--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কলেষ্টৰেল হৈছে এক প্ৰকাৰৰ চৰ্বি, যিয়ে শৰীৰৰ বাবে কোষ আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা শৰীৰত বাঢ়িবলৈ আৰম্ভ ধৰে তেতিয়াই বহুতো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বয়স অনুসৰি শৰীৰত কলেষ্টৰেলৰ নিৰাপদ মাত্ৰা ভিন্ন হয়।

উল্লেখ্য যে কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি হোৱাটো দুৰ্বল জীৱনশৈলীৰ ফল বুলি ক’ব পাৰি। অৱশ্যে ঔষধ সেৱন কৰিও ইয়াক ৰোধ কৰিব পাৰি যদিও প্ৰথম অৱস্থাত ঘৰুৱা পদ্ধতিৰেও ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে।
১. নৰসিংহ পাত : শৰীৰৰ বেয়া কলেষ্টৰেল কমোৱাত নৰসিংহ পাত অতি ফলপ্ৰসূ। কাৰণ নৰসিংহ পাতত থকা এন্টিঅক্সিডেণ্টে বেয়া কলেষ্টৰেল ৰোধ কৰাত সহায় কৰে।
* খোৱাৰ পদ্ধতি-
আপুনি দৈনিক খাদ্য তালিকাত ৮-১০টা নৰসিংহ পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ৰস প্ৰস্তুত কৰি সেৱন কৰিব পাৰে। কিন্তু ইয়াৰ আগতে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।
২. ধনীয়াৰ পাত : প্ৰত্যেক ঘৰতে ধনীয়া পাত ব্যঞ্জনত ব্যৱহাৰ কৰা দেখা যায়। ধনীয়াই খাদ্য সোৱাদযুক্ত কৰাৰ লগতে স্বাস্থ্য ক্ষেত্ৰতো অতি উপকাৰী। গতিকে ধনীয়া পাত নিয়মিতভাৱে সেৱন কৰিও আপুনি উচ্চ কলেষ্টৰেলৰ সমস্যা নিৰাময় কৰিব পাৰে।
* খোৱাৰ পদ্ধতি-
ধনীয়া পাত আঞ্জাত দি, চালাড বা চাটনি বনায়ো খাব পাৰে।
৩. জামুকৰ পাত : যদি আপুনিও বেয়া কলেষ্টৰেল হ্ৰাস কৰিব বিচাৰিছে তেন্তে জামুকৰ পাত আপোনাৰ বাবে সৰ্বোত্তম বিকল্প। দৰাচলতে এই পাতত এন্টিঅক্সিডেন্ট আৰু এন্থ’চাইনিনৰ দৰে গুণ থাকে, যিয়ে শিৰাত জমা হোৱা বেয়া কলেষ্টৰেল হ্ৰাস কৰাৰ কাম কৰে।
* খোৱাৰ পদ্ধতি-
জামুকৰ পাত গুড়ি কৰি চাহ বনাই দিনটোত ১-২বাৰ খাব পাৰে।
৪. মেথিৰ পাত : মেথিৰ পাতত থকা ঔষধি গুণৰ লগত শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্বাস্থ্যসন্মত মাত্ৰাৰ সম্পৰ্ক থকা দেখা যায়। সেয়েহে উচ্চ কলেষ্টৰেল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে।
* খোৱাৰ পদ্ধতি-
সাধাৰণ পাচলি হিচাপে মেথি পাত খাব পাৰে।
৫. তুলসীৰ পাত : কলেষ্টৰেলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। ইয়াত থকা গুণবোৰে বিপাকীয় চাপ হ্ৰাস কৰাৰ কাম কৰে, যিয়ে শৰীৰৰ ওজন আৰু কলেষ্টৰেল মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে।
* খোৱাৰ পদ্ধতি-
প্ৰতিদিনে পুৱা ৫-৬টা তুলসীৰ পাত ভালদৰে ধুই মচি খালী পেটত খাব পাৰে। ইয়াৰ গুণাগুণে বেয়া কলেষ্টৰেল ৰোধ কৰাত সহায় কৰে


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ