--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ সময়তে দক্ষিণত বিজেপিয়ে শক্তি গোটোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এন ডিএৰ  লক্ষ্য এইবাৰ ৪০০ খন আসন। সেই লক্ষ্য প্ৰাপ্ত কৰিবলৈ বিজেপিয়ে অন্ধ্ৰপ্ৰদেশত স্থানীয় দলক লক্ষ্য কৰি লৈছে। এদিন আগতে গেৰুৱা দলে ওড়িশাত  শাসনাধিষ্ঠিত বিজেডিৰ সৈতে মিত্ৰতাৰ  চুক্তি প্ৰায় চূড়ান্ত কৰিছে। এইবাৰ অমিত শ্বাহে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশতো মিত্ৰশক্তি যোগাৰ কৰি লৈছে । এক সৰ্বভাৰতীয় সংবাদ মাধ্যমই সেয়াই দাবী কৰিছে।

সূত্ৰ অনুসৰি  চন্দ্ৰবাবু নাইডু প্ৰায় ছবছৰৰ পিছত এন ডি এলৈ উভতি আহিব। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী  বৰ্তমান দিল্লীত আছে। বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁৰ বৈঠক হৈছিল। ইয়াৰ পিছত  আন এক পৰ্যায়ৰ আলোচনা হোৱাৰ কথা। তাৰ পিছতে মিত্ৰতা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। দুয়োটা ক্ষেত্ৰতে বিজেপি আৰু নাইডুৰ টিডিপিয়ে যুটীয়াভাৱে যুঁজ দিব। অভিনেতা পৱন কল্যাণৰ জন সেনা পাৰ্টিও মিত্ৰতাৰ অংশ হ’ব।

আৰম্ভণিতে বিজেপি আৰু চন্দ্ৰবাবু নাইডুৰ মাজত হোৱা আলোচনাই এনে ধাৰণাৰ জন্ম দিছিল যে  অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনত টিডিপিয়ে বিজেপিক কেইখনমান আসন প্ৰদান কৰিব পাৰে। ইয়াৰ বিপৰীতে   গেৰুৱা দলে বিধানসভাত কম আসনত প্ৰতিদ্বন্দিতা কৰিব। চুক্তি অনুসৰি বিজেপিয়ে অন্ধ্ৰ প্ৰদেশৰ ২৫  খন লোকসভা আসনৰ ভিতৰত ৪-৬ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। পৱন কল্যাণৰ জন সেনাই ৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। টিডিপিয়ে বাকী থকা আসনসমূহত প্ৰতিদ্বন্দিতা কৰিব। জনসেনা আৰু টিডিপিয়ে ১৭৫ জনীয়া বিধানসভাত সিংহভাগ আসনত প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ১০-১৫ খন আসন লাভ কৰিব পাৰে।

চন্দ্ৰবাবু নাইডু এসময়ত এন ডি এৰ অন্যতম ব্যক্তি আছিল আৰু ২০১৮ চনলৈকে মিত্ৰজোঁটৰ আহ্বায়ক আছিল। তেওঁ ৰাজ্যখনত পুনৰ ক্ষমতালৈ ঘূৰি আহিবলৈ আগ্ৰহী। তেওঁক অলপতে জগন চৰকাৰে দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ পঠিয়াইছিল। চন্দ্ৰবাবুৱে  পিছত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈও গৈছিল। তেওঁ  তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিল ,  কিন্তু সেইবাৰ মোদীৰ সৈতে কোনো  কথা কোৱা নাছিলোঁ। তেওঁ ৰাম মন্দিৰৰ সন্মুখত তোলা কেইবাখনো ফটো টুইট কৰিছিল। 

সূত্ৰ অনুসৰি, তেলেগু নেতাজনে দীৰ্ঘদিন ধৰি অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে আলোচনা কৰি আছে। চন্দ্ৰবাবু নাইডু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাত আছিল। কিন্তু টিডিপিয়ে ২০১৮ চনত অন্ধ্ৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিবলৈ এন ডি এ ত্যাগ কৰিছিল। দলটোৱে   ২০১৯ ৰ লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিছিল।সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশলৈ গৈ চন্দ্ৰবাবু নাইডুক 'বিশ্বাসঘাতক' বুলি অভিহিত কৰিছিল। তেতিয়াৰে  পৰা টিডিপিৰ বিজেপিৰ সৈতে মিত্ৰতা হোৱা নাছিল। কিন্ত ছবছৰৰ অন্তত বিজেপিৰ সৈতে নাইডুৰ পুনৰ মিত্ৰতা হ’বলৈ গৈ আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ। বহুতে ধাৰণা কৰিছে এই বিষয়ত শীঘ্ৰে হয়তো ঘোষণা হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement