনেবোৰ কথাৰ  প্ৰতি মনোযোগ দিয়া নাই দীপিকাই৷  ইয়াৰ বিপৰীতে তেওঁ  ৰণবীৰৰ  সৈতে বন্ধৰ দিন কটাবলৈ মুম্বাই এৰিছে৷


তাৰকা-দম্পতীহালক দেওবাৰে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া চৌহদত দেখা গৈছিল। তেওঁলোক দুয়ো এখন স্পীড বোটত উঠি আলিবাগ চহৰলৈ ৰাওনা হৈছিল। ৰণবীৰ আৰু দীপিকাৰ আলিবাগত  নিজা বাংলো আছে। তেওঁলোকে সময় পালেই ব্যক্তিগতভাৱে সময় কটাবলৈ তালৈ  যায়।এিবাৰো সেয়ে আলিবাগলৈ ৰাওণা হৈছে দীপিকা-ৰণবীৰ৷ গেৰুৱা বিকিনি বিতৰ্কৰ পিছত দীপিকাই পৰাপক্ষত সংবাদিকক এৰাই চলিছে৷ কাৰণ সাংবাদিকে তেওঁক বিকিনি প্ৰসংগত নানান কথা সুধি আমনি কৰি অহা বুলি দীপিকাৰ ঘনিষ্ঠ মহলে কৈছে৷  আলিবাগলৈ যোৱাৰ সময়ত তেওঁলোক দুয়োৰে মনোভাৱৰ পৰা এইটো স্পষ্ট হৈছে  যে তেওঁলোক বক্স অফিচ বা বিতৰ্ককলৈ একেবাৰে বিচলিত নহয়। দেওবাৰে আলিবাগলৈ যোৱাৰ সময়ত  দম্পতীহালে অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰি থকা দেখা যায়৷ 

ৰণবীৰ আৰু দীপিকা কেতিয়া মুম্বাইলৈ উভতি আহিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৰণবীৰক পৰৱৰ্তী সময়ত কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত আলিয়া ভাটৰ বিপৰীতে দেখা যাব। আনহাতে, জানুৱাৰীত 'পাঠান' ছবি খনে মুক্তি পাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু