--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ  দেশৰ দ্ৰুত গতিৰ ৰে’ল  বন্দে ভাৰত এক্সপ্ৰেছ দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ সন্মুখীন হৈ আহিছে৷ ৰে’ল খনলৈ সক্ষ্য কৰি শিলগুটি নিক্ষেপৰ কেইবাটাও ঘটনা ঘটিছে৷  এনে পৰিস্থিতিত ৰে’ল বিভাগে এইবাৰ  এক কঠোৰ সিদ্ধান্ত লৈছে। বন্দে ভাৰত ৰে’ললৈ  শিল নিক্ষেপ কৰাৰ অভিযোগ থকা সকলক পাঁচ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ৰে’ল বিভাগে প্ৰকাশ কৰিছে। 


দক্ষিণ-মধ্য ৰে'লৱেই শেহতীয়াকৈ এনে সতৰ্কবাণী জাৰি কৰিছে৷  ৰে'লৱেই ৰে’’ল খনলৈ শিগুটি দলিওৱা লোকক প্ৰশ্ৰয় নিদিবলৈও  আহ্বান জনাইছে।তেলেংগানাৰ কেইবা ঠাইৰ পৰা বন্দে ভাৰত ৰে’ললৈ  শিলগুটি নিক্ষেপৰ  ঘটনাৰ পৰিপ্ৰেক্ষিততে দক্ষিণ-মধ্য ৰে'লৱেই এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰে'লৱে সূত্ৰই জনোৱা অনুসৰি কাজিপেট, খাম্মাম, কাজিপেট-ভাংগীৰ আৰু এলুৰু-ৰাজমুন্দ্ৰী শাখাত বন্দে ভাৰত ৰে’লক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। 

এই বছৰৰ জানুৱাৰী মাহত বন্দে ভাৰত ৰে’লৰ ওপৰত নটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।বন্দে ভাৰত ৰে’ল খন ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হৈছিল।  তেলেংগানা, বিহাৰ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু পশ্চিম বংগত বন্দে ভাৰত ৰে’লত  শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। এক  বিজ্ঞপ্তিত দক্ষিণ-মধ্য ৰে'লৱেই কয় যে ৰে'ললৈ শিলগুটি নিক্ষেপ কৰাটো এক ফৌজদাৰী অপৰাধ। ৰে'ল আইনৰ ধাৰা ১৫২ ত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ আছে। 

এনে অপৰাধত অভিযুক্তসকলৰ পাঁচ বছৰলৈকে কাৰাবাস হ'ব পাৰে। ৰে'ল সুৰক্ষা বাহিনীৰ (আৰপিএফ) সূত্ৰ অনুসৰি, বন্দে ভাৰত ৰে’ললৈ  শিল নিক্ষেপৰ ঘটনা সন্দৰ্ভত  এতিয়ালৈকে ৩৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰপিএফে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু এনে কাৰ্য্য প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।  দিল্লীৰ পৰা কানপুৰ আৰু এলাহাবাদ হৈ বাৰাণসীলৈ প্ৰথম বন্দে ভাৰত ৰে’ল ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু