--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ দবাং ছলমান খানে আজি ভৰি দিলে ৫৭ বছৰত। ছলমান খানৰ জন্ম হৈছিল ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত বলীউডৰ বিখ্যাত সাহিত্যিক চেলিম খানৰ ঘৰত প্ৰথম সন্তান হিচাপে। ছলমান খানে ১৯৮৮ চনত ‘বিৱি ​​হো তো আইছি’ ছবিৰ জৰিয়তে অভিনয় জগতত ভৰি দিয়ে। ইয়াত তেওঁ সহায়ক ভূমিকা পালন কৰিছিল। এই ছবিখনেৰে যাত্ৰা আৰম্ভ কৰা ছলমানৰ এতিয়া স্থান কত, সেয়া সকলোৱে জানে। তেওঁৰ জীৱনৰ সৈতে জড়িত কথাবোৰ জানিবলৈ অনুৰাগীসকলে অতি আগ্ৰহ প্ৰকাশ কৰে। আজি আমি আপোনালোকক ক'ম ছলমান খানৰ জীৱনৰ এনে ১০টা গোপন কথা, যিবোৰ বেছিভাগ মানুেহই নাজানে।

১) ছলমানৰ প্ৰকৃত নামঃ ছলমান খানৰ প্ৰকৃত নাম আব্দুল ৰছিদ চেলিম ছলমান খান। ছলমানৰ এই নামটো তেওঁৰ পিতৃ চেলিম খান আৰু দাদা আব্দুল ৰছিদ খানৰ নামেৰে গঠিত।

২) আধাতে পঢ়া-শুনা এৰিলেঃ ছলমান খানে দ্বাদশ শ্ৰেণীলৈকেহে পঢ়া-শুনা কৰিছে। শৈশৱত ছল্লুৱে বৰ দুষ্টামি কৰিছিল। স্কুলৰ পৰা দৈনিক অভিযোগ আহিছিল। ছলমান খানে আধাতে পঢ়া-শুনা এৰিলে। কলেজ এৰি তেওঁ অভিনয়ৰ জগতখনত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছিল।

৩) সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰিছিলঃ আপুনি জানেনে যে ছলমান খানে সহকাৰী পৰিচালক হিচাপেও কাম কৰি আহিছে। হয়, ছলমান খানে ‘ফলক’ (১৯৮৮) ছবিখনৰ জৰিয়তে সহকাৰী পৰিচালক হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। 

৪) কেনেদৰে পাইছিল প্ৰথম চিনেমাঃ ছলমানে নিজৰ বাবে কাম বিচাৰি চলচ্চিত্ৰ জগতত সংগ্ৰাম কৰিছিল। তেওঁ তেতিয়া ‘বিৱি ​​হো তো আইছি’ ছবিখন পৰিচালনা কৰি থকা পৰিচালক জে কে বিহাৰীৰ কাষ চাপিছিল। ছলমানে সহকাৰী পৰিচালকৰ চাকৰি বিচাৰি গৈছিল যদিও ছবিখনত এটা চৰিত্ৰত অভিনয় কৰিবলৈ পাইছিল। ছলমানে কেতিয়াও কাম পাবৰ বাবে পিতৃ চেলিম খানৰ নাম ব্যৱহাৰ কৰা নাছিল, কাৰণ তেওঁৰ মতে যিয়েই নহওক, সেয়া নিজৰ জোৰত পাব লাগে।

৫) কেনেদৰে পাইছিল মেইনে প্যাৰ কিয়াঃ  ছলমান খানে বহু ঠাইত নিজৰ পৰ্টফলিঅ’ বিয়পাইছিল। বিখ্যাত চলচ্চিত্ৰ পৰিচালক সূৰজ বৰজাত্যৰ চকু ছলমান খানৰ পৰ্টফলিঅ’ত পৰিল আৰু তেওঁ ছলমানক অফিচলৈ মাতিলে। সেই সময়ত সূৰজে অভিনেতা দীপক তিজোৰী আৰু পীয়ুষ মিশ্ৰক 'মেইনে প্যাৰ কিয়া' ছবিৰ বাবে চৰ্টলিষ্ট কৰিছিল যদিও শেষত ছবিখন ছলমানৰ হাতত পৰিল।

৬) 'বাজিগৰ' হোৱাৰ পৰা বঞ্চিত হ'লঃ ইয়াৰ পাছত ছলমান খানক 'বাজিগৰ' ছবিখনৰ প্ৰস্তাৱ দিয়া হয় যদিও ছলমানে ছবিখনত নেতিবাচক ভূমিকা ল’বলৈ অস্বীকাৰ কৰে আৰু ছবিখন শ্বাহৰুখ খানৰ হাতত পৰে আৰু ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হয়।

৭) লাকী চাৰ্মৰ সত্যঃ ছলমান খানে সকলো সময়তে ফিৰোজা পাথৰ থকা এডাল ব্ৰেচলেট পিন্ধে। এই ব্ৰেচলেটডাল তেওঁক ২০০২ চনত পিতৃ চেলিম খানে দিছিল। ছলমান খানে ইয়াক লাকী চাৰ্ম বুলি গণ্য কৰে।

৮) অন্যান্য চখঃ ছবিৰ বাহিৰেও ছলমান খান ছবি অঁকাৰ প্ৰতি আকৰ্ষিত। অভিনেতা আমিৰ খানেও তেওঁৰ ছবি ক্ৰয় কৰিছে। ইয়াৰ উপৰিও ছলমানে গান গায় আৰু চিত্ৰনাট্য লিখে। ‘বাঘী’, ‘চন্দ্ৰমুখী’ আৰু ‘বীৰ’ ছবিকেইখনৰ চিত্ৰনাট্য ছলমানে নিজেই লিখিছে।

৯) অতিথি ভূমিকাৰ অভিলেখঃ ছলমান খান হৈছে বলীউডৰ একমাত্ৰ অভিনেতা যিয়ে ছবিত সৰ্বাধিক অতিথি চৰিত্ৰত অভিনয় কৰিছে। ছলমানৰ মতে তেওঁৰ পাঁচ মিনিটৰ চৰিত্ৰটোৱে যদি ছবিখনক হিট কৰে, তেন্তে তেওঁ সেই কামটো কৰিবলৈ সাজু হৈ থাকে।

১০) চনু সুদৰ ওচৰত ক্ষমা বিচাৰিছিলঃ ছলমান খানে এবাৰ চনু সুদৰ ওচৰত ক্ষমা খুজিছিল। দৰাচলতে ‘দাবাং’ ছবিৰ সময়ত ক্লাইমেক্স দৃশ্যত ছলমানে ভুলবশতঃ চনু সুদৰ নাকত ঘুচা মাৰিছিল। এই ছবিখনত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল চনু ছুদে। এই দুৰ্ঘটনাত চনুৰ নাক ভাঙি গৈছিল। এই ভুলৰ বাবে ছলমানে চনুৰ ওচৰত ক্ষমা বিচাৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই