--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত হৈ পৰিল এখন ৰাজ্য৷ দেশৰ এটা প্ৰান্তীয় অঞ্চল দগ্ধ হৈ পৰিল সাম্প্ৰদায়িকতাবাদৰ জুইত৷ চাৰিমাহ ধৰি জ্বলি ৰ’ল গোষ্ঠীগত সংঘাতৰ একুৰা দাবানল৷ মণিপুৰৰ সেই জুইৰ উত্তাপ এতিয়া লোকসভাতো৷ সংঘৰ্ষৰ ৭৯ দিনৰ অন্তত ৩০ ছেকেণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ 

মণিপুৰ ভ্ৰমণ কৰিছিল বিৰোধীয়ে৷ নৱগঠিত ‘ইণ্ডিয়া’ৰ প্ৰতিনিধি দলে বুজ লৈছিল পৰিস্থিতিৰ৷ ৰাহুল গান্ধীয়ে পৰিভ্ৰমণ কৰিছিল আশ্ৰয় শিবিৰ৷ কিন্তু, সকলো দেখি-শুনিও নিৰাপদ দুৰত্বত ৰৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী৷ প্ৰধানমন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট হৈছিল দেশৰ জনতা৷ অসন্তুষ্ট আৰু ক্ষোভিত হৈছিল বিৰোধী সাংসদসকল৷ আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ বিৰোধীয়ে আনিছিল অনাস্থা প্ৰস্তাৱ৷ চৰকাৰৰ প্ৰতি আস্থাহীনতা প্ৰদৰ্শনেৰে মণিপুৰৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছিল বিৰোধীয়ে৷ 

আৰু সেই অনাস্থাৰে আজি উত্তৰ দিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ আবেলি ৪ বজাত সংসদত ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আজি কি ক’ব মোদীয়ে? তাকে লৈ দেশজুৰি উৎকণ্ঠা৷ মোদীয়ে মণিপুৰৰ প্ৰসংগৰে পুনৰ ইতিহাসৰ বুকুৰ পৰা তুলি আনিব নেকি নেহৰুক? অথবা ঘটনাৰ বাবে জগৰীয়া কৰিব নেকি কংগ্ৰেছক? ৰাজনৈতিক বিচাৰধাৰাৰ ঊৰ্ধ্বত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মানৱীয় দৃষ্টিকোণেৰে বক্তব্য ৰখাটো আশা কৰিছে বহুজনে৷ কিন্তু, ভবামতেই হৈ উঠিবনে? মণিপুৰৰ জুইক ৰুমালেৰে ঢাকি ৰাহুল গান্ধীৰ ফ্লায়িং কিছ বিতৰ্কই আজিও সৰব কৰিব পাৰে সংসদ৷ এই সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ 

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ মোকাবিলা কৰাৰ বাবে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। ৰাহুলৰ ভাষণৰ পাছতেই স্মৃতি ইৰাণীয়ে ফ্লায়িং কিছৰ প্ৰসংগ উত্থাপনেৰে মণিপুৰৰ ঘটনাটোক গাপ দিবলৈ কৰা প্ৰচেষ্টা আছিল বুলিহে অভিহিত কৰিছে বিৰোধীয়ে৷ 

৮ আগষ্টৰ পৰা আৰম্ভ হোৱা আৰু আজি সন্ধিয়া সমাপ্ত হ'বলগীয়া এই প্ৰস্তাৱ সন্দৰ্ভত তিনি দিনৰ তীব্ৰ বিতৰ্কৰ পাছত প্ৰধানমন্ত্ৰীৰ উত্তৰ আহিব। ‘ইণ্ডিয়া’ৰ বিৰোধী সাংসদসকলৰ দ্বাৰা অনুষ্ঠিত এখন বৈঠকৰ পাছত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল আৰু অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰিছিল। বিৰোধী নেতাসকলৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে মণিপুৰ বিষয়ত আলোচনা আৰম্ভ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ এটা কাৰ্যকৰী উপায়েই হ’ব অনাস্থা প্ৰস্তাৱ৷ আৰু সেই অনাস্থা প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিবলগা উত্তৰৰ বাবে এতিয়া অপেক্ষা কৰিছে দেশবাসীয়ে ৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস