--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি কৰা  উদ্দাম নৃত্যৰ বাবে এতিয়া অভিনেত্ৰী দীপিকা পাডুকন সমালোচনাৰ পাত্ৰ হৈ পৰিছে৷ পাঠান ছবি খন আনকি বহু হিন্দুত্ববাদী সংগঠনে বৰ্জন কৰাৰো ভাবুকি দিছে৷ যদি ছবি খন সঁচাকৈয়ে বৰ্জন কৰা হয় তেন্তে কোটি কোটি টকাৰ লোকচান হ’ব৷ কিন্তু  এনে বিতৰ্ক অথবা আন সমালোচনাই যেন তলাব পৰা নাই দীপিকাক৷ 

তেওঁ নিৰ্বিকাৰভাবে সকলো সমালোচনা হজম কৰি গৈছে৷ দৰাচলতে 'পাঠান'ত দীপিকা পাডুকনে  অভিনয় কৰাৰ পূৰ্বে স্বামী ৰণবীৰ সিঙৰ শেহতীয়া ছবি 'চাৰ্কাছ'-এ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

বক্স অফিচত 'চাৰ্কাছ'ৰ ফলাফল একেবাৰে বেয়া হোৱা বাবে সাময়িকভাবে দীপিকা হতাশ হৈছিল যদিও এতিয়া তেওঁৰ কোনো হতাশা নাই। খ্ৰীষ্টমাছৰ বতৰত মুক্তি পোৱা ছবিখনে  আৰম্ভণিৰ দিনটোত মাত্ৰ ৬.৪ কোটি টকাৰ ব্যৱসায় কৰিছে। চলচ্চিত্ৰ বিশেষজ্ঞৰ এটা অংশই ৰণবীৰ সিঙৰ দৰে এজন চুপাৰষ্টাৰৰ ছবিৰ এনে  অৱস্থাকলৈ  চিন্তিত হৈছে। কিন্তু এনেবোৰ কথাৰ  প্ৰতি মনোযোগ দিয়া নাই দীপিকাই৷  ইয়াৰ বিপৰীতে তেওঁ  ৰণবীৰৰ  সৈতে বন্ধৰ দিন কটাবলৈ মুম্বাই এৰিছে৷


তাৰকা-দম্পতীহালক দেওবাৰে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া চৌহদত দেখা গৈছিল। তেওঁলোক দুয়ো এখন স্পীড বোটত উঠি আলিবাগ চহৰলৈ ৰাওনা হৈছিল। ৰণবীৰ আৰু দীপিকাৰ আলিবাগত  নিজা বাংলো আছে। তেওঁলোকে সময় পালেই ব্যক্তিগতভাৱে সময় কটাবলৈ তালৈ  যায়।এিবাৰো সেয়ে আলিবাগলৈ ৰাওণা হৈছে দীপিকা-ৰণবীৰ৷ গেৰুৱা বিকিনি বিতৰ্কৰ পিছত দীপিকাই পৰাপক্ষত সংবাদিকক এৰাই চলিছে৷ কাৰণ সাংবাদিকে তেওঁক বিকিনি প্ৰসংগত নানান কথা সুধি আমনি কৰি অহা বুলি দীপিকাৰ ঘনিষ্ঠ মহলে কৈছে৷  আলিবাগলৈ যোৱাৰ সময়ত তেওঁলোক দুয়োৰে মনোভাৱৰ পৰা এইটো স্পষ্ট হৈছে  যে তেওঁলোক বক্স অফিচ বা বিতৰ্ককলৈ একেবাৰে বিচলিত নহয়। দেওবাৰে আলিবাগলৈ যোৱাৰ সময়ত  দম্পতীহালে অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰি থকা দেখা যায়৷ 

ৰণবীৰ আৰু দীপিকা কেতিয়া মুম্বাইলৈ উভতি আহিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৰণবীৰক পৰৱৰ্তী সময়ত কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত আলিয়া ভাটৰ বিপৰীতে দেখা যাব। আনহাতে, জানুৱাৰীত 'পাঠান' ছবি খনে মুক্তি পাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক