--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ সহমতত যৌন সম্পৰ্ক স্থাপন কৰিলে সেয়া ধৰ্ষণ নহয়। শেহতীয়া এক গোচৰৰ এই ৰায়দান দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে যদি এগৰাকী মহিলাই স্বেচ্ছাই নিজৰ সংগীৰ সৈতে ৬ বছৰতকৈ অধিক সময় শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, তেন্তে ইয়াক ধৰ্ষণ বুলি কোৱা নহ’ব। আদালতত এজন ব্যক্তিৰ বিৰুদ্ধে দুটা অপৰাধমূলক গোচৰৰ শুনানি চলি আছিল।

গোচৰটো বেংগালুৰুৰ, য’ত এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছিল তেওঁৰ সংগীয়ে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁক ৬ বছৰ ধৰি ধৰ্ষণ কৰিলে। আদালতে এই গোচৰটোক আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ সৰ্বোত্তম উদাহৰণ বুলি অভিহিত কৰে।

ন্যায়াধীশ এম নাগপ্ৰসন্নাই কয়- এয়া এক, দুই, তিনি, চাৰি, পাঁচ বছৰ নহয় বৰঞ্চ ৬ বছৰৰ বাবে পাৰস্পৰিক সন্মতিৰে কৰা শাৰীৰিক সম্পৰ্ক। ল’ৰা আৰু ছোৱালী দুয়োজনেই নিজৰ সহমতত শাৰীৰীক সম্পৰ্ক স্থাপন কৰিছে...এয়া কেনেকৈ ধৰ্ষণ হ’ব? 

ন্যায়াধীশ নাগপ্ৰসন্নই বেংগালুৰুৰ ইন্দিৰানগৰ থানা আৰু দভাংগেৰে মহিলা থানাত পঞ্জীয়ন হোৱা এফআইআৰ বাতিল কৰাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ প্ৰমোদ সূৰ্যভান পাৱাৰ বনাম মহাৰাষ্ট্ৰৰ গোচৰৰ উদ্ধৃতি দি আদালতে কয় যে যদি গোচৰৰ কাৰ্য্যবিধি আগবাঢ়ি যায় তেন্তে ই উচ্চতম ন্যায়ালয়ৰ কেইবাটাও সিদ্ধান্ত উলংঘা কৰিব।

যুৱতী আৰু যুৱকজনৰ বন্ধুত্ব ২০১৩ চনত ফেচবুকৰ জৰিয়তে হৈছিল। ছোৱালীজনীৰ মতে, যুৱকজন তেওঁৰ চুবুৰীতে বাস কৰিছিল। ল’ৰাটোৱে আগতে কৈছিল যে তেওঁ ভালকৈ ৰান্ধে। এই কথা কৈ সি প্ৰায়ে ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁ যেতিয়াই যুৱকজনৰ ঘৰলৈ গৈছিল, দুয়োজনে মদ খাইছিল আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। প্ৰায় ৬ বছৰ ধৰি সম্পৰ্ক থকাৰ পাছত ল'ৰাটোৱে বিয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে।

যোৱা ৮ মাৰ্চত বেংগালুৰুৰ ইন্দিৰানগৰ আৰক্ষী থানাত যুৱতীগৰাকীয়ে ল’ৰাজনৰ বিৰুদ্ধে প্ৰতাৰণা আৰু অপৰাধমূলক ভয় দেখুৱাই এফআইআৰ দাখিল কৰিছিল। পিছত যেতিয়া ছোৱালীজনীয়ে গম পালে যে ল’ৰাজন জামিনত ওলাই আহিছে, তাৰপাছতে তেওঁ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু আক্ৰমণৰ অভিযোগ উত্থাপন কৰি মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই গোচৰৰ ভিত্তিতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে যে প্ৰেমৰ সম্পৰ্ক চলি থাকোতে দুই প্ৰেমিক-প্ৰেমিকাই যদি যৌন সম্পৰ্ক স্থাপন কৰে সেয়া কোনোপধ্যই ধৰ্ষণ নহয়। সন্মতিসূচক যৌন সম্পৰ্কৰ পাছত যদি এজনে আনজনৰ ওপৰত মোহ হেৰুৱাই পেলায় বা অন্তৰংগতা হেৰুৱায় তেন্তে সেয়া ধৰ্ষণ দাবী হ’ব নোৱাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন