--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ছলমান খানৰ জন্মদিন। আজি ৫৭ বছৰত ভৰি দিলে এইগৰাকী ছুপাৰষ্টাৰে। ছলমানৰ জন্মদিনত জানো আহক তেওঁৰ জীৱনৰ এক অধ্যায়ৰ বিষয়ে।

এটা পৰিয়ালত সন্তান-পত্নী থকাৰ পাছতো যেতিয়া এজন ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰায় সেয়া বহু বেদনাদায়ক কথা হৈ পৰে পৰিয়ালটোৰ বাবে। বলীউড তাৰকা ছলমান খানৰ পিতৃ ছেলিম খানেও চাৰিটাকৈ সন্তান আৰু পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহ কৰাইছিল। পত্নী সুশীলা চড়ক আৰু চাৰি সন্তান থকাৰ পাছতো ছেলিম খানে দ্বিতীয় বিবাহ কৰাই ঘৰলৈ লৈ আনিছিল বলীউডৰ ডান্সাৰ তথা অভিনেত্ৰী হেলেনক। ১৯৮১ চনত হেলেনক বিয়া পাতিছিল ছেলিম খানে। সেইসময়ত ছলমান খানৰ বয়স আছিল ১৬ বছৰ। হেলেনৰো আছিল এইখন দ্বিতীয় বিবাহ। 

ছেলিম খানৰ পত্নী সুশীলা চড়ক আছিল হিন্দু।বিবাহসূত্ৰে সুশীলা চড়কে ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম লয় ছালমা খান। ১৯৬৪ চনত ছেলিম খানৰ সৈতে বিয়াত বহিছিল সুশীলা। সন্তান ছলমান, আৰবাজ, আলবিৰা, ছোহেইলৰ সৈতে তেওঁলোকৰ আছিল সুখৰ সংসাৰ। ছেলিম খানে হেলেনক বিয়া পতাত দুখত ভাগি পৰিছিল সুশীলা ওৰফে ছালমা। গোটেই জীৱন লগত থাকিব বুলি ভবা মানুহজনেই প্ৰতাৰণা কৰা যেন অনুভৱ কৰিছিল সুশীলাই। 

মাতৃক দুখত ভাগি পৰা দেখি ছলমানহঁতো দুখত ভাগি পৰিছিল। তেওঁলোকে কোনেও সহজভাৱে ল’ব পৰা নাছিল হেলেনক। মাকে কান্দি থকা দেখি হেলেনক ঘৃণাৰ চকুৰে চাইছিল ছলমান, আৰবাজহঁতে। ছলমানে অনুভৱ কৰিছিল যে এয়া মাতৃৰ প্ৰতি অন্যায় হৈছে। সেই কথা ভাবি তেওঁ খঙত ফাটি পৰিছিল। সেইসময়ত ঘৰৰ কোনেও হেলেনৰ সৈতে কথা পতা নাছিল। ছেলিমৰ সন্তানে হেলেনক মাতৃ বুলি মানি ল’ব পৰা নাছিল।
 
ছলমান খানে এবাৰ এটা সাক্ষাৎকাৰ দিছিল, য’ত অভিনেতাগৰাকীয়ে তেওঁৰ পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহৰ বিষয়ে মুকলিকৈ কৈছিল।অভিনেতাগৰাকীয়ে কৈছিল, ‘‘মোৰ বাবে মোৰ মায়েই সকলো। মোৰ মাৰ সৈতে মোৰ বহুত মিল। মই মাক কেতিয়াও দুখী হোৱা চাব নিবিচাৰো আৰু কেতিয়াও আঘাত দিব নোৱাৰো। দেউতাই পুনৰ বিবাহ কৰাৰ সময়ত মোৰ মায়ে আটাইতকৈ বেছি আঘাত পাইছিল। কিন্তু মায়ে ক্ৰমান্বয়ে এই সত্যটো গ্ৰহণ কৰিছিল আৰু দেউতাইও আমাক অতি মৰমত বুজাই দিছিল যে তেওঁ মাক বহুত ভাল পায় আৰু তেওঁ আমাৰ লগত সদায় এনেকৈয়ে থাকিব।’’ 

লাহে লাহে সত্য স্বীকাৰ কৰি সুশীলাইও হেলেনক আদৰি লৈছিল আৰু হেলেনেও সুশীলা আৰু সুশীলাৰ চাৰিওটি সন্তানকে বহুত মৰম দি সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। সময়ৰ লগে লগে কথাবোৰ সলনি হ’ল আৰু তেওঁলোকে এতিয়া এটা পৰিয়ালৰ দৰে মিলিজুলি বাস কৰি আছে। দুয়ো মাতৃকে বহুত ভাল পায় ছলমানে। পৰিয়ালটোৱে সকলো সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দিয়ে। হেলেন আৰু ছেলিমৰ কোনো সন্তান নথকাত তেওঁলোকে অৰ্পিতা নামৰ এটি কন্যা শিশুক তুলি লৈছিল। অৰ্পিতা খানকো ছলমান খানে কিমান মৰম কৰে সেই কথা সকলোৱে জানে। 

এবাৰ এক সাক্ষাৎকাৰত হেলেনে এই বিয়াক লৈ অপৰাধবোধত ভুগাৰ কথা কৈছিল। তেওঁ কৈছিল ‘‘আগতে ভাবিলে মোৰ বহুত বেয়া লাগিছিল যে মই  এগৰাকী পত্নী আৰু চাৰিটা সন্তান থকা মানুহক বিয়া কৰাইছিলোঁ। আৰম্ভণিতে মই বহুত অনুতপ্ত হৈছিলো কিন্তু ছেলিমে মোক এই কথাটোৰ পৰা বাহিৰ ওলাই আহিবলৈ বহুত সহায় কৰিছিল আৰু আজি আমি সকলোৱে এটা পৰিয়ালৰ দৰে খুব সুন্দৰকৈ বাস কৰি আছো।’’ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক