--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ সময়তে দক্ষিণত বিজেপিয়ে শক্তি গোটোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এন ডিএৰ  লক্ষ্য এইবাৰ ৪০০ খন আসন। সেই লক্ষ্য প্ৰাপ্ত কৰিবলৈ বিজেপিয়ে অন্ধ্ৰপ্ৰদেশত স্থানীয় দলক লক্ষ্য কৰি লৈছে। এদিন আগতে গেৰুৱা দলে ওড়িশাত  শাসনাধিষ্ঠিত বিজেডিৰ সৈতে মিত্ৰতাৰ  চুক্তি প্ৰায় চূড়ান্ত কৰিছে। এইবাৰ অমিত শ্বাহে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশতো মিত্ৰশক্তি যোগাৰ কৰি লৈছে । এক সৰ্বভাৰতীয় সংবাদ মাধ্যমই সেয়াই দাবী কৰিছে।

সূত্ৰ অনুসৰি  চন্দ্ৰবাবু নাইডু প্ৰায় ছবছৰৰ পিছত এন ডি এলৈ উভতি আহিব। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী  বৰ্তমান দিল্লীত আছে। বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক হৈছিল। ইয়াৰ পিছত  আন এক পৰ্যায়ৰ আলোচনা হোৱাৰ কথা। তাৰ পিছতে মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। দুয়োটা ক্ষেত্ৰতে বিজেপি আৰু নাইডুৰ টিডিপিয়ে যুটীয়াভাৱে যুঁজ দিব। অভিনেতা পৱন কল্যাণৰ জন সেনা পাৰ্টিও মিত্ৰতাৰ অংশ হ’ব।

আৰম্ভণিতে বিজেপি আৰু চন্দ্ৰবাবু নাইডুৰ মাজত হোৱা আলোচনাই এনে ধাৰণাৰ জন্ম দিছিল যে  অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনত টিডিপিয়ে বিজেপিক কেইখনমান আসন প্ৰদান কৰিব পাৰে। ইয়াৰ বিপৰীতে   গেৰুৱা দলে বিধানসভাত কম আসনত প্ৰতিদ্বন্দিতা কৰিব। চুক্তি অনুসৰি বিজেপিয়ে অন্ধ্ৰ প্ৰদেশৰ ২৫  খন লোকসভা আসনৰ ভিতৰত ৪-৬ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। পৱন কল্যাণৰ জন সেনাই ৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। টিডিপিয়ে বাকী থকা আসনসমূহত প্ৰতিদ্বন্দিতা কৰিব। জনসেনা আৰু টিডিপিয়ে ১৭৫ জনীয়া বিধানসভাত সিংহভাগ আসনত প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ১০-১৫ খন আসন লাভ কৰিব পাৰে।

চন্দ্ৰবাবু নাইডু এসময়ত এন ডি এৰ অন্যতম ব্যক্তি আছিল আৰু ২০১৮ চনলৈকে মিত্ৰজোঁটৰ আহ্বায়ক আছিল। তেওঁ ৰাজ্যখনত পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ আগ্ৰহী। তেওঁক অলপতে জগন চৰকাৰে দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ পঠিয়াইছিল। চন্দ্ৰবাবুৱে  পিছত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈও গৈছিল। তেওঁ  তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিল ,  কিন্তু সেইবাৰ মোদীৰ সৈতে কোনো  কথা কোৱা নাছিলোঁ। তেওঁ ৰাম মন্দিৰৰ সন্মুখত তোলা কেইবাখনো ফটো টুইট কৰিছিল। 

সূত্ৰ অনুসৰি, তেলেগু নেতাজনে দীৰ্ঘদিন ধৰি অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে আলোচনা কৰি আছে। চন্দ্ৰবাবু নাইডু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাত আছিল। কিন্তু টিডিপিয়ে ২০১৮ চনত অন্ধ্ৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিবলৈ এন ডি এ ত্যাগ কৰিছিল। দলটোৱে   ২০১৯ ৰ লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছিল।সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশলৈ গৈ চন্দ্ৰবাবু নাইডুক 'বিশ্বাসঘাতক' বুলি অভিহিত কৰিছিল। তেতিয়াৰে  পৰা টিডিপিৰ বিজেপিৰ সৈতে মিত্ৰতা হোৱা নাছিল। কিন্ত ছবছৰৰ অন্তত বিজেপিৰ সৈতে নাইডুৰ পুনৰ মিত্ৰতা হ’বলৈ গৈ আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ। বহুতে ধাৰণা কৰিছে এই বিষয়ত শীঘ্ৰে হয়তো ঘোষণা হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু