--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যবিত্তীয় গ্ৰাহকক সন্তুষ্ট কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে পুনৰ ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিছে। প্ৰসংগক্ৰমে ২০১৪ আৰু ২০১৯- দুয়োবাৰেই এনে ‘জনমুখী’ সিদ্ধান্ত নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা হৈছিল। যোৱাবাৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২০০ টকা হ্ৰাস কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া এইবাৰ প্ৰতি চিলিণ্ডাৰত ১০০ টকা কৰ্তনৰ সিদ্ধান্ত ঘোষণা কৰিছে৷


শুকুৰবাৰে বিৰোধী দলসমূহে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰে। মোদীক জব্দ কৰি তৃণমূলৰ বক্তব্য - 'দেশক প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন, আমাৰ যি আছে সেয়া হৈছে ভোট-মন্ত্ৰী'। মমতা বেনাৰ্জীৰ দলৰ অভিযোগ যে বিজেপিৰ শাসনৰ যোৱা পাঁচ বছৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বিপুল মূল্যবৃদ্ধিৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে গেছৰ মূল্য হ্ৰাস কৰাৰ কৌশল বিজেপিয়ে ব্যৱহাৰ কৰে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সাকেট গোখলেই কয়, ‘যোৱা বছৰ ৰাখী বন্ধনৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে গেছৰ মূল্য হ্ৰাস কৰিছিল। এইবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত চৰকাৰে চিলিণ্ডাৰ কৰিলে? আগতে গেছৰ দাম কিয় হ্ৰাস কৰা হোৱা নাছিল?’

তৃণমূলৰ নেতা শান্তনু সেনে বিজেপিক ‘ভাৰতীয় জুমলা পাৰ্টিৰ ছলনা’ বুলি অভিহিত কৰে। সেনে কয় যে দেশৰ ৰাইজে জানে যে ২০১৪ চনত যেতিয়া বিজেপি ক্ষমতালৈ আহিছিল তেতিয়া দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ৪০০ টকা। মোদীৰ দিনত ইয়াৰ মূল্য ১২০০ টকা হৈ পৰিছে। ইয়াৰ পূৰ্বেও দেশত এনে সস্তীয়া মূল্য কৰ্তন দেখা গৈছে। উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুমাহ ধৰি বৃদ্ধি নহ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতেই দাম বৃদ্ধি কৰিলে। এইবাৰ ১০০ টকা হ্ৰাস। পুনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ২০০ টকা বৃদ্ধি কৰা হ’ব।

চিপিএমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুজন চক্ৰৱৰ্তীয়ে কয় যে ভোটটো ডাঙৰ কথা। গতিকে প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলৰ পৰাই এই ঘোষণা কৰিব লাগিব। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে গেছৰ মূল্য আছিল ৪৫০ টকা। ইয়াৰ পাছত দাম ১১৫০ টকালৈ বৃদ্ধি পালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া তেলৰ দাম কমিছিল, তেতিয়া মোদীয়ে ভাৰতত পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছিল। 

আনহাতে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা দেশৰ মূল বিৰোধী দল কংগ্ৰেছেও মোদীৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। শুকুৰবাৰে এআইচিচিৰ মুখপাত্ৰ জয়ৰাম ৰমেশে মোদী চৰকাৰলৈ পাঁচ দফীয়া প্ৰশ্ন উত্থাপন কৰে। ৰমেশে প্ৰশ্ন উত্থাপন কৰে যে বিগত ১০ মাহ ধৰি মণিপুৰত মহিলাৰ ওপৰত সংঘটিত হোৱা নাৰীৰ ওপৰত সংঘটিত হিংসাৰ ঘটনা আৰু আনকি নগ্নতাৰ কাণ্ডৰ পাছতো প্ৰধানমন্ত্ৰীয়ে এবাৰো ৰাজ্য ভ্ৰমণ কৰা নাই। জানিব বিচাৰিছেনে মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিয়ে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক