--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰিছ অভিনেতা ৰে ষ্টিভেনছন আৰু নাই। বিশ্বজুৰি জনপ্ৰিয়তাৰ ঢৌ তুলিবলৈ সত্ৰম হোৱা RRR চিনেমাখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাইছে অনুৰাগীক। মাত্ৰ ৫৮ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পেলালে এইগৰাকী এইগৰকী সুদক্ষ অভিনেতাই। 

আৰ আৰ আছ ছবিখনত ৰে ষ্টিভেনছনে স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অভিনয় দক্ষতাৰে তেওঁ এগৰাকী কুখ্যাত ব্ৰিটিছ গৱৰ্ণৰৰ চৰিত্ৰ তুলি ধৰিছিল। 

উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ নিৰ্দেশনাত অভিনয় কৰা তেওঁৰ এইখন আছিল প্ৰথমখন ভাৰতীয় চিনেমা। এইগৰাকী সুদক্ষ অভিনেতাৰ বিয়োগত আৰ আৰ আৰ চিনেমাৰ পৰিচালক এছ এছ ৰাজামৌলিয়েও শোক প্ৰকাশ কৰিছে।

ৰাজামৌলিয়ে টুইটাৰত এখন ফটো আপলোড কৰি অভিনেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। ইয়াৰ লগতে আৰ আৰ আৰ টীমেও অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এই বয়সতো তেওঁ কিদৰে বিভিন্ন ষ্টাণ্ট কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল সেই কথা এতিয়া সকলোৱে স্মৰণ কৰিছে।অভিনেতাগৰাকীৰ মৃত্যু কিদৰে হৈছে সেই সম্পৰ্কে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃত্তি প্ৰকাশ পোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?