--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ  দেশৰ দ্ৰুত গতিৰ ৰে’ল  বন্দে ভাৰত এক্সপ্ৰেছ দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ সন্মুখীন হৈ আহিছে৷ ৰে’ল খনলৈ সক্ষ্য কৰি শিলগুটি নিক্ষেপৰ কেইবাটাও ঘটনা ঘটিছে৷  এনে পৰিস্থিতিত ৰে’ল বিভাগে এইবাৰ  এক কঠোৰ সিদ্ধান্ত লৈছে। বন্দে ভাৰত ৰে’ললৈ  শিল নিক্ষেপ কৰাৰ অভিযোগ থকা সকলক পাঁচ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ৰে’ল বিভাগে প্ৰকাশ কৰিছে। 


দক্ষিণ-মধ্য ৰে'লৱেই শেহতীয়াকৈ এনে সতৰ্কবাণী জাৰি কৰিছে৷  ৰে'লৱেই ৰে’’ল খনলৈ শিগুটি দলিওৱা লোকক প্ৰশ্ৰয় নিদিবলৈও  আহ্বান জনাইছে।তেলেংগানাৰ কেইবা ঠাইৰ পৰা বন্দে ভাৰত ৰে’ললৈ  শিলগুটি নিক্ষেপৰ  ঘটনাৰ পৰিপ্ৰেক্ষিততে দক্ষিণ-মধ্য ৰে'লৱেই এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰে'লৱে সূত্ৰই জনোৱা অনুসৰি কাজিপেট, খাম্মাম, কাজিপেট-ভাংগীৰ আৰু এলুৰু-ৰাজমুন্দ্ৰী শাখাত বন্দে ভাৰত ৰে’লক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। 

এই বছৰৰ জানুৱাৰী মাহত বন্দে ভাৰত ৰে’লৰ ওপৰত নটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।বন্দে ভাৰত ৰে’ল খন ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হৈছিল।  তেলেংগানা, বিহাৰ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু পশ্চিম বংগত বন্দে ভাৰত ৰে’লত  শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। এক  বিজ্ঞপ্তিত দক্ষিণ-মধ্য ৰে'লৱেই কয় যে ৰে'ললৈ শিলগুটি নিক্ষেপ কৰাটো এক ফৌজদাৰী অপৰাধ। ৰে'ল আইনৰ ধাৰা ১৫২ ত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ আছে। 

এনে অপৰাধত অভিযুক্তসকলৰ পাঁচ বছৰলৈকে কাৰাবাস হ'ব পাৰে। ৰে'ল সুৰক্ষা বাহিনীৰ (আৰপিএফ) সূত্ৰ অনুসৰি, বন্দে ভাৰত ৰে’ললৈ  শিল নিক্ষেপৰ ঘটনা সন্দৰ্ভত  এতিয়ালৈকে ৩৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰপিএফে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু এনে কাৰ্য্য প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।  দিল্লীৰ পৰা কানপুৰ আৰু এলাহাবাদ হৈ বাৰাণসীলৈ প্ৰথম বন্দে ভাৰত ৰে’ল ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ