--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰিছ অভিনেতা ৰে ষ্টিভেনছন আৰু নাই। বিশ্বজুৰি জনপ্ৰিয়তাৰ ঢৌ তুলিবলৈ সত্ৰম হোৱা RRR চিনেমাখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাইছে অনুৰাগীক। মাত্ৰ ৫৮ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পেলালে এইগৰাকী এইগৰকী সুদক্ষ অভিনেতাই। 

আৰ আৰ আছ ছবিখনত ৰে ষ্টিভেনছনে স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অভিনয় দক্ষতাৰে তেওঁ এগৰাকী কুখ্যাত ব্ৰিটিছ গৱৰ্ণৰৰ চৰিত্ৰ তুলি ধৰিছিল। 

উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ নিৰ্দেশনাত অভিনয় কৰা তেওঁৰ এইখন আছিল প্ৰথমখন ভাৰতীয় চিনেমা। এইগৰাকী সুদক্ষ অভিনেতাৰ বিয়োগত আৰ আৰ আৰ চিনেমাৰ পৰিচালক এছ এছ ৰাজামৌলিয়েও শোক প্ৰকাশ কৰিছে।

ৰাজামৌলিয়ে টুইটাৰত এখন ফটো আপলোড কৰি অভিনেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। ইয়াৰ লগতে আৰ আৰ আৰ টীমেও অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এই বয়সতো তেওঁ কিদৰে বিভিন্ন ষ্টাণ্ট কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল সেই কথা এতিয়া সকলোৱে স্মৰণ কৰিছে।অভিনেতাগৰাকীৰ মৃত্যু কিদৰে হৈছে সেই সম্পৰ্কে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃত্তি প্ৰকাশ পোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে