--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত হৈ পৰিল এখন ৰাজ্য৷ দেশৰ এটা প্ৰান্তীয় অঞ্চল দগ্ধ হৈ পৰিল সাম্প্ৰদায়িকতাবাদৰ জুইত৷ চাৰিমাহ ধৰি জ্বলি ৰ’ল গোষ্ঠীগত সংঘাতৰ একুৰা দাবানল৷ মণিপুৰৰ সেই জুইৰ উত্তাপ এতিয়া লোকসভাতো৷ সংঘৰ্ষৰ ৭৯ দিনৰ অন্তত ৩০ ছেকেণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ 

মণিপুৰ ভ্ৰমণ কৰিছিল বিৰোধীয়ে৷ নৱগঠিত ‘ইণ্ডিয়া’ৰ প্ৰতিনিধি দলে বুজ লৈছিল পৰিস্থিতিৰ৷ ৰাহুল গান্ধীয়ে পৰিভ্ৰমণ কৰিছিল আশ্ৰয় শিবিৰ৷ কিন্তু, সকলো দেখি-শুনিও নিৰাপদ দুৰত্বত ৰৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী৷ প্ৰধানমন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট হৈছিল দেশৰ জনতা৷ অসন্তুষ্ট আৰু ক্ষোভিত হৈছিল বিৰোধী সাংসদসকল৷ আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ বিৰোধীয়ে আনিছিল অনাস্থা প্ৰস্তাৱ৷ চৰকাৰৰ প্ৰতি আস্থাহীনতা প্ৰদৰ্শনেৰে মণিপুৰৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছিল বিৰোধীয়ে৷ 

আৰু সেই অনাস্থাৰে আজি উত্তৰ দিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ আবেলি ৪ বজাত সংসদত ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আজি কি ক’ব মোদীয়ে? তাকে লৈ দেশজুৰি উৎকণ্ঠা৷ মোদীয়ে মণিপুৰৰ প্ৰসংগৰে পুনৰ ইতিহাসৰ বুকুৰ পৰা তুলি আনিব নেকি নেহৰুক? অথবা ঘটনাৰ বাবে জগৰীয়া কৰিব নেকি কংগ্ৰেছক? ৰাজনৈতিক বিচাৰধাৰাৰ ঊৰ্ধ্বত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মানৱীয় দৃষ্টিকোণেৰে বক্তব্য ৰখাটো আশা কৰিছে বহুজনে৷ কিন্তু, ভবামতেই হৈ উঠিবনে? মণিপুৰৰ জুইক ৰুমালেৰে ঢাকি ৰাহুল গান্ধীৰ ফ্লায়িং কিছ বিতৰ্কই আজিও সৰব কৰিব পাৰে সংসদ৷ এই সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ 

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ মোকাবিলা কৰাৰ বাবে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। ৰাহুলৰ ভাষণৰ পাছতেই স্মৃতি ইৰাণীয়ে ফ্লায়িং কিছৰ প্ৰসংগ উত্থাপনেৰে মণিপুৰৰ ঘটনাটোক গাপ দিবলৈ কৰা প্ৰচেষ্টা আছিল বুলিহে অভিহিত কৰিছে বিৰোধীয়ে৷ 

৮ আগষ্টৰ পৰা আৰম্ভ হোৱা আৰু আজি সন্ধিয়া সমাপ্ত হ'বলগীয়া এই প্ৰস্তাৱ সন্দৰ্ভত তিনি দিনৰ তীব্ৰ বিতৰ্কৰ পাছত প্ৰধানমন্ত্ৰীৰ উত্তৰ আহিব। ‘ইণ্ডিয়া’ৰ বিৰোধী সাংসদসকলৰ দ্বাৰা অনুষ্ঠিত এখন বৈঠকৰ পাছত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল আৰু অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰিছিল। বিৰোধী নেতাসকলৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে মণিপুৰ বিষয়ত আলোচনা আৰম্ভ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ এটা কাৰ্যকৰী উপায়েই হ’ব অনাস্থা প্ৰস্তাৱ৷ আৰু সেই অনাস্থা প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিবলগা উত্তৰৰ বাবে এতিয়া অপেক্ষা কৰিছে দেশবাসীয়ে ৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন