--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সহমতত যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণ নহয়। শেহতীয়া এক গোচৰৰ এই ৰায়দান দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে যদি এগৰাকী মহিলাই স্বেচ্ছাই নিজৰ সংগীৰ সৈতে ৬ বছৰতকৈ অধিক সময় শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, তেন্তে ইয়াক ধৰ্ষণ বুলি কোৱা নহ’ব। আদালতত এজন ব্যক্তিৰ বিৰুদ্ধে দুটা অপৰাধমূলক গোচৰৰ শুনানি চলি আছিল।

গোচৰটো বেংগালুৰুৰ, য’ত এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছিল তেওঁৰ সংগীয়ে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁক ৬ বছৰ ধৰি ধৰ্ষণ কৰিলে। আদালতে এই গোচৰটোক আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ সৰ্বোত্তম উদাহৰণ বুলি অভিহিত কৰে।

ন্যায়াধীশ এম নাগপ্ৰসন্নাই কয়- এয়া এক, দুই, তিনি, চাৰি, পাঁচ বছৰ নহয় বৰঞ্চ ৬ বছৰৰ বাবে পাৰস্পৰিক সন্মতিৰে কৰা শাৰীৰিক সম্পৰ্ক। ল’ৰা আৰু ছোৱালী দুয়োজনেই নিজৰ সহমতত শাৰীৰীক সম্পৰ্ক স্থাপন কৰিছে...এয়া কেনেকৈ ধৰ্ষণ হ’ব? 

ন্যায়াধীশ নাগপ্ৰসন্নই বেংগালুৰুৰ ইন্দিৰানগৰ থানা আৰু দভাংগেৰে মহিলা থানাত পঞ্জীয়ন হোৱা এফআইআৰ বাতিল কৰাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ প্ৰমোদ সূৰ্যভান পাৱাৰ বনাম মহাৰাষ্ট্ৰৰ গোচৰৰ উদ্ধৃতি দি আদালতে কয় যে যদি গোচৰৰ কাৰ্য্যবিধি আগবাঢ়ি যায় তেন্তে ই উচ্চতম ন্যায়ালয়ৰ কেইবাটাও সিদ্ধান্ত উলংঘা কৰিব।

যুৱতী আৰু যুৱকজনৰ বন্ধুত্ব ২০১৩ চনত ফেচবুকৰ জৰিয়তে হৈছিল। ছোৱালীজনীৰ মতে, যুৱকজন তেওঁৰ চুবুৰীতে বাস কৰিছিল। ল’ৰাটোৱে আগতে কৈছিল যে তেওঁ ভালকৈ ৰান্ধে। এই কথা কৈ সি প্ৰায়ে ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁ যেতিয়াই যুৱকজনৰ ঘৰলৈ গৈছিল, দুয়োজনে মদ খাইছিল আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। প্ৰায় ৬ বছৰ ধৰি সম্পৰ্ক থকাৰ পাছত ল'ৰাটোৱে বিয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে।

যোৱা ৮ মাৰ্চত বেংগালুৰুৰ ইন্দিৰানগৰ আৰক্ষী থানাত যুৱতীগৰাকীয়ে ল’ৰাজনৰ বিৰুদ্ধে প্ৰতাৰণা আৰু অপৰাধমূলক ভয় দেখুৱাই এফআইআৰ দাখিল কৰিছিল। পিছত যেতিয়া ছোৱালীজনীয়ে গম পালে যে ল’ৰাজন জামিনত ওলাই আহিছে, তাৰপাছতে তেওঁ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু আক্ৰমণৰ অভিযোগ উত্থাপন কৰি মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই গোচৰৰ ভিত্তিতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে যে প্ৰেমৰ সম্পৰ্ক চলি থাকোতে দুই প্ৰেমিক-প্ৰেমিকাই যদি যৌন সম্পৰ্ক স্থাপন কৰে সেয়া কোনোপধ্যই ধৰ্ষণ নহয়। সন্মতিসূচক যৌন সম্পৰ্কৰ পাছত যদি এজনে আনজনৰ ওপৰত মোহ হেৰুৱাই পেলায় বা অন্তৰংগতা হেৰুৱায় তেন্তে সেয়া ধৰ্ষণ দাবী হ’ব নোৱাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ