--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছ.এছ. ৰাজামৌলীৰ 'আৰ.আৰ.আৰ.'ত দিল্লীৰ  আধিপত্যবাদী গভৰ্ণৰৰ চৰিত্ৰত অভিনয় কৰা আইৰিছ অভিনেতা ৰে ষ্টিভেনছন আৰু নাই। তেওঁৰ হঠাতে মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত ষ্টিভেনছনৰ  বয়স আছিল ৫৮ বছৰ। অভিনেতাগৰাকীৰ মৃত্যুৰ নিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

আয়াৰলেণ্ডৰ অভিনেতাগৰাকীয়ে  'আৰআৰআৰ'ত কৰা অভিনয়ৰ জড়িয়তে ভাৰতৰ বহুতৰে মাজত পৰিচিত হৈ পৰিছিল। ষ্টিভেনছনে  মাৰ্ভেলৰ 'থৰ' ফ্ৰেঞ্চাইজিত ভলষ্টেগৰ চৰিত্ৰত অভিনয় কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছিল।  ষ্টিভেনছনে ১৯৯০ ৰ দশকত টিভি অনুষ্ঠানৰ জড়িয়তে তেওঁৰ  অভিনয়  জীৱনৰ  কেৰিয়াৰ আৰম্ভ কৰিছিল।

২০০০ ৰ দশকৰ পৰা আৰম্ভ হোৱা হলীউডৰ চলচ্চিত্ৰসমূহত একচন চৰিত্ৰত অভিনয়  কৰা ষ্টিভেনছনে   এণ্টোইন ফুকুয়াৰ ২০০৪ চনত মুক্তি পোৱা দুঃসাহসিক চলচ্চিত্ৰ 'কিং আৰ্থাৰ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবি খনত তেওঁ ডাগোনেটৰ চৰিত্ৰত অভিনয় কৰিছিল।

 ২০০৮ চনত ষ্টিভেনছনে মাৰ্ভেলৰ 'পেনিচাৰ: ৱাৰ জোন'ত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ  নেটফ্লিক্স শৃংখলা 'ডেয়াৰডেভিল'তো অভিনয় কৰিছে।  মৃত্যুৰ আগতে ষ্টিভেনছনে ষ্টাৰ ৱাৰ্ছ ফ্ৰেঞ্চাইজিৰ 'দ্য মাণ্ডালোৰিয়ান'ৰ স্পিন-অফ আহচোকা নামৰ  একচন-এডভেঞ্চাৰধৰ্মী  শৃংখলাত অভিনয় কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে