--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছ.এছ. ৰাজামৌলীৰ 'আৰ.আৰ.আৰ.'ত দিল্লীৰ  আধিপত্যবাদী গভৰ্ণৰৰ চৰিত্ৰত অভিনয় কৰা আইৰিছ অভিনেতা ৰে ষ্টিভেনছন আৰু নাই। তেওঁৰ হঠাতে মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত ষ্টিভেনছনৰ  বয়স আছিল ৫৮ বছৰ। অভিনেতাগৰাকীৰ মৃত্যুৰ নিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

আয়াৰলেণ্ডৰ অভিনেতাগৰাকীয়ে  'আৰআৰআৰ'ত কৰা অভিনয়ৰ জড়িয়তে ভাৰতৰ বহুতৰে মাজত পৰিচিত হৈ পৰিছিল। ষ্টিভেনছনে  মাৰ্ভেলৰ 'থৰ' ফ্ৰেঞ্চাইজিত ভলষ্টেগৰ চৰিত্ৰত অভিনয় কৰি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছিল।  ষ্টিভেনছনে ১৯৯০ ৰ দশকত টিভি অনুষ্ঠানৰ জড়িয়তে তেওঁৰ  অভিনয়  জীৱনৰ  কেৰিয়াৰ আৰম্ভ কৰিছিল।

২০০০ ৰ দশকৰ পৰা আৰম্ভ হোৱা হলীউডৰ চলচ্চিত্ৰসমূহত একচন চৰিত্ৰত অভিনয়  কৰা ষ্টিভেনছনে   এণ্টোইন ফুকুয়াৰ ২০০৪ চনত মুক্তি পোৱা দুঃসাহসিক চলচ্চিত্ৰ 'কিং আৰ্থাৰ'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবি খনত তেওঁ ডাগোনেটৰ চৰিত্ৰত অভিনয় কৰিছিল।

 ২০০৮ চনত ষ্টিভেনছনে মাৰ্ভেলৰ 'পেনিচাৰ: ৱাৰ জোন'ত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। তেওঁ  নেটফ্লিক্স শৃংখলা 'ডেয়াৰডেভিল'তো অভিনয় কৰিছে।  মৃত্যুৰ আগতে ষ্টিভেনছনে ষ্টাৰ ৱাৰ্ছ ফ্ৰেঞ্চাইজিৰ 'দ্য মাণ্ডালোৰিয়ান'ৰ স্পিন-অফ আহচোকা নামৰ  একচন-এডভেঞ্চাৰধৰ্মী  শৃংখলাত অভিনয় কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?